পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৭৪

আকাশত উৰুৱাবলৈহে অপেক্ষা কৰিছো। প্ৰভু, আদেশ কৰক।

বাণ: এৰা, যাদৱৰ লগত আকৌ যুদ্ধ! মাত্ৰ এখন সৰু ধেমালি। বাৰু যি হওক। তুমি যুদ্ধৰ কাৰণে প্ৰস্তুত হোৱাগৈ। অতি শীঘ্ৰে যাদৱক আক্ৰমণ কৰিবলৈ মোৰ পৰা আদেশ পাবা। যোৱা।
প্ৰসেঞ্জিত: ভাল। (সেৱা কৰি যায়গৈ)
বাণ: বহুদিন ধৰি যাদৱে মোক উপেক্ষা কৰি আহিছে। আজি আকৌ নিজেই আহি জোকাই লৈছে। কাপুৰুষহঁত! লাজ লগা নাই? শ্ৰীকৃষ্ণ— হাঃ হাঃ হাঃ তাৰ নাতি চোৰ, চোৰক উদ্ধাৰ কৰিবলৈ আহিছে গভাইত চোৰে। মই এইবাৰ চোৰৰ শাস্তি দিম। এনে কঠোৰ নিদাৰুণ শাস্তি দিম— নহয় একেবাৰে এই চোৰৰ বংশ সমূলঞ্চে নাইকিয়া কৰিম। শুই আছিলো। সঁচাকৈয়ে শুই আছিলো। মোৰ তন্দ্ৰা ভাঙি দিলেহি। মই বিচাৰ কৰিছো। চোৰৰ প্ৰাণ-দণ্ড। (শিৱৰ আবিৰ্ভাৱ)
বাণ: জয় শিৱ শম্ভো। (ভৰিত পৰে) প্ৰভু। মূৰ্খ কাপুৰুষ শ্ৰীকৃষ্ণই মোৰ পুৰী অৱৰুদ্ধ কৰিছেহি। প্ৰভু। মই তাক শাস্তি বিহিবলৈ প্ৰস্তুত হৈছো। আদেশ দিয়ক। কিন্তু প্ৰভু! কিমান দিন এনে কাপুৰুষৰ সৈতে যুদ্ধ কৰিব লাগিব? মোৰ উপযুক্ত প্ৰতিযোদ্ধা ক’ত? তেন্তে প্ৰভু। মই আজি অদ্বিতীয় বীৰনে?
শঙ্কৰ: এৰা, তয়ে অৱশ্যে অদ্বিতীয় বীৰ। কিন্তু বাণ! এইবাৰ তোৰ উপযুক্ত প্ৰতিযোদ্ধা উপস্থিত হৈছেহি, বৰ সাৱধানেৰে যুদ্ধ কৰিবি।
বাণ: (হাঁহি) অৱশ্যে উপযুক্ত প্ৰতিযোদ্ধায়েই। ভাল, তেন্তে সেই মহাবীৰৰ কি দুৰ্গতি কৰো?
শঙ্কৰ: হাঃ হাঃ হাঃ। বাৰু বাণ। মই তোৰ সিংহদ্বাৰৰ তত্ত্বাৱধানত থাকিম। তয়ো যুদ্ধৰ কাৰণে প্ৰস্তুত হগৈ।
বাণ: ভাল পিতা। (সেৱা কৰি যায়গৈ)
শঙ্কৰ: ব্যোম্ ব্যোম্। (কাৰ্তিক অহি সেৱা কৰে)