পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮৩

(বাণক) বাণ, বীৰ তুমি, মহা শক্তিশালী তুমি, অসহায় কুমাৰক বন্দী কৰাত তোমাৰ বীৰত্বৰ কোনো গৌৰৱ হোৱা নাই। কুমাৰ যাদৱৰ হাতত সমৰ্পণ কৰিলে তোমাৰ কীৰ্তি তোমাৰ মহত্ত্ব চন্দ্ৰ-দিবাকৰ থাকে মানে অটুট হৈ থাকিব।

শঙ্কৰ: সঁচা সঁচা সঁচা। ভুল, ভুল। আহা আলিঙ্গন দিয়া। এবাৰ দুয়োৰো প্ৰাণৰ স্পন্দন দুয়ো শুনাহক। (দুয়ো আলিঙ্গন কৰে) বাণ! তুমি ভুল কৰিছা। যাক মই আপোন পাহৰি শত্ৰু বুলি বাধা দিছিলো,— বাণ বাণ— শত্ৰুতো নহয়— চোৱা বাণ! এয়া চিৰআৰাধ্য তোমাৰ জন্ম-জন্মান্তৰ প্ৰাণৰ দেৱতা আজি শত্ৰুৰূপে তোমাৰ দুৱাৰত থিয় দি তোমাৰ পৰীক্ষা লৈছেহি।
বাণ: (শ্ৰীকৃষ্ণৰ মুখৰ ফালে চাই চাই বিভোল হৈ যায়— চকুৱেদি ভক্তিৰ অশ্ৰু বাগৰি পৰে) দেখিছো, দেখিছো, চিনিছো তোমাক প্ৰভু! হে শ্যামকলেৱৰ চিৰ সুন্দৰ চিৰ আৰাধ্য দেৱতা! ইমান দিন তুমি ক’ত লুকাই আছিলা? হাঁহাকাৰ কৰি তোমাক বিচাৰি ফুৰিছিলো— হাতত পায়ো আজি চিনিব নোৱাৰিছিলো। আহা আহা প্ৰভু আহা মোক্ষ— আহা মুক্তি ভকতৰ শিৰত তোমাৰ পাদপদ্ম থোৱাহি— (শ্ৰীকৃষ্ণৰ ভৰিত গবা মাৰি ধৰি সেৱা কৰি থাকে।)
শ্ৰীকৃষ্ণ: বাণ, সঁচাই বিজয়ী তুমি। তুমি মোক জয় কৰিলা। আহা, আহা মোৰ বিজয়া ভক্ত! মোক আলিঙ্গন দিয়া।

(বাণক তুলি বুকুত সাবটি ধাৰে)

শঙ্কৰ: হাঃ হাঃ হাঃ! ভক্ত ভগৱানৰ মিলন চোৱা, ব্যোম্ ব্যোম্

(নৃত্য কৰে)

বাণ: অজিয়েই তেন্তে পিতাৰ সাক্ষাতত মোৰ জীয়ৰী ঊষাক কুমাৰ অনিৰুদ্ধক সমৰ্পণ কৰো। এজনী কন্যা মোৰ, চৰণত ঠাই দিবা প্ৰভু পৌত্ৰবধু বুলি। এনে শুভ দিনেই এই কাৰ্যৰ উপযুক্ত। আজি এই দিন পৃথিৱীত স্মৰণীয় হওক ভক্ত