পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮৩

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭১

প্ৰাণীবোৰে শত সহস্ৰ বিয়পি থকা সকলো পাহৰি গৈ মায়াবিনীৰ যাদু দণ্ডৰ তালে তালে নাচি নাচি ভ্ৰান্ত হৈ উটি-বুৰি ফুৰিছে?

নাৰদ: প্ৰদ্যুম্ন— নহয়, তুমি ভুল বুজিছা। শোকত তোমাৰ এনে হৈছে মোৰ কথা সম্পূৰ্ণ সঁচা।

 (নাৰদে শ্ৰীকৃষ্ণৰ ফালে চাই থাকে শ্ৰীকৃষ্ণই গম্ভীৰভাৱে শুনি যায়)

বলোৰাম: বৰ আচৰিত যেন লাগিছে
শ্ৰীকৃষ্ণ: (নিৰ্বিকাৰভাৱে) বাৰু, তাৰ পিছত কুমাৰে কেনেকৈ সেইখিনি পালেগৈ?
দেবৰ্ষি: তাৰ পিছত ঊষাৰ সখীয়েক চিত্ৰলেখা আহি কুমাৰক ইয়াৰ পৰা ভুলাই লৈ গল’হি।
শ্ৰীকৃষ্ণ: চিত্ৰলেখা! ওঁ হ’ব পাৰে।
প্ৰদ্যুম্ন: উস্! মই সহিব নোৱৰা হৈছো পিতা! উপায় কৰক, আদেশ দিয়ক, গোটেই যাদৱবাহিনী লৈ কুমাৰক উদ্ধাৰ কৰি আনোগৈ।
নাৰদ: পিছে বাণে জীয়েকৰ গুপ্তপ্ৰণয়ৰ কথা শুনি কুমাৰৰ সৈতে যুদ্ধ কৰে। বাণৰ হাতত কুমাৰ পৰাজিত হয় অৱশেষত। নাগপাশৰ বন্ধন ল’বলৈ কুমাৰ বাধ্য হয়। কিন্তু কুমাৰে নাগপাশ ছিঙিব নোৱাৰিলে। তাৰে পৰা কুমাৰ বন্দী।
বলোৰাম: বুজিলো যুদ্ধ অনিবাৰ্য। সকলো প্ৰস্তুত হ’ব লাগে।
শ্ৰীকৃষ্ণ: দাদা কুমাৰৰ কিবা ত্ৰুটি হৈছিল, সেই কাৰণে বীৰ্যহীন হৈ নাগপাশৰ পৰা মুক্ত হ’ব নোৱাৰিলে। বাৰু যি নহওক, এতিয়া কুমাৰৰ উদ্ধাৰৰ আৱশ্যক যুদ্ধ নকৰি আমি বাণক কুমাৰক মুক্তি দিবলৈ আদেশ দিওঁ। বৃথাই যুদ্ধ কৰাৰ প্ৰয়োজন নাই সাত্যকি! তুমি জানো যুঁজ কৰিবলৈ প্ৰস্তুত।
সত্যকি: হয় প্ৰভু! মই যুঁজ কৰিবলৈ প্ৰস্তুত। ইমান অপমান সহিও আকৌ দানৱৰ সৈতে সন্ধি কৰি কুমাৰক অনা বৰ