এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৮
গীত
সপোন পাৰৰ মই সপোন কুঁৱৰী।
অমিয়ামাধুৰী মই আনো কুহকিনী
মই যে মায়াবিনী মই যে বিচাৰী॥
হাঁহি কান্দোনৰ কথা দিওঁ সুঁৱৰি।
সুখ দুখ, কত চাওঁ,
হাঁহো মৃদু মৃদু কৰি।
মদন: | কিহে, সপোন সখী! পালাহিনেকি? ভগৱতীয়ে তোমাৰ কথাও কৈছিল বোলে, তোমালোক যোৱা, সপোনক মই পঠাই দিম। পিছে সময় হৈছে নহয়নে? |
স্বপ্নদেৱী: | ওঁ ওঁ, খৰ কৰিব লাগিল, ব’লা। বহু নিশা হৈছে। মই তেন্তে আগবাঢ়ো দেই। |
মদন: | বাৰু, আমি গৈছো ব’লা। |
(স্বপ্নদেৱী যায়গৈ আৰু মদন-ৰতিয়ে গাই গাই যায়।)
তৃতীয় দৰ্শন
(ঊষাৰ শয়ন মন্দিৰ। পালঙ্কত ঊষা টোপনিত। গৱাক্ষ এখন মুকলি হৈ আছিল। সেইফালেদি আকাশত তৰাবোৰ তিৰ বিৰাই জ্বলি থকা দেখা গৈছিল। মদন-ৰতিয়ে সেইফালেদি ঊষালৈ চাই ফুলশৰ মাৰিবলৈ চুপি আছিল। স্বপ্নদেৱী লাহে লাহে আৱিৰ্ভাৰ হয়। ঊষাৰ ফালে একান্ত মনেৰে চায়।)
স্বপ্নদেৱী: | ইমান সুন্দৰী, ইমান ৰূপহী তুমি ঊষা! আন্ধাৰ কোঠালি পোহৰাই যেন এটি ৰূপৰ বন্তি জ্বলিহে আছে। সৌন্দৰ্যদেৱী! তুমি তোমাৰ ৰূপৰ আকৰ তেনেই উবুৰিয়াই ইয়াতে ঢালি দিলাহিনেকি। ঊষা! তুমিতো অকলে শুই থকা নাই! তোমাৰ সৈতে শত সুন্দৰীৰ সৌন্দৰ্য, শত যৌৱনমুগ্ধা ৰূপহীৰ কামনা, শত প্ৰেমিকাৰ আকুল আবেগ, শত যুৱতীৰ মিলন- |