এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৩
অন্তেষপুৰত হায় হায়, যি ভয় কৰিছিল সেয়ে হ’ল— সেয়ে ক’লে মৰিমগৈ। দিনে-ৰাতিয়ে পালিপহৰীয়াই ৰইখা নাই। তাৰ মাজতে! ভাল এই কামোৰটো মাৰিলে |
(অনিৰুদ্ধক ভালকৈ চাই।)
খালে খালে, ৰজাই মোক খালে ৰজাৰ কাণ চুৱাই থওঁ! |
(অনৰুদ্ধক চাই ওলাই যায়গৈ।)
দ্বিতীয় দৰ্শন
বাণৰ নগৰ অন্তঃপুৰ। মধুমতী আৰু কুঁজী কথা পাতি পাতি সোমাই আহে।
মধুমতী: | কুঁজী তোৰ কথা সঁচানে? ঊষাই এনে কৰিবনে? |
কুঁজী: | মুখ বিকটাই তোমাক মিছা ক’বলৈনো কিহে পাইছে আই! আপোনাৰ শপত আই, মৰিবলৈ হৰেই, সঁচাই ঊষাই অচিনাকি ল’ৰা এটা আনি তাৰ সঙ্গত আছে আমাৰ হাক-বচন নুশুনে। এ আই! মোক চিত্ৰলেখীয় আকৌ মনে মনে থাকিবলৈ বহুতো বুজালে নহয়! মই বোলো কেতিয়াও কাকো নকওঁদে। পিছে মাকে ৰাতি মনে মনে গুচি আহিলো। এৰা আই এনেহে কথা। পিছে এতিয়া কি কৰিব খুজিছে? |
মধুমতী: | অলপৰ ভাবি পিছে কিনো কৰো এতিয়া? মনে মনে ল’ৰাটোক বুজাই-বঢ়াই পঠিয়াই দেগৈ। ইমান পালি-পহৰীয়াৰ মাজতো জাননে কুঁজী ল’ৰাটো ক’ৰ? |
কুঁজী: | ল’ৰাটোৰ কথাকে নক’বা আই। সাইলাখ দেৱতাহে। মুখকে চাবানে, ভৰিকে চাবানে, চকুকে চাবানে, নাককে চাবা! আই, ক’ৰবাৰ দেৱতাৰ ল’ৰা যেনহে লাগে যেয়েই নহওক আই, দুয়োটা মিলি পৰিছে। দেৱতাৰ বাহিৰেনো আন কোন সোমাবহি? |
মধুমতী: | নিশ্চয় ঊষাই যোগ্যজনৰ হাততহে অত্মসমৰ্পন কৰিছে। |