শোণিত কুঁৱৰী/চতুৰ্থ অঙ্ক, তৃতীয় দৰ্শন

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search

[ ৫৫ ]

 

তৃতীয় দৰ্শন

 (ৰাজআলি। দুপৰীয়া ভালকৈ সাজি-পাৰি কুঁজী বেগাবেগিকৈ আহে)

কুঁজী: উস্ কটা। ভাল সাৰি আহিলো। কোনোমতেহে আহিছো। মোক আকৌ ক’বলৈ হাক দিয়ে! হে হে! মই টেঙৰীয়ে হ’বলা হাৰডাল পায়েই নোকোৱাকৈ থাকিম? সেই কথা হ’ব নোৱাৰে। (অলপ ৰৈ) আজি কটা, মোৰ দিনটোৱেই কিবা ভাল হ’বলা। পুৱাই মুকুতাৰ মালাধাৰ পালো, মাকে এইবাৰ ৰজাক কৈ পটেশ্বৰী হমেই হম। যদি হওঁ পোনেই চিত্ৰলেখীৰ মূৰ খুৰাই বাজ কৰি দিম। মই তাইক এশিকা শিকাম মাকে, বুঢ়ীমাকক চিনাহে নাই। সদায় পেংলাইকৈ থকাৰ হোৰ তুলিম। (গালৈ চাই) ভালকৈয়েতো সাজি-পাৰি আহিছোৱেই, ডিঙিত মুকুতাৰ মালাধাৰ আছেই। চুলিকোছাও ভালকৈ মেলাই আহিছোৱেই। মাকে, আজি ৰজাৰ মন খুৱাইহে এৰিম। এতিয়া তামোল এখনকে খাই মুখখন ৰঙা কৰি যাওঁ মাকে। (তামোল খাই) ই সঁচাকৈয়ে মোৰ দেখোন কপালখন মুকলি হ’ল একা। সৌটো নাপিত আহিছে। তাৰ পৰা দাপোণখন লৈ মুখখন ভালকৈ চাই লওঁ! (নাপিতক) হেৰৌ কটাৰ পো বন্দী নাপিত। এইফালে আহ! চাওঁ, চাওঁ, তোৰ দাপোণখন দেচোন।

(নাপিত আহে)

নাপিত: ই বোলো আমাৰ কুঁজী বাই দেখোন! সাজি-পাৰিনো ক’লৈ ওলাইছা? ক’ৰবাত মিতিৰ খাবলৈ যোৱানেকি? [ ৫৬ ] বোলো তামোল খাই দেখোন মুখখন ফেচুলুকাৰ— (মুখত সোপা দি হাঁহে)
কুঁজী: হেৰৌ কটা খেকাৰ-খোৱা নাপিত! বৰ সাহ দেখোন একা। এঁ কুঁজী বুলিছ? বাপেৰৰ ঘৰৰ বেটী পাইছনে, কটা গোলাম! মাৰৰ ভমক্ পোৱা নাই হ’বলা? দেখিবি মাৰে, কুঁজী নক’বিদেই! ৰজাৰ পটেশ্বৰী বুলি জনা নাই হ’বলা।
নাপিত: ঔ আই! “খেমা” কৰিবা দেওহে। জানিলেনো আকৌ কওঁনে? পিছে, পটেশ্বৰীনো হ’লা কেতিয়া? ৰজাৰ বেটীহে—
কুঁজী: কটা বাপেৰৰ বেটী, ধেমালি পাইছ হ’বলা? মোৰে চৌধপুৰুষৰ সৈতে শালত দিয়াম বুলি জনা নাই হ’বলা। দে কটা, দে দাপোণখন সোনকালে।
নাপিত: এ, মই নাজানো নহয়। (দাপোণ দিয়ে) পিছে আমালৈ আকৌ নাপাহৰিবা। চুকে-কোণে ক’ৰবাত গোজা মাৰি থ’বা দেই!
কুঁজী: (দাপোণত মুখ চাই) বাৰু বোপাই! তোক কিবা এটা কৰিম বাৰু পিছে হমহে অ’ বুজা নাই? বাৰু, চাচোন চা, মই দেখিবলৈ কেনে হৈছো। ডেকেৰীজনী যেন হোৱা নাইনে?
নাপিত: নক’বা নক’বা, মই বৰ ভাল দেখিছো! সঁচাকৈয়ে ষোল বছৰীয়া দীপলিপ্ কইনজনীহে যেন। মোৰ হ’লে একেবাৰে মন খাই গৈছে—
কুঁজী: এঁ কটা কুকুৰৰ পুতেক। তোৰ ইমানটো কলিজানে? কটা শৃগলী হৈ সিংহৰ আসৈ পাৱ? নে কটা তোৰ দাপোণ।

(দাপোণখন দলি মাৰি দিয়ে)

