পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৬৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৫২

ঊষা: এতিয়াইনে?
অনিৰুদ্ধ: ওঁ এতিয়াই—
ঊষা: বীণ বজাব কোনে?
অনিৰুদ্ধ: বাৰু, সেয়া বীণৰ মাত শুনিছাই নহয়— মই বাৰু হাতেৰে চাপৰি বজাই যাম—

ওঁ— ওঁ (ঊষা অলপপৰ ৰয়।)

অনিৰুদ্ধ: কি হ’ল?
ঊষা: বাৰু বাৰু নাচো।

(ঊষাই বৰ সুন্দৰকৈ লয়লাস গতিৰে ভৰি চলাই এটি নৃত্য কৰে— অনিৰুদ্ধই চাই হাঁহি হাঁহি ওচৰলৈ যায়—) এইটোকে প্ৰথমে মোক ভগৱতীয়ে শিকাইছিল—

অনিৰুদ্ধ: এনে সুন্দৰ— (ঊষাই বাধা দি)
ঊষা: বাৰু বাৰু, প্ৰশংসা কৰিব নালাগে।
অনিৰুদ্ধ: আৰু তুমি বহুতো জানা নহয়?
ঊষা: ওঁ— পাছেকৈ দেখুৱাম।
অনিৰুদ্ধ: তেন্তে তুমি আমাৰ তালৈ গ’লে তাৰ ছোৱালীবোৰক তোমাৰ এই নৃত্যবোৰ শিকাব লাগিবদেই।
ঊষা: বাৰু— বাৰু।
অনিৰুদ্ধ: (সন্ধ্যাৰ আকাশলৈ চাই) অ’ সৌৱা বেলি মাৰ যাব খুজিছে— সেইফালেই অমৰ ঘৰ— কেনে সুন্দৰ চোৱাচোন ঊষা! (ঊষাই অনিৰুদ্ধৰ ডিঙিত ধৰি সেইফালে গৈ সন্ধ্যাৰ দৃশ্য চাই থাকেগৈ। এনেতে কোঠাৰ এমূৰেদি কুঁজী সোমাই আহি ঊষাৰ সৈতে অনিৰুদ্ধক দেখি বৰ আচৰিত হয়।)
কুঁজী: (লাহে লাহে) এঁ এঁ এইটো আকৌ ক’ৰ ডেকা? কি কথা, কি বতৰা? আও বোপাই, যি ঊষাৰ অন্তেষপুৰত মাখি এটাও সোমাব নোৱাৰে— এঁ, এইটো ক’ৰ ডেকা সোমাই এইদৰে ফুচ্ ফুচ্, ফাচফাচকৈ মেল পাতি আছেহি! বৰ আচৰিত দেখোন, বৰ সাহ দেখোন। সিংহ যেন বাণ ৰজাৰ