৭৫
শিৱ:
|
নন্দী প্ৰভৃতি প্ৰথমবোৰক লৈ সিংহ দুৱাৰত নিযুক্ত থাকিবি।
|
শিৱ:
|
আৰু শুন সাৱধানে যাতে এটি মাত্ৰ প্ৰাণীও পূৰীৰ দুৱাৰ পাৰ হ’ব নোৱাৰে কাকো দুৱাৰ এৰি নিদিবি স্বয়ং শ্ৰীকৃষ্ণ আহি অনুৰোধ কৰিলেও নিদিবি।
|
কাৰ্তিক:
|
পিতাৰ আদেশ শিৰোধাৰ্য। (যায়গৈ)
|
শিৱ:
|
আজি মই ভক্ত বাণৰ কাৰণে সকলো কৰিবলৈ ওলাইছো। বাণ! আজি তোৰ ভাগ্যত মোৰো হিংসা হৈছে! যাৰ নাম মাত্ৰ মোৰ জীৱনৰ সম্বল, যাৰ প্ৰেমৰ এটি মাত্ৰ কণা পাবলৈ মই শ্মশানবাসী— আজি তই শত্ৰুতাৰ দ্বাৰাই তেওঁৰ অনুগ্ৰহ পাই ধন্য।
|
(যাদৱ শিবিৰ। প্ৰদ্যুম্ন, সাত্যকি আৰু কেইজনমান সেনা। প্ৰদ্যুম্ন আৰু সাত্যকি দুয়ো কথা পাতি আছিল।)
সাত্যকি:
|
এৰা, সঁচা কৈছা বৰ সুন্দৰ। ইয়াৰ প্ৰকৃতিৰ সৌন্দৰ্যতেই আমি ভোল গৈছো। অনিৰুদ্ধই ইয়াৰ নাৰীৰ সৌন্দৰ্যত ভোল নাযাবই বা কিয়? (বলোৰাম আহে)
|
বলোৰাম:
|
কি? সাত্যকি? আমাৰ আৰু এনেকৈ কিমান দিন বহি থাকিবা। আমি এতিয়া আক্ৰমণ কৰাই উচিত। তোমালোক দেখোন যুদ্ধ কৰিবলৈ আহি সকলো পাহৰি মায়ামুগ্ধৰ দৰে বহি আছা। (শ্ৰীকৃষ্ণ সোমাই আহে)
|
মাধৱ:
|
মই এতিয়া কি কৰিব লাগিব?
|
শ্ৰীকৃষ্ণ:
|
গম্ভীৰ হৈ। মই এটা কথা ভাবিছো।
|
শ্ৰীকৃষ্ণ:
|
যুদ্ধ কৰাৰ আগেয়ে মই এবাৰ সন্ধিৰ প্ৰস্তাৱ কৰি চাব খোজো।
|