এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৫
বাটৰুৱা: | ওঁ খাবতো! পিছে মন খালেনো হ’ব কি? নাখালেও বা হ’ব কি? আমি যেনে আছো সেয়েই— উস্ মানুহজনীও কম ধুনীয়া নহয় দিয়া। |
চিত্ৰ: | (হাঁহি) বাৰু মানুহজনী যেনিবা নাপালেই, ছবিখনতো পাব। ছবিখনকে লৈ নাযায় কিয়? ইমানকৈ যদি মন খাইছে নিয়ক। দামো সস্তা, বস্তুও বৰ ভাল, আপোনাক আৰু অলপ সস্তাতে দিম। |
বাটৰুৱা: | এৰা এৰা, সেই বুলিয়েই ধনকেটা সৰকাব খুজিছা হ’বলা। এইখন নি আমি কৰিম কি? ধোঁৱাচাঙত তুলি থৈ ইফালে মূৰ ভুকুৱাই মৰিলেহে হ’ব। |
চিত্ৰ: | যাওক হেৰি! ধুনীয়া বস্তুটোনো কেনেকৈ এৰি যায়? আপোনাৰ বাৰু ছবিখনলৈ মৰম লগা নাইনে? নিয়ক, দাম সস্তা। ঘৰৰ বেৰত আঁৰি থ’ব। দেখি মনটোও ভাল লাগি থাকিব আৰু ঘৰটোও দেখিবলৈ শুৱনি হৈ থাকিব। |
বাটৰুৱা: | এৰা, (মূৰ খজুৱাই) তুমি দেখিছো কম নহয়। ল’বৰ মনো গৈছে। বাৰু দামনে কি? |
চিত্ৰ: | এ, দাম তেনেই সস্তা। |
বাটৰুৱা: | কিমাননো তেও? |
চিত্ৰ: | মাত্ৰ দহ সুবৰ্ণ মুদ্ৰা। |
বাটৰুৱা: | আও মোৰ মতা গোসাঁই। আও মোৰ কলীয়া কৃষ্ণ গোসাঁই। জুই-চাই তলত, আও চুবকে নোৱাৰি। ওহোঁ— ওঁহো— ওহোঁ। |
চিত্ৰ: | ইমান সস্তা, আকৌ আপুনি দামহে বুলিছে? আচলতে আপোনাৰ ল’বৰ মন নাই! |
বাটৰুৱা: | নাই নলওঁ— নলওঁ— ওঁহো— ওঁহো! |
(যাব খোজে)
চিত্ৰ: | বাৰু ল’ব নালাগে। এটা কথা সোধো, ৰাজকোঁৱৰহঁতৰ ঘৰ কোনফালে? |