পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৯৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৮২

লস্। শ্ৰীকৃষ্ণই কি সাংঘাতিক অস্ত্ৰৰ অৱতাৰণা কৰিছে,— ভয়ত দানৱবোৰ কেনেকৈ চিঞৰি উঠিছে— সৌৱা সৌৱা বাণে তাক ব্যৰ্থ কৰিবলৈ কি চেষ্টা কৰিছে চোৱা এইফালে দানৱবোৰ হুহকি আহিব লাগিছে— সৌৱা কৃষ্ণৰ অব্যৰ্থ শৰসন্ধানে কেনেকৈ বাণক পাছ হোঁহকাই আনিছে— বলা আমি আঁতৰি যাওঁ এতিয়াই এই ক্ষেত্ৰ ভীষণ যুদ্ধস্থলীত পৰিণত হ’ব—

 (দুয়ো পাছ হুহকি যায়গৈ। উৰ্মি বাঢ়ি আহে। বাণ পাছ হুহকি যুদ্ধ কৰি আহি থাকে আৰু শ্ৰীকৃষ্ণৰ শৰ আহি বাণৰ গাত পৰে। বাণৰ হাতৰপৰা শৰৰ কোবত ধনু পৰি যায়। শ্ৰীকৃষ্ণ আগবাঢ়ি আহোতেই শঙ্কৰে ঘোৰ মূৰ্তিৰে শ্ৰীকৃষ্ণৰ আগত থিয় হৈ ত্ৰিশূল দাঙি ‘সাৱধান’ বুলি আক্ৰমণ কৰিবলৈ উদ্যত হয়, আৰু শ্ৰীকৃষ্ণই ধনু এৰি সুদৰ্শন চক্ৰ লৈ ভীষণ মূৰ্তিৰে নিক্ষেপ কৰিবলৈ উদ্যত হয়। দুয়োৰো মূৰ্তি ভীষণ প্ৰলয়কাৰী হয়। চাৰিওফালৰ সকলো ভয়ত কঁপিবলৈ ধৰে। এনেতে ব্ৰহ্মাই আকাশীবাণী কৰে।)

ব্ৰহ্মা: “ক্ষান্ত হওক, ক্ষান্ত হওক। দুয়ো আপোন-পাহৰা হৈ নিজৰ সৃষ্টি ধ্বংস নকৰিব। ভোলানাথ! ক্ৰোধ সম্বৰণ কৰক। ভুল নকৰিব, ভুল নকৰিব।

 (দুয়ো অস্ত্ৰ সম্বৰণ কৰে। শঙ্কৰে নিজৰ আচৰণত অলপ অপ্ৰস্তুত হয়।)

শঙ্কৰ: সঁচা কথা। মই আপোন-পাহৰা হৈছিলো।
শ্ৰীকৃষ্ণ: এৰা। তোমাৰ বুজাত ভুল। নৰদেহধাৰী মই, স্নেহৰ পৌত্ৰক ৰক্ষা কৰিবলৈ যদুকুল অধিপতি মই, যাদৱৰ গৌৰৱ অক্ষুন্ন ৰাখিবলৈ বাণক দমন কৰিবই লাগিব। তোমাৰে সৈতে বিৰোধ হৈও; ত্ৰিভুবন যদি ধ্বংস-হয়, নতুন সৃষ্টিৰো যদি আৱশ্যক হয় তথাপি বৰ্তমান ক্ষেত্ৰত দুষ্কৃতৰ বিনাশৰ বাবে তোমাৰ আশ্ৰিত হলেও মই বাণক শাস্তি দিবই লাগিব।