পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৫

হৈছো বুলিও তিনিজনী ডেকেৰীতকৈও চাৰ! এৰা, ৰজাৰ ওচৰলৈ যাবহে লাগিল। মোক আকৌ জীয়েকক গতাই দিছে। পিছে জীয়েকে কৰিব সেইখন, মই মাজতে কটা যাওঁ কিয়? (গুচি যায়গৈ।)

 


 

তৃতীয় দৰ্শন

 (ৰাজআলি। দুপৰীয়া ভালকৈ সাজি-পাৰি কুঁজী বেগাবেগিকৈ আহে)

কুঁজী: উস্ কটা। ভাল সাৰি আহিলো। কোনোমতেহে আহিছো। মোক আকৌ ক’বলৈ হাক দিয়ে! হে হে! মই টেঙৰীয়ে হ’বলা হাৰডাল পায়েই নোকোৱাকৈ থাকিম? সেই কথা হ’ব নোৱাৰে। (অলপ ৰৈ) আজি কটা, মোৰ দিনটোৱেই কিবা ভাল হ’বলা। পুৱাই মুকুতাৰ মালাধাৰ পালো, মাকে এইবাৰ ৰজাক কৈ পটেশ্বৰী হমেই হম। যদি হওঁ পোনেই চিত্ৰলেখীৰ মূৰ খুৰাই বাজ কৰি দিম। মই তাইক এশিকা শিকাম মাকে, বুঢ়ীমাকক চিনাহে নাই। সদায় পেংলাইকৈ থকাৰ হোৰ তুলিম। (গালৈ চাই) ভালকৈয়েতো সাজি-পাৰি আহিছোৱেই, ডিঙিত মুকুতাৰ মালাধাৰ আছেই। চুলিকোছাও ভালকৈ মেলাই আহিছোৱেই। মাকে, আজি ৰজাৰ মন খুৱাইহে এৰিম। এতিয়া তামোল এখনকে খাই মুখখন ৰঙা কৰি যাওঁ মাকে। (তামোল খাই) ই সঁচাকৈয়ে মোৰ দেখোন কপালখন মুকলি হ’ল একা। সৌটো নাপিত আহিছে। তাৰ পৰা দাপোণখন লৈ মুখখন ভালকৈ চাই লওঁ! (নাপিতক) হেৰৌ কটাৰ পো বন্দী নাপিত। এইফালে আহ! চাওঁ, চাওঁ, তোৰ দাপোণখন দেচোন।

(নাপিত আহে)

নাপিত: ই বোলো আমাৰ কুঁজী বাই দেখোন! সাজি-পাৰিনো ক’লৈ ওলাইছা? ক’ৰবাত মিতিৰ খাবলৈ যোৱানেকি?