পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৪

 

তৃতীয় দৰ্শন

 (সন্ধ্যা সময়ত দ্বাৰকাৰ ৰাজআলিত বালকবেশী চিত্ৰলেখা।)

চিত্ৰ: এতিয়া মইতো বালকবেশী। মোক আৰু চিনে কোনে? মই এতিয়া এটি চিত্ৰ-বিক্ৰেতা। পিছে অনিৰুদ্ধৰ মন্দিৰলৈ সোমাওঁ কেনেকৈ? মই কম, মই গন্ধৰ্ব বালক, দেশে দেশে চিত্ৰ বেচি ফুৰো। তেন্তে নিশ্চয় সোমাবলৈ দিব। সন্দেহ কৰিবৰ কোনো কাৰণেই নাই। কুমাৰকতো আগেয়ে চাব লাগিব। কুমাৰৰতো মন বুজিব লাগিব। যদি সফল হওঁ, কুমাৰক নি যদি ঊষাক শোধাবগৈ পাৰো কি আনন্দ, সখীৰেইবা কিমান আনন্দ হ’ব! (এজন বাটৰুৱা আহে।)
বাটৰুৱা: কৃষ্ণাই কৃষ্ণাই (চিত্ৰক দেখি) এহে তুমিনো ক’ৰ? তুমি ইয়াৰে নে আন ঠাইৰ? তুমি আন ক’ৰবাৰ হ’বলা।)
চিত্ৰ: সঁচা আপুনি ঠিক ধৰিছে। মই ইয়াৰ নহয়, আন ঠাইৰহে।
বাটৰুৱা: কোন ঠাইৰনো? তুমি ইয়ালৈ আহিছা কিয়?
চিত্ৰ: মই গন্ধৰ্ব, মই এটি চিত্ৰ-বিক্ৰেতা। মই দেশে দেশে চিত্ৰ বেচি ফুৰো।
বাটৰুৱা: অ’ তুমি চিতৰ বেচা? তোমাৰনো কি কি চিতৰ আছে?
চিত্ৰ: জগতৰ শুৱনি শুৱনি যুৱতীসকলৰ নানান দৃশ্যৰ, আৰু আন আন চিত্ৰ আছে। আপুনি কেইখনমান ল’বনে?
বাটৰুৱা: বাৰু দিয়াচোন চাওঁ। লমনো কি, আমি চায়েই লওঁ—
চিত্ৰ: নিশ্চয় নিশ্চয়, চাওক আপুনি—

(এজনী সুন্দৰী যুৱতীৰ ছবি দিয়ে।)

বাটৰুৱা: অহ্ (ভালকৈ চাই) বৰ সুন্দৰ বৰ সুন্দৰ। কিনো চাবা? মুখকে চাবানে, দাঁতকে চাবানে, চুলিটাৰিকে চাবা?— উস্? নোৱাৰি দেওহে, চকুত চমক্ লাগি যাব।
চিত্ৰ: কি বাটৰুৱাকাই! দেখোন থৰ লাগি চাই কিবাখন বকিছে! কি হ’ল, বৰ মন খাইছেনেকি? মোৰ ইয়াত আৰু বৰ ভাল ভাল ছবি আছে।