পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৬৯

দুৱৰী: শেষ দূত আহি উপস্থিত
শ্ৰীকৃষ্ণ: আহিবলৈ কোৱা।

 (দুৱৰী যায়গৈ আৰু দূত সোমাই আহি সেৱা কৰে।)

দূত: প্ৰভু! আজি ইমান দিন পূৰ্বাঞ্চলৰ সকলো ৰাজ্যতে কুমাৰৰ সন্ধান কৰিলো। নগৰে নগৰে, গাঁৱে-গাঁৱে, আশ্ৰমে, পৰ্বতে-কন্দৰে, ক’তো কিন্তু কুমাৰৰ সন্ধান নাপালো। কিন্তু এটা কথা, মই দৈত্যপতি বাণৰ নগৰীত সোমাব নোৱাৰিলো। পুৰীৰ দুৱাৰ শঙ্কৰৰ তত্বাৱধানত আছে।
বলোৰাম: ক’তো নাই যদি সেই নগৰীতে কুমাৰ থকাৰ সম্পূৰ্ণ সম্ভাৱনা। মাধৱ! বাণৰ ৰাজ্যলৈ আমি বাহিনী লৈ গৈ সন্ধান কৰিব লাগিব।
শ্ৰীকৃষ্ণ: নিমাত
বলোৰাম: (উত্তেজিত হৈ) বুজিছো, তুমি এইবোৰ বুজিব পাৰিও মনে মনে আছা কিন্তু আমি এনে অপমান সহ্য কৰিব নোৱাৰো। যাদৱ বীৰসকল! প্ৰস্তুত হোৱা! পাষণ্ড দানৱে উন্নতিৰ উচ্চ শিখৰত উঠি ভাবিছে, সিহঁতেই পৃথিৱীত একমাত্ৰ বীৰ্যবান বীৰ। আহা প্ৰদ্যুম্ন! আহা! সত্যকী! অহা যাদৱ বীৰ সকল! দানৱৰ গৰ্ব চূৰ্ণ-বিচূৰ্ণ কৰি দিওঁ। কাৰ সাহ সিংহৰ শিশুক বন্দী কৰি থ’ব পাৰে?
শ্ৰীকৃষ্ণ: সঁচা কৈছা। সিংহ-শিশুক কোনে বন্দী কৰি থ’ব পাৰে। মোৰ পৌত্ৰ নিৰ্ভীক বীৰ দুৰ্জয় প্ৰভাৱ তাৰ, সি বা কোন লোকলোকৰ মাজেদি মনোৰথ মেলি ফুৰিছেগৈ। সিংহৰ পোৱালি সি মোৰ সন্দেহ হয়— আমালৈ বা সি কি বুলি অপেক্ষা কৰিব! সেই দেখিয়েই অনুমানৰ ওপৰত এনে কাম কৰা উচিত নহ’ব। যেতিয়ালৈকে আমি সঠিক বাতৰি নাপাওঁ তেতিয়ালৈকে আমি নীৰৱে অন্বেষণ কৰাই শ্ৰেয় দাদা! দানৱৰ অহঙ্কাৰ চূৰ্ণ কৰোতা আমাৰ দম্ভইহে দেখোন সীমা অতিক্ৰম কৰি যাব খুজিছে। আমাৰ বৃথা আস্ফালনত আমি নিজেই লজ্জিত হওঁ। লজ্জিত হওঁ।