পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৩৬

বাটৰুৱা: মানুহক সুধিলে গম পাবা! এই বাটটোৱেদি গৈ থাকা বাৰু, এতিয়া যাওঁহে, তুমি যাবা।

(বাটৰুৱাটো যায়গৈ)

চিত্ৰ: এৰা, এতিয়া কুমাৰৰ তালৈহে যাব লাগিল। কিবা বুদ্ধি কৰি কুমাৰৰ সৈতে চিনাকি হোৱা যাওক।

(এনেতে সনাতন সোমাই আহে।)

সনাতন: তুমি ক’ৰ?
চিত্ৰ: মই গন্ধৰ্ব, চিত্ৰ-বিক্ৰেতা। মই চিত্ৰ বেচি ফুৰো।
সনাতন: তুমি ইয়ালৈ অহা কিমান দিন হ’ল?
চিত্ৰ: মই এতিয়া পাইছোহিহে।
সনাতন: তুমি এতিয়া ক’ৰ পৰা আহিলা?
চিত্ৰ: মই বহু ৰাজ্য ঘূৰি ঘূৰি আহিছো।
সনাতন: তুমিনো কি চিত্ৰ বেচা?
চিত্ৰ: মই সুন্দৰ সুন্দৰ দৃশ্যপট আৰু নানা সুন্দৰীসকলৰ পট বেচো।
সনাতন: বাৰু, এখন দেখুৱাচোন।
চিত্ৰ: (এখন ছবি দিয়ে) চাওক—
সনাতন: (ছবি চাই) বেছ সুন্দৰ ছবি। বাৰু, মই তোমাৰ কেইখনমান ছবি লম। তুমি মোৰ সৈতে আহিব পাৰিবানে?
চিত্ৰ: ক’লৈ কুমাৰ?
সনাতন: কুমাৰৰ প্ৰাসাদলৈ।
চিত্ৰ: কুমাৰৰ প্ৰাসাদলৈ? আপোনাৰ পৰিচয় মই পাব পাৰোনে?
সনাতন: ওঁ, মই কুমাৰ অনিৰুদ্ধৰ এজন বন্ধু।
চিত্ৰ: ভাল তেন্তে, বলক কুমাৰ।
সনাতন: আহা তেন্তে।

(আগবাঢ়ে)

চিত্ৰ: এৰা, এই সুবিধাতে অনিৰুদ্ধৰ কাষ চাপিবগৈ লাগিব।

(যায়গৈ)