পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭০

 (সকলো কৃষ্ণৰ কথাত কাঁহ পৰি জীণ যায়। এনেতে দেৱৰ্ষি নাৰদ আহে। সকলোৱে সেৱা কৰে। আৰু নাৰদে আসন গ্ৰহণ কৰে)

নাৰদ: সকলোৰে মঙ্গলনে?
শ্ৰীকৃষ্ণ: হয় দেৱৰ্ষি! মঙ্গলেই, পিছে পৌত্ৰ অনিৰুদ্ধ অন্তৰ্ধান হৈছে।
বলোৰাম: দেবৰ্ষি! আপুনিতো চিত্ৰজগতৰ সকলো বাতৰি জানে। আপুনি জানেনে কুমাৰ ক’ত আছে?
নাৰদ: এৰা, মই সেই বিষয়ে ক’বলৈকে আহিছিলো (শ্ৰীকৃষ্ণ ফালে চায়।) (সকলো উৎকণ্ঠিত হয়)
বলোৰাম: তেন্তে আপুনি খবৰ পাইছেনেকি?
নাৰদ: এৰা। কুমাৰ দৈত্যপতি বাণাসুৰৰ ৰাজ্যত বন্দী। (সকলো আচৰিত)
বলোৰাম: কি। কুমাৰ বন্দী? কিয় দেৱৰ্ষি? কি কাৰণত? (দেৱৰ্ষিয়ে কৃষ্ণৰ ফালে চায়)
নাৰদ: বাণকন্যা ঊষাৰ অন্তঃপুৰত গুপ্তভাৱে থকাৰ বাবে।
বলোৰাম: কি আচৰিত কথা। দেৱৰ্ষি। সকলো ভাঙি-পাতি কওকচোন।
নাৰদ: ঊষাই সপোনত কুমাৰৰ প্ৰণয়-প্ৰাৰ্থিনী হয়।
প্ৰদ্যুম্ন: সপোনত! বৰ আচৰিত কথা, পৃথিৱীত কেতিয়াও নোহোৱা-নোপজা কথা! দেৱৰ্ষি! আপুনি আজি আমাৰ আগত কোনোবা বলিয়াৰ সপোনৰ কাহিনী বিবৃত কৰিছেহিনেকি? নে কোনোবা প্ৰহেলিকাময়ী পুৰীৰ মাজেদি আহোতে আপোনাৰ ভ্ৰম হৈছে। নে কোনোবা কুহকীৰ যাদুৰ পৰশত আপোনাৰ স্মৰণ-শক্তি বিলোপ হৈ প্ৰলাপ বকছেহি। বাণৰ কন্যাই কেনেকৈ কুমাৰক সপোনত দেখিব পাৰে। দেবৰ্ষি। আজি ঈশ্বৰৰ সৃষ্টিৰ কোনোবা কুহকিনীয়ে মায়া জাল তৰি দি নিজে এনে অভিনৱ ৰাজ্যৰ সৃষ্টি কৰিছেহি য’ত যাবতীয়