(ঊষাৰ অন্তঃপুৰৰ এটা কোঠা। সন্ধিয়া লাগি আহিছে। অনিৰুদ্ধ আৰু ঊষাই দূৰৰ গবাক্ষ এখনৰ ওচৰত বহি সন্ধিয়াৰ দৃশ্য চাই ভোল গৈ আছিল। আন কোঠাত থকা সখীবোৰৰ বীণাৰপৰা মৃদু মৃদু ঝঙ্কাৰ আৰু
সুৰ আহি কাণত পৰিছিলহি। ঊষা আৰু অনিৰুদ্ধই সেই দৃশ্য চাই নানা কথা বতৰা পাতি আছিল।)
অনিৰুদ্ধ:
|
ঊষা, সঁচাকৈয়ে সন্ধিয়াৰ ৰ’দ পৰি তোমাৰ মুখখন কেনে সুন্দৰ হৈছে!
|
ঊষা:
|
ইস্— নাই— (অনিৰুদ্ধৰ আঙুলিকেট চাই) নহয়, চোৱাচোন তোমাৰ আঙুলিকেটা কেনে লনী, কেনে সুন্দৰ— মই বৰ ভাল পাওঁ।
|
অনিৰুদ্ধ:
|
বাৰু ঊষা, মই যেতিয়া প্ৰথমে তোমাৰ আগত ওলালোহি, তোমাৰ কেনে লাগিছিল?
|
ঊষা:
|
(হাঁহি অনিৰুদ্ধৰ মুখলৈ চাই থাকে)
|
অনিৰুদ্ধ:
|
ভাবিছিলা চাগৈ আপদটো ওলালহি—
|
ঊষা:
|
নহয়, তোমাক দেখি মোৰ বৰ লাজ লাগিছিল। তোমাৰ কাষলৈ গৈ তোমাক সাবটি ধৰিবৰ মন গৈছিল— পিছে ভৰিয়েহে যাব নুখুজিছিল।
|
অনিৰুদ্ধ:
|
বাৰু এটা কথা ঊষা, তোমাক ভগৱতীয়ে বৰ সুন্দৰ সুন্দৰ নাচোন শিকাইছিল নহয়, ক’তা মোক নেদেখুৱালা?
|
অনিৰুদ্ধ:
|
বাৰু, মোক দেখুৱাচোন।
|