নাপিত: (দাপোণখন বুটলি লৈ) যা যা ফেদেলী বুঢ়ী! ৰজাই তোক পটেশ্বৰী পাতিব, ভয় নকৰিবিদে, মই তোক হৰি নিবলৈ অহা নাই। যা যা মৰতী বুঢ়ী! ৰজাই ভালকৈ তেল খাৰণিৰে গা ধুৱাই ল’ব, যা। (গুচি যায়গৈ)
[ ৫৭ ]
কুঁজী: ইস্ ইস্! কটাই গম পোৱা নাই হ’বলাদেই বাৰু মাৰে গম পাবি পিছত ভৰি তলুৱা চেলেকিবলৈ তত্ হেৰাব মাৰে। (এনেতে গণক বাপুৰ আগমন হয়।)
কুঁজী: ই আমাৰ গাধৈ বাপু দেখোন! পিছে কোনফালে? মই আপোনাৰ তালৈ যাওঁহে বুলিছিলো।
গণক বাপু: অহে কুঁজী বুঢ়ীং কিং কাৰণাৎ?
কুঁজী: দেউ, বোলো মোৰ দিনটোকে গণি-পঢ়ি দিয়কচোন। ৰজাৰ ওচৰলৈ যাব লাগিব।
গণক বাপু: ৰাজ সমীপ? কি কাৰণাৎ, অৰ্থাৎ ৰজাৰ ওচৰলৈ কিয়?
কুঁজী: এ দেউ, অপুনি নেজানেই হ’বলা আমাৰ ঊষাই কি কৰিলে?
গণক বাপু: ঊষা? ৰাজকন্যা? কি কৰিলে?
কুঁজী: ল’ৰা এটা অগ্নিগড় সুমুৱাইছেহি
গণক বাপু: অহ হ হল। ইতি সত্য ইতি সত্য আজি মই যোগবলত তাক জানো। যুবাপুৰুষ নহয় জানো?
কুঁজী: হয়, হয়।
গণক বাপু: কটিত মেখেলা যি ধাৰণ কৰে
কুঁজী: হয়, হয়
গণক বাপু: মাজে মাজে যে খোজ কাঢ়ি ফুৰে আৰু মাজে মাজে যে বহায়মান কৰে?
কুঁজী: হয়, দেউ! হয়, ঠিক ধৰিছে দেউ! আপুনি যোগৰ বলত সকলো জানে নহয়নে?
গণক বাপু: যথাৰ্থং যথাৰ্থং মোৰ দৰে যোগী এই জগতত নাই।
কুঁজী: হয়, দেউ! আপুনি সৰবজান। সেইহে আকৌ আপোনাৰ ওচৰলৈ যাবলৈ ধৰিছিলো। পিছে দেউ! মোৰ দিনটোনো কেনে গণি-পঢ়ি দিয়কচোন।
গণক বাপু: উত্তমং উত্তমং। (মাটিত বহে আৰু আঁক পাৰে। অহ হ হ [ ৫৮ ] উত্তমঃ দিন। অজিং তোমাৰ কিবা এটা হ’বই হ’ব। কিন্তু ৰাহুৰ দোষ আছে। ব্ৰাহ্মণক এটি মুদ্ৰাং দদ্যাৎ। এটি মোহৰ দান কৰিলে খণ্ডনং হ’ব আৰু বাটত যাওঁতে ৰাহুৰ নামে এখন তামোল উছগৃতং কৰিব লাগিব।
কুঁজী: কোনো কথা নাই দেউ! (মোহৰ এটি উলিয়াই দিয়ে, আৰু গণকে তাক মেৰতলিত থয়।)
গণক বাপু: বাৰু বাৰু। এতিয়া গমো গোবিনং গোবিনং। (যায়গৈ)
কুঁজী: এঃ তামোল এখনকে খাই লওঁ (তামোল খাই চোবাই) ই তামোলখনে দেখোন গাটো তুলি দিছে। মাকে বৰ ৰং লাগিছে আজি। ৰজাৰ পটেশ্বৰী হমেই হম। গাটো দেখোন থৌকি-বাথৌকি লাগিছে একা। মাকে পটেশ্বৰী হ’মেই। গীত এফাকিকে গাই মাকে, পাক এটাকে দিওঁ, মাকে।

(গীত গাই গাই পাক দিবলৈ ধৰে)

গীত

মই হেনো বুঢ়ী!
(পাৰো) উজুটিতে ওফৰাব ডেকা তিনিকুৰি।
এইজনী কোন? “পূৰ্ণিমাহৰ” জোন;
মোৰ ৰূপৰ জমক্ চা চমক্ খাই যা
বৰকৈ নাচাবি বোপাই যাবি উটি-বুৰি।
কঁকাল যদিও হেকেৰা,
গাল দুখন পকা থেকেৰা,
কত ডেকাই মোক নিবলৈ ফুৰিছিল ঘূৰি
(দিছিল কুৰি কুৰি)
কেইটা ৰজাৰ বৰপুতেকে
তলুৱা চেলেকি গল বাপেকে।
তেও জানো মই তাহাঁতলৈ
চাওঁ কেৰাহিকৈ ঘূৰি!

(পাক দি দি যায়গৈ)

 

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২০ চনত ১ জানুৱাৰী ১৯৬০ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )