পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

১৯

বাসনা নিচুক হৈ কোনোবা নজনা-নিচিনা দেশৰ প্ৰাণৰ অতিথিলৈ প্ৰতীক্ষা কৰিছে। সৌৱা মই দেখিব লাগিছো, তোমাৰ মিলন-বাসনা তীব্ৰ চকু-যুৰিৰে, সৌৱা যৌৱন-মতলীয়া দেহ কাৰোবাৰ পৰশ পাবলৈ উত্ৰাৱল, সৌৱা তোমাৰ প্ৰেম কাৰোবাক আৱৰি ল’বলৈ দুকুল ভৰি উপচি পৰিছে। তোমাৰ হৃদয় কোনোবা সুন্দৰৰ প্ৰতীক্ষাত উজাগৰে থাকি বিনাব লাগিছে। ঊষা, আজি তোমাৰ সেই চিৰবাঞ্ছিতজন চিৰপ্ৰতীক্ষাৰ নজনা দেশৰ নিচিনা লোকৰ অচেতন মানসমূ্ৰ্তিটি মোৰ যাদুৰ পৰশত সজীৱ হৈ উঠক। যৌৱন-যামিনীৰ সোণালী সপোন দিঠকত পৰিণত হওক।

 (অনিৰুদ্ধৰ ছায়ামূৰ্তি অস্পষ্টভাৱে ওলাই আহে। লাহে লাহে অনিৰুদ্ধৰ মূৰ্তি স্পষ্ট হৈ জিলিকি উঠে, মিচিকিয়াই হাঁহি হাঁহি অনিৰুদ্ধৰ ছায়ামূৰ্তিয়ে ঊষালৈ একান্তমনে চাই ভোল যায়। এবাৰ মুখ ঊষাৰ ওচৰলৈ লৈ যায়, আকৌ আঁতৰাই নিয়ে। ঊষাই টোপনিত অনিৰুদ্ধৰ ছায়ামূৰ্তিক সাবটিবলৈ যায়। অনিৰুদ্ধৰ ছায়ামূৰ্তিয়ে হাঁহি হাঁহি পালঙ্কত আঁঠুপাতি বহি ঊষাক সাবটি ধৰি চুমা খায়। মদনৰ ফুলৰ শৰ দুয়োৰে গাত পৰেহি। টোপনিত ঊষা কিবা এটা আবেগ স্পন্দনত কঁপি উঠে। অনিৰুদ্ধৰ ছায়ামূৰ্তি হাঁহি হাঁহি ঊষাৰ ফালে চাই চাই আঁতৰি যায়। ঊষাই হাত মেলি সাবটিবলৈ ৰৈ থাকে। আৰু দূৰলৈ যায়। ঊষাই পালঙ্কত আঁঠুপাতি বহি হাত মেলি ধৰিবলৈ ৰৈ থাকে। ৰাতিপুৱায়া পুৱঁতীৰ প্ৰথম সূৰ্যৰ কিৰণৰ এটা ক্ষীণ আলোকৰেখা ঊষাৰ গাত পৰেহি। ছায়ামূৰ্তি নাইকিয়া হয়। স্বপ্নদেৱী ৰতি মদন সকলো অন্তৰ্দ্ধান হয়। ঊষা অলপ সজাগ হয়। অলোক ৰেখাৰ ফালে চাই আকৌ বিমনা হয়।)

ঊষা: (হাত মেলি আলোক ৰেখা চুই চুই) ক’তা?— ক’লৈ গ’ল? এইপিনেই গুচি গ’লগৈ কিয়? এয়া সৌন্দৰ্যবোৰ