শোণিত কুঁৱৰী/চতুৰ্থ অঙ্ক, দ্বিতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৫৩ ]

 

দ্বিতীয় দৰ্শন

 বাণৰ নগৰ অন্তঃপুৰ। মধুমতী আৰু কুঁজী কথা পাতি পাতি সোমাই আহে।

মধুমতী: কুঁজী তোৰ কথা সঁচানে? ঊষাই এনে কৰিবনে?
কুঁজী: মুখ বিকটাই তোমাক মিছা ক’বলৈনো কিহে পাইছে আই! আপোনাৰ শপত আই, মৰিবলৈ হৰেই, সঁচাই ঊষাই অচিনাকি ল’ৰা এটা আনি তাৰ সঙ্গত আছে আমাৰ হাক-বচন নুশুনে। এ আই! মোক চিত্ৰলেখীয় আকৌ মনে মনে থাকিবলৈ বহুতো বুজালে নহয়! মই বোলো কেতিয়াও কাকো নকওঁদে। পিছে মাকে ৰাতি মনে মনে গুচি আহিলো। এৰা আই এনেহে কথা। পিছে এতিয়া কি কৰিব খুজিছে?
মধুমতী: অলপৰ ভাবি পিছে কিনো কৰো এতিয়া? মনে মনে ল’ৰাটোক বুজাই-বঢ়াই পঠিয়াই দেগৈ। ইমান পালি-পহৰীয়াৰ মাজতো জাননে কুঁজী ল’ৰাটো ক’ৰ?
কুঁজী: ল’ৰাটোৰ কথাকে নক’বা আই। সাইলাখ দেৱতাহে। মুখকে চাবানে, ভৰিকে চাবানে, চকুকে চাবানে, নাককে চাবা! আই, ক’ৰবাৰ দেৱতাৰ ল’ৰা যেনহে লাগে যেয়েই নহওক আই, দুয়োটা মিলি পৰিছে। দেৱতাৰ বাহিৰেনো আন কোন সোমাবহি?
মধুমতী: নিশ্চয় ঊষাই যোগ্যজনৰ হাততহে অত্মসমৰ্পন কৰিছে। [ ৫৪ ] মই আগেয়ে মহাৰাজক কৈছিলো, কিন্তু তেতিয়া মোৰ কথা নুশুনিলে।
কুঁজী: আই! পিছে কথাটোতো ৰজাক জনাব লাগিব নহয়! ৰজাই মোৰ গাতহে তাইৰ ভাৰ দিছিল। যদি আই মই কথাটো লুকুৱাওঁ মোকতো শুদাই নেৰিব।
মধুমতী: নহয় নহয়, ৰজাক নক’বিগৈ কুঁজী!
কুঁজী: নহয় নহয় আই। নহ’লে মই কটা যাব লাগিব। ইমান ডাঙৰ কথাটোনো কেনেকৈ লুকুৱাই থওঁ?
মধুমতী: কুঁজী! আগেয়ে তই মই কোৱাটোকে কৰচোন— দুয়ো গৈ বুজাই-বঢ়াই ল’ৰাটোক পঠাই দিওঁগৈ বাৰু, চিত্ৰলেখা থকাতেনো এইবোৰ কেনেকৈ হ’বলৈ পালে?
কুঁজী: এ, আই! তাইৰ কথানো কি ক’বা? চিত্ৰৰো যোগ আছে আই! চিত্ৰৰো যোগ আছে— পিছে কথাটো ৰজাৰ কাণ চুৱাই থ’লেহে ভাল। মই যাওঁ।
মধুমতী: নহয় নহয় কুঁজী, নক’বিগৈ। মোৰ ছোৱালী আৰু জীয়াই নাথাকিব।
কুঁজী: নক’লে আই, মোৰ মূৰ যাব আই! মোৰ মূৰ যাব।

(যাব খোজে।)

মধুমতী: (নিজৰ ডিঙিৰ মুকুতামালাধাৰ সোলোকাই দি) হোঁ কুঁজী? এই ধাৰকে তোক দিছো, তই নক’বি। ৰজাই আৰু মোৰ ছোৱালীক জীয়াই নাৰাখিব।
কুঁজী: (মালাধাৰ লৈ) ক’বলৈতো হাক দিছে। পিছে— বাৰু নকওঁ। তেন্তে আপুনিও ব’লক, যি কৰে কৰিবগৈ।
মধুমতী: বাৰু মই ওলাওঁগৈ। তয়ো আহ। (যায়গৈ)
কুঁজী: (মালাধাৰ ডিঙিত পিন্ধি) আই— আই— এওঁক কওঁতেই দেখোন মুকুতামালা পালো একা। ৰজাক ক’লে বা কি কৰে। নিশ্চয় মোক পটেশ্বৰী কৰিবই কৰিব। এই সুবিধা এৰি দিয়া নাযায়। মাকে, মোৰ কপাল ফুলিছে। বুঢ়ী [ ৫৫ ] হৈছো বুলিও তিনিজনী ডেকেৰীতকৈও চাৰ! এৰা, ৰজাৰ ওচৰলৈ যাবহে লাগিল। মোক আকৌ জীয়েকক গতাই দিছে। পিছে জীয়েকে কৰিব সেইখন, মই মাজতে কটা যাওঁ কিয়? (গুচি যায়গৈ।)
 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )