এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩১
দ্বিতীয় দৰ্শন
(দ্বাৰকাৰ কুমাৰ প্ৰাসাদ। এখন আসনত বহি অনিৰুদ্ধই অকলে ভাবি আছিল। )
অনিৰুদ্ধ: | মইতো একো বুজিব পৰা নাই। ই কি কুহক, ই কি মায়া? মই যেন এতিয়া এটা সোণোৱালী সেঁৱৰণিৰ মাজেদি উটি গৈছো। ইমান অস্পষ্ট তথাপি ইমান সুন্দৰ, ইমান মধুৰ? ইতো পৃথিৱীৰ একো নহয়, মোৰ জীৱনৰ এটা সুন্দৰ দিঠকৰ নেদেখা সপোন, কল্পনাৰ স্তৰে স্তৰে উজ্বলি উজ্বলি মোক সজাগ কৰি তুলিছেহি। |
(এনেতে দূৰৰপৰা গীতটি উটি আহে।)
গীত
সেই নিমাতী প্ৰতিমাখনি—
হঁহা নাই
হঁহা নাই,
হঁহা নাই,
হঁহা নাই।
অনিৰুদ্ধ: | হঁহা নাই, চোৱা নাই, কথা কোৱা নাই; নীৰৱ নিস্পন্দ, নিমাত অস্পষ্ট। অস্পষ্ট যদিও তুমি ইমান স্পষ্ট কিয়? সৌৱা মই নাই দেখা যদিও, নাই শুনা যদিও— কি মধুৰ কণ্ঠস্বৰ মই শুনিব লাগিছো, কি অবৰ্ণনীয় সৌন্দৰ্য মই দেখিব লাগিছো, কি তীব্ৰ কটাক্ষই মোক বলিয়া কৰিছে— কি মোহিনীয়ে মোক বিভোল কৰিছেহি। কি? একো নাই। তথাপি আছে।— সৌৱা, সৌৱা মই দেখিছো চাওঁ চাওঁকৈ চাব পৰা নাই— মোৰ আগলৈ ওলাওঁ ওলাওঁকৈ ওলাই অহা নাই। কি প্ৰহেলিকা— মোক মন্ত্ৰমুগ্ধ কৰি নাচে নাচে লৈ ফুৰাইছে। |
(কিছু বেলি মনে মনে থাকে)