পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৭০

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে

৫৮

উত্তমঃ দিন। অজিং তোমাৰ কিবা এটা হ’বই হ’ব। কিন্তু ৰাহুৰ দোষ আছে। ব্ৰাহ্মণক এটি মুদ্ৰাং দদ্যাৎ। এটি মোহৰ দান কৰিলে খণ্ডনং হ’ব আৰু বাটত যাওঁতে ৰাহুৰ নামে এখন তামোল উছগৃতং কৰিব লাগিব।

কুঁজী: কোনো কথা নাই দেউ! (মোহৰ এটি উলিয়াই দিয়ে, আৰু গণকে তাক মেৰতলিত থয়।)
গণক বাপু: বাৰু বাৰু। এতিয়া গমো গোবিনং গোবিনং। (যায়গৈ)
কুঁজী: এঃ তামোল এখনকে খাই লওঁ (তামোল খাই চোবাই) ই তামোলখনে দেখোন গাটো তুলি দিছে। মাকে বৰ ৰং লাগিছে আজি। ৰজাৰ পটেশ্বৰী হমেই হম। গাটো দেখোন থৌকি-বাথৌকি লাগিছে একা। মাকে পটেশ্বৰী হ’মেই। গীত এফাকিকে গাই মাকে, পাক এটাকে দিওঁ, মাকে।

(গীত গাই গাই পাক দিবলৈ ধৰে)

গীত

মই হেনো বুঢ়ী!
(পাৰো) উজুটিতে ওফৰাব ডেকা তিনিকুৰি।
এইজনী কোন? “পূৰ্ণিমাহৰ” জোন;
মোৰ ৰূপৰ জমক্ চা চমক্ খাই যা
বৰকৈ নাচাবি বোপাই যাবি উটি-বুৰি।
কঁকাল যদিও হেকেৰা,
গাল দুখন পকা থেকেৰা,
কত ডেকাই মোক নিবলৈ ফুৰিছিল ঘূৰি
(দিছিল কুৰি কুৰি)
কেইটা ৰজাৰ বৰপুতেকে
তলুৱা চেলেকি গল বাপেকে।
তেও জানো মই তাহাঁতলৈ
চাওঁ কেৰাহিকৈ ঘূৰি!

(পাক দি দি যায়গৈ)