পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮৫

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৭৩


 

দ্বিতীয় দৰ্শন

 (সন্ধ্যা— বাণৰ সৈন্য শিৱিৰ
দূৰত সৈন্যবোৰে গীত গাইছে। শিৱৰ আৰতিৰ ধ্বনি কাণত পৰিছেহি। মাজে মাজে শঙ্খধ্বনি হৈছে। মাজে মাজে এটা-দুটা সৈনিক আহি, বাণৰ আগত মূৰ দোঁৱাই শিবিৰৰ ফালে বেগ লৈছে)

সৈন্যৰ গীত

জয় জয় দানৱ সেৱিত মহাদেৱ
 জয় জয় ত্ৰিশূলধাৰী
জয় শিৱ শঙ্কৰ জয় জয় বিষধৰ
 জয় ভীম বিভোল ভয়হাৰী।

বাণ: সৈন্যৰ বিজয় গীতিয়ে মোৰ বীৰত্বৰ কাহিনী ঘোষণা কৰিছে, মন্দিৰৰ শঙ্খ-ঘণ্টাই মোৰেই বিজয় প্ৰাৰ্থনা কৰিছে, শোণিতৰ আজি ঘৰে ঘৰে যুদ্ধৰ বাতৰিয়ে খলক লগাই ফুৰিছে। মোৰো ৰণ-মতলীয়া প্ৰাণে এবাৰ তাৰ মাজে মাজে আনন্দত উত্ৰাৱল হৈ হাঁহি মাৰিছে। শঙ্কৰ! বহু যুদ্ধত জয়ী কৰালা, বহু বীৰৰ দৰ্প চূৰ্ণ কৰালা, কিন্তু সমৰ তৃষ্ণা কিয় নুগুচুৱা প্ৰভু? যাদৱৰ সৈতে যুদ্ধ। সামান্য কথা। মনত সদায় ক্ষোভ ৰৈ গ’ল। উপযুক্ত প্ৰতিযোদ্ধা— উপযুক্ত প্ৰতিযোদ্ধা! জীৱনত আৰু এই আশা পূৰ্ণ নহ’ল দেখোন।

(এনেতে প্ৰসেঞ্জিত আহি সেৱা জনায়!)

প্ৰসেঞ্জিত: সেৱা গ্ৰহণ কৰক প্ৰভু।
বাণ: সেনাপতি প্ৰস্তুতনে! যাদৱবাহিনী আহি উপস্থিত।
প্ৰসেঞ্জিত: হয় প্ৰভু, প্ৰস্তুত। আপোনাৰ দাস থাকোতে আপুনি সামান্য যাদৱ বাহিনীৰ কাৰণে চিন্তিত নহ’ব প্ৰভু। যাদৱৰ বাতৰি পায়েই মই প্ৰস্তুত হৈ আছো। এতিয়া মাথোন দানৱৰ পতাকা যদু-বীৰৰ তেজেৰে ৰঞ্জিত কৰি শোণিতৰ