শোণিত কুঁৱৰী/তৃতীয় অঙ্ক, দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
[ ৩১ ]
 

দ্বিতীয় দৰ্শন

 (দ্বাৰকাৰ কুমাৰ প্ৰাসাদ। এখন আসনত বহি অনিৰুদ্ধই অকলে ভাবি আছিল। )

অনিৰুদ্ধ: মইতো একো বুজিব পৰা নাই। ই কি কুহক, ই কি মায়া? মই যেন এতিয়া এটা সোণোৱালী সেঁৱৰণিৰ মাজেদি উটি গৈছো। ইমান অস্পষ্ট তথাপি ইমান সুন্দৰ, ইমান মধুৰ? ইতো পৃথিৱীৰ একো নহয়, মোৰ জীৱনৰ এটা সুন্দৰ দিঠকৰ নেদেখা সপোন, কল্পনাৰ স্তৰে স্তৰে উজ্বলি উজ্বলি মোক সজাগ কৰি তুলিছেহি।

(এনেতে দূৰৰপৰা গীতটি উটি আহে।)

গীত

সেই নিমাতী প্ৰতিমাখনি—
 হঁহা নাই
 হঁহা নাই,
 হঁহা নাই,
 হঁহা নাই।

অনিৰুদ্ধ: হঁহা নাই, চোৱা নাই, কথা কোৱা নাই; নীৰৱ নিস্পন্দ, নিমাত অস্পষ্ট। অস্পষ্ট যদিও তুমি ইমান স্পষ্ট কিয়? সৌৱা মই নাই দেখা যদিও, নাই শুনা যদিও— কি মধুৰ কণ্ঠস্বৰ মই শুনিব লাগিছো, কি অবৰ্ণনীয় সৌন্দৰ্য মই দেখিব লাগিছো, কি তীব্ৰ কটাক্ষই মোক বলিয়া কৰিছে— কি মোহিনীয়ে মোক বিভোল কৰিছেহি। কি? একো নাই। তথাপি আছে।— সৌৱা, সৌৱা মই দেখিছো চাওঁ চাওঁকৈ চাব পৰা নাই— মোৰ আগলৈ ওলাওঁ ওলাওঁকৈ ওলাই অহা নাই। কি প্ৰহেলিকা— মোক মন্ত্ৰমুগ্ধ কৰি নাচে নাচে লৈ ফুৰাইছে।

(কিছু বেলি মনে মনে থাকে)

[ ৩২ ]

কোন জনমৰ প্ৰেয়সী
তুমি? অভেদ অছেদ সেই
প্ৰণয়ৰ জৰিডালি, আজিও
নিছিগি আছে ৰৈ, সেইহে
আহিছা নেকি বিচাৰি
বিচাৰি প্ৰিয়তম বুলি
আজি মোৰ কাষলৈ?
কত জন্ম ধৰি মোৰ প্ৰেয়সী
আছিল, আক’ আহি হবাহি
প্ৰেয়সী, সেইদেখি আহিছানে
তুমি? আহা আহা
প্ৰিয়তমা আহা।
আজি মোৰ যৌৱনৰ
জোনাক যামিনী— বাট চাই
আছে মোৰ প্ৰাণে।
সেইহে আহিলা নে কি?
নুফুলো-নুফুলোকৈ প্ৰতি
পলে ফুলি অহা নেদেখো-
নেদেখাকৈ বাৰে বাৰে
দেখি থকা শত জনমৰ
মোৰ চিনাকি সুন্দৰী?

 (ভাবি-গুণি বহি থাকে আৰু কিছুপৰৰ পাছত থৰ হৈ এফালে চায়। সনাতন সোমাই আহে। অনিৰুদ্ধই চক্ খাই উঠে।)

সনাতন: কিহে, তুমি কি ভাবছা? তোমাৰ মুখৰ বৰণ দেখোন কেনেবা? আজি এই বসন্ত দিনত প্ৰকৃতিৰ দৰে তুমিও উন্মাদ হ’ব খুজিছানেকি? তোমাৰ গাত কিহবাৰ বায়ু লাগিছেহিনেকি?
[ ৩৩ ]
অনিৰুদ্ধ: সনাতন! এৰা তুমি ঠিক কৈছা। আজি মোৰ যৌৱনৰ বসন্ত দিনত সমীৰণে কিবা মদিৰা উটাই আনি মোৰ গাত ঢালি দিছেহি, তাৰ তীব্ৰ গোন্ধত মই মতলীয়া হ’ব খুজিছো।
সনাতন: নহয়। তোমাৰ মুখৰ বৰণে, তোমাৰ চকুৱে কৈছে এই মদিৰা পান কৰি কিবা বৰ বিয়াকুল হৈ বিচাৰিব লাগিছা। সঁচাকৈয়ে আজি এই যৌৱন দিনা তোমাৰ চৌপাশ উৰুঙা লাগিছেনেকি?
অনিৰুদ্ধ: সনাতন! তুমি এক মহা দাৰ্শনিক নাইবা মনস্তত্ত্ববিদ্। এতিয়া যদিও নহয় সিজনমত আছিলা। সেইহে সিজনমৰ সাধনালব্ধ শিক্ষা এই জনমতো তোমাৰ মনৰ মাজেদি বিৰিঙি উঠিছেহি। সনাতন! সঁচাকৈয়ে মই কিবা বিচাৰিছো। পাইছোও! কিন্তু ধৰিব পৰা নাই, চাব পৰা নাই। সনাতন! মোক ধৰা দিয়া নাই। বৰ অস্পষ্ট, বৰ অস্পষ্ট।
সনাতন: (হাঁহি কিছুপৰ মনে মনে থাকি) ওঁ অনিৰুদ্ধ। বুজিছো। কোনোবা জনমৰ স্মৃতি আহি তোমাৰ মনত জাগি উঠিছে। নাইবা কাৰোবাৰ তীব্ৰ আকাঙ্ক্ষাৰ ৰশ্মি তোমাৰ মনত বৰ ক্ষীণ হৈ পৰিছেহি।
অনিৰুদ্ধ: সঁচা সঁচা সঁচা। সনাতন! মই দেখিব লাগিছো, তথাপিও দেখা নাই। মই শুনিও শুনা নাই। (এফালে নীৰৱ হৈ চাই) সনাতন! সৌৱা সৌৱা দেখিছো, কিন্তু ইমান অস্পষ্ট বিৰিঙি উঠা নাই। আন্ধাৰ ধোঁৱাবৰণীয়া! আৱৰণ ভেদ কৰি তেওঁ ওলাই অহা নাই। ফুলি উঠা, ফুলি উঠা মোৰ এই শূইন জীৱন উজ্জ্বল কৰি পুৱতিৰ প্ৰথম সেন্দূৰীয়া হাঁহিমুৱা সূৰুযৰ দৰে তুমি আন্ধাৰৰ পৰা লাহে লাহে ওলাই আহা— আহা।

 (বলিয়াৰ দৰে সেইফালে চাই চাই গুচি যায়। সনাতনো যায়গৈ।)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )