২০
|
এইফালে পৰি পৰি গ’ল।— আহা। আকৌ আহা।— ৰূপৰাশি লৈ মধুৰ চাৱনি লৈ— কোমল— আহা, আহা— মই যে চিৰপ্ৰতীক্ষাত সেই মৌ-নিজৰা— দুখনি মোৰ ওঁঠত— নিপোটল গাল দুখনি— আহা মোৰ এই দুকুল উপচি পৰা বুকুত বুকুখনি ক’লৈ গ’ল! মোৰ সোৱাদ নৌ লওঁতেই— প্ৰণয়ে আৱৰি ধৰোতেই। ক’লৈ গুচি গ’ল— মোৰ উৰুঙা কৰি চিৰবাঞ্ছিত অনিন্দ্য সুন্দৰ! হিয়াতে গুমৰি থকা পৰিপূৰ্ণ বাসনাত অপূৰ্ণতা থৈ!!
|
(ঊষাৰ বিননি শুনি চিত্ৰলেখাই আনটো কোঠাৰপৰা চকু মোহাৰি মোহাৰি লৰি সোমাই আহে। চিত্ৰৰ ৰিহা মাটিত চুচৰি আহে, চুলিবোৰ আউলি-বাউলি হৈ থাকে। ঊষাৰ বাহুত ধৰি।)
চিত্ৰ:
|
সখী, সখী, কি হ’ল? কি?
|
ঊষা:
|
(ঊষাই চক্ খাই চিত্ৰৰফালে চাই) ক’লৈ গ’ল? ক’ত থলা? ক’ত লুকুৱালা? কোৱা— কোৱা চিত্ৰসখী— কোৱা— কোৱা!
|
চিত্ৰ:
|
কোন? কোন? কাৰ কথা কৈছা?
|
ঊষা:
|
কোৱা সখী! মই সহিব নোৱাৰো। আনি দিয়া। ক’ত লুকুৱালা— এইপিনে সখী— এইপিনে— গুচি গ’ল? নাই যোৱা।— আছে, আছে। ক’ত আছে? কোৱা? কোৱা? সখী, সখী, মোৰ কি হ’ল? কি হ’ল? কি হ’ল?
|
চিত্ৰ:
|
(বৰ আচৰিত হৈ) কোন? কোন?
|
ঊষা:
|
নোকোৱা?— কোৱা, কোৱা? কোনপিনে সখী— চোৱা চোৱা— কোনপিনে সখী, কোনপিনে???
|
(চিত্ৰক গবা মাৰি ধৰি মুখলৈ আকুল হৈ চাই থাকে। চিত্ৰই আচৰিত হৈ বুজিব নোৱাৰি ঊষাৰ মুখলৈ চাই থাকে।)