পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৬৬

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৫৪

মই আগেয়ে মহাৰাজক কৈছিলো, কিন্তু তেতিয়া মোৰ কথা নুশুনিলে।

কুঁজী: আই! পিছে কথাটোতো ৰজাক জনাব লাগিব নহয়! ৰজাই মোৰ গাতহে তাইৰ ভাৰ দিছিল। যদি আই মই কথাটো লুকুৱাওঁ মোকতো শুদাই নেৰিব।
মধুমতী: নহয় নহয়, ৰজাক নক’বিগৈ কুঁজী!
কুঁজী: নহয় নহয় আই। নহ’লে মই কটা যাব লাগিব। ইমান ডাঙৰ কথাটোনো কেনেকৈ লুকুৱাই থওঁ?
মধুমতী: কুঁজী! আগেয়ে তই মই কোৱাটোকে কৰচোন— দুয়ো গৈ বুজাই-বঢ়াই ল’ৰাটোক পঠাই দিওঁগৈ বাৰু, চিত্ৰলেখা থকাতেনো এইবোৰ কেনেকৈ হ’বলৈ পালে?
কুঁজী: এ, আই! তাইৰ কথানো কি ক’বা? চিত্ৰৰো যোগ আছে আই! চিত্ৰৰো যোগ আছে— পিছে কথাটো ৰজাৰ কাণ চুৱাই থ’লেহে ভাল। মই যাওঁ।
মধুমতী: নহয় নহয় কুঁজী, নক’বিগৈ। মোৰ ছোৱালী আৰু জীয়াই নাথাকিব।
কুঁজী: নক’লে আই, মোৰ মূৰ যাব আই! মোৰ মূৰ যাব।

(যাব খোজে।)

মধুমতী: (নিজৰ ডিঙিৰ মুকুতামালাধাৰ সোলোকাই দি) হোঁ কুঁজী? এই ধাৰকে তোক দিছো, তই নক’বি। ৰজাই আৰু মোৰ ছোৱালীক জীয়াই নাৰাখিব।
কুঁজী: (মালাধাৰ লৈ) ক’বলৈতো হাক দিছে। পিছে— বাৰু নকওঁ। তেন্তে আপুনিও ব’লক, যি কৰে কৰিবগৈ।
মধুমতী: বাৰু মই ওলাওঁগৈ। তয়ো আহ। (যায়গৈ)
কুঁজী: (মালাধাৰ ডিঙিত পিন্ধি) আই— আই— এওঁক কওঁতেই দেখোন মুকুতামালা পালো একা। ৰজাক ক’লে বা কি কৰে। নিশ্চয় মোক পটেশ্বৰী কৰিবই কৰিব। এই সুবিধা এৰি দিয়া নাযায়। মাকে, মোৰ কপাল ফুলিছে। বুঢ়ী