এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
বোলো তামোল খাই দেখোন মুখখন ফেচুলুকাৰ— (মুখত সোপা দি হাঁহে) |
কুঁজী: | হেৰৌ কটা খেকাৰ-খোৱা নাপিত! বৰ সাহ দেখোন একা। এঁ কুঁজী বুলিছ? বাপেৰৰ ঘৰৰ বেটী পাইছনে, কটা গোলাম! মাৰৰ ভমক্ পোৱা নাই হ’বলা? দেখিবি মাৰে, কুঁজী নক’বিদেই! ৰজাৰ পটেশ্বৰী বুলি জনা নাই হ’বলা। |
নাপিত: | ঔ আই! “খেমা” কৰিবা দেওহে। জানিলেনো আকৌ কওঁনে? পিছে, পটেশ্বৰীনো হ’লা কেতিয়া? ৰজাৰ বেটীহে— |
কুঁজী: | কটা বাপেৰৰ বেটী, ধেমালি পাইছ হ’বলা? মোৰে চৌধপুৰুষৰ সৈতে শালত দিয়াম বুলি জনা নাই হ’বলা। দে কটা, দে দাপোণখন সোনকালে। |
নাপিত: | এ, মই নাজানো নহয়। (দাপোণ দিয়ে) পিছে আমালৈ আকৌ নাপাহৰিবা। চুকে-কোণে ক’ৰবাত গোজা মাৰি থ’বা দেই! |
কুঁজী: | (দাপোণত মুখ চাই) বাৰু বোপাই! তোক কিবা এটা কৰিম বাৰু পিছে হমহে অ’ বুজা নাই? বাৰু, চাচোন চা, মই দেখিবলৈ কেনে হৈছো। ডেকেৰীজনী যেন হোৱা নাইনে? |
নাপিত: | নক’বা নক’বা, মই বৰ ভাল দেখিছো! সঁচাকৈয়ে ষোল বছৰীয়া দীপলিপ্ কইনজনীহে যেন। মোৰ হ’লে একেবাৰে মন খাই গৈছে— |
কুঁজী: | এঁ কটা কুকুৰৰ পুতেক। তোৰ ইমানটো কলিজানে? কটা শৃগলী হৈ সিংহৰ আসৈ পাৱ? নে কটা তোৰ দাপোণ। |
(দাপোণখন দলি মাৰি দিয়ে)
নাপিত: | (দাপোণখন বুটলি লৈ) যা যা ফেদেলী বুঢ়ী! ৰজাই তোক পটেশ্বৰী পাতিব, ভয় নকৰিবিদে, মই তোক হৰি নিবলৈ অহা নাই। যা যা মৰতী বুঢ়ী! ৰজাই ভালকৈ তেল খাৰণিৰে গা ধুৱাই ল’ব, যা। (গুচি যায়গৈ) |