শোণিত কুঁৱৰী/পঞ্চম অঙ্ক, দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৭৩ ]

 

দ্বিতীয় দৰ্শন

 (সন্ধ্যা— বাণৰ সৈন্য শিৱিৰ
দূৰত সৈন্যবোৰে গীত গাইছে। শিৱৰ আৰতিৰ ধ্বনি কাণত পৰিছেহি। মাজে মাজে শঙ্খধ্বনি হৈছে। মাজে মাজে এটা-দুটা সৈনিক আহি, বাণৰ আগত মূৰ দোঁৱাই শিবিৰৰ ফালে বেগ লৈছে)

সৈন্যৰ গীত

জয় জয় দানৱ সেৱিত মহাদেৱ
 জয় জয় ত্ৰিশূলধাৰী
জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ
 জয় ভীম বিভোল ভয়হাৰী।

বাণ: সৈন্যৰ বিজয় গীতিয়ে মোৰ বীৰত্বৰ কাহিনী ঘোষণা কৰিছে, মন্দিৰৰ শঙ্খ-ঘণ্টাই মোৰেই বিজয় প্ৰাৰ্থনা কৰিছে, শোণিতৰ আজি ঘৰে ঘৰে যুদ্ধৰ বাতৰিয়ে খলক লগাই ফুৰিছে। মোৰো ৰণ-মতলীয়া প্ৰাণে এবাৰ তাৰ মাজে মাজে আনন্দত উত্ৰাৱল হৈ হাঁহি মাৰিছে। শঙ্কৰ! বহু যুদ্ধত জয়ী কৰালা, বহু বীৰৰ দৰ্প চূৰ্ণ কৰালা, কিন্তু সমৰ তৃষ্ণা কিয় নুগুচুৱা প্ৰভু? যাদৱৰ সৈতে যুদ্ধ। সামান্য কথা। মনত সদায় ক্ষোভ ৰৈ গ’ল। উপযুক্ত প্ৰতিযোদ্ধা— উপযুক্ত প্ৰতিযোদ্ধা! জীৱনত আৰু এই আশা পূৰ্ণ নহ’ল দেখোন।

(এনেতে প্ৰসেঞ্জিত আহি সেৱা জনায়!)

প্ৰসেঞ্জিত: সেৱা গ্ৰহণ কৰক প্ৰভু।
বাণ: সেনাপতি প্ৰস্তুতনে! যাদৱবাহিনী আহি উপস্থিত।
প্ৰসেঞ্জিত: হয় প্ৰভু, প্ৰস্তুত। আপোনাৰ দাস থাকোতে আপুনি সামান্য যাদৱ বাহিনীৰ কাৰণে চিন্তিত নহ’ব প্ৰভু। যাদৱৰ বাতৰি পায়েই মই প্ৰস্তুত হৈ আছো। এতিয়া মাথোন দানৱৰ পতাকা যদু-বীৰৰ তেজেৰে ৰঞ্জিত কৰি শোণিতৰ [ ৭৪ ] আকাশত উৰুৱাবলৈহে অপেক্ষা কৰিছো। প্ৰভু, আদেশ কৰক।
বাণ: এৰা, যাদৱৰ লগত আকৌ যুদ্ধ! মাত্ৰ এখন সৰু ধেমালি। বাৰু যি হওক। তুমি যুদ্ধৰ কাৰণে প্ৰস্তুত হোৱাগৈ। অতি শীঘ্ৰে যাদৱক আক্ৰমণ কৰিবলৈ মোৰ পৰা আদেশ পাবা। যোৱা।
প্ৰসেঞ্জিত: ভাল। (সেৱা কৰি যায়গৈ)
বাণ: বহুদিন ধৰি যাদৱে মোক উপেক্ষা কৰি আহিছে। আজি আকৌ নিজেই আহি জোকাই লৈছে। কাপুৰুষহঁত! লাজ লগা নাই? শ্ৰীকৃষ্ণ— হাঃ হাঃ হাঃ তাৰ নাতি চোৰ, চোৰক উদ্ধাৰ কৰিবলৈ আহিছে গভাইত চোৰে। মই এইবাৰ চোৰৰ শাস্তি দিম। এনে কঠোৰ নিদাৰুণ শাস্তি দিম— নহয় একেবাৰে এই চোৰৰ বংশ সমূলঞ্চে নাইকিয়া কৰিম। শুই আছিলো। সঁচাকৈয়ে শুই আছিলো। মোৰ তন্দ্ৰা ভাঙি দিলেহি। মই বিচাৰ কৰিছো। চোৰৰ প্ৰাণ-দণ্ড। (শিৱৰ আবিৰ্ভাৱ)
বাণ: জয় শিৱ শম্ভো। (ভৰিত পৰে) প্ৰভু। মূৰ্খ কাপুৰুষ শ্ৰীকৃষ্ণই মোৰ পুৰী অৱৰুদ্ধ কৰিছেহি। প্ৰভু। মই তাক শাস্তি বিহিবলৈ প্ৰস্তুত হৈছো। আদেশ দিয়ক। কিন্তু প্ৰভু! কিমান দিন এনে কাপুৰুষৰ সৈতে যুদ্ধ কৰিব লাগিব? মোৰ উপযুক্ত প্ৰতিযোদ্ধা ক’ত? তেন্তে প্ৰভু। মই আজি অদ্বিতীয় বীৰনে?
শঙ্কৰ: এৰা, তয়ে অৱশ্যে অদ্বিতীয় বীৰ। কিন্তু বাণ! এইবাৰ তোৰ উপযুক্ত প্ৰতিযোদ্ধা উপস্থিত হৈছেহি, বৰ সাৱধানেৰে যুদ্ধ কৰিবি।
বাণ: (হাঁহি) অৱশ্যে উপযুক্ত প্ৰতিযোদ্ধায়েই। ভাল, তেন্তে সেই মহাবীৰৰ কি দুৰ্গতি কৰো?
শঙ্কৰ: হাঃ হাঃ হাঃ। বাৰু বাণ। মই তোৰ সিংহদ্বাৰৰ তত্ত্বাৱধানত থাকিম। তয়ো যুদ্ধৰ কাৰণে প্ৰস্তুত হগৈ।
বাণ: ভাল পিতা। (সেৱা কৰি যায়গৈ)
শঙ্কৰ: ব্যোম্ ব্যোম্। (কাৰ্তিক অহি সেৱা কৰে)
[ ৭৫ ]
কাৰ্তিক: পিতা কি আজ্ঞা।
শিৱ: নন্দী প্ৰভৃতি প্ৰথমবোৰক লৈ সিংহ দুৱাৰত নিযুক্ত থাকিবি।
কাৰ্তিক: ভাল পিতা।
শিৱ: আৰু শুন সাৱধানে যাতে এটি মাত্ৰ প্ৰাণীও পূৰীৰ দুৱাৰ পাৰ হ’ব নোৱাৰে কাকো দুৱাৰ এৰি নিদিবি স্বয়ং শ্ৰীকৃষ্ণ আহি অনুৰোধ কৰিলেও নিদিবি।
কাৰ্তিক: পিতাৰ আদেশ শিৰোধাৰ্য। (যায়গৈ)
শিৱ: আজি মই ভক্ত বাণৰ কাৰণে সকলো কৰিবলৈ ওলাইছো। বাণ! আজি তোৰ ভাগ্যত মোৰো হিংসা হৈছে! যাৰ নাম মাত্ৰ মোৰ জীৱনৰ সম্বল, যাৰ প্ৰেমৰ এটি মাত্ৰ কণা পাবলৈ মই শ্মশানবাসী— আজি তই শত্ৰুতাৰ দ্বাৰাই তেওঁৰ অনুগ্ৰহ পাই ধন্য।
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )