শোণিত কুঁৱৰী/চতুৰ্থ অঙ্ক, চতুৰ্থ দৰ্শন
[ ৫৯ ]
চতুৰ্থ দৰ্শন
(বাণৰ ৰাজসভা! মন্ত্ৰী, প্ৰসেঞ্জিত আৰু পৰিষদ বৰ্গ। দুৱাৰ-ৰখীয়া প্ৰহৰী।)
বাণ: | সেনাপতি প্ৰসেঞ্জিত! তোমাৰ সৈন্য শিক্ষাত মই সন্তুষ্ট। তোমাৰ বাহুবল মই প্ৰশংসা কৰো। জম্বুদ্বীপত আজি সকলোৱেই দানৱৰ আগত শিৰ দোঁৱাইছে। কিন্তু সেনাপতি! এতিয়াও মই তৃপ্ত হোৱা নাই। যদুবংশই এতিয়াও গৰ্বেৰে থিয় দি শোণিতৰ বিক্ৰমক সন্দেহেৰে চাইছে। প্ৰসেঞ্জিত! মোৰ বিশ্ব বিজয়ী বাহিনীৰ আগত যদুকুলে এতিয়াও আঁঠু লোৱা নাই। |
প্ৰসেঞ্জিত: | প্ৰভু। অৱশ্যে যদুকুলেই আমাৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী। আমাৰ শৌৰ্য-বীৰ্যত যদুকুলেইহে মাত্ৰ ছাঁ পেলাব পাৰিছে। প্ৰভু! মোৰ দৃঢ়বিশ্বাস, অমাৰ শক্তিৰ আগত যদুকুলে মুৰ দোৱাবলৈ বাধ্য হ’ব আপুনি মাথোন অজ্ঞা কৰক। মই যদুকুলৰ গৰ্ব খৰ্ব কৰি শোণিতৰ ময়ূৰধ্বজা দ্বাৰকাত উৰাই আহোগৈ। শিৱৰ কৃপাত আমাৰ বিজয় অনিবাৰ্য। |
মন্ত্ৰী: | প্ৰভু! শাণিতপুৰে আপোনাৰ দৰে বাহুবলী শক্তিশালী ৰজা পাই ধন্য হৈছে। মহাৰাজৰ সুশাসনত শোণিতত আজি দুৰ্ভিক্ষ মাৰি-মৰকৰ অন্ত হৈছে প্ৰজাই শান্তিৰে সংসাৰ চলাইছে। এনে শন্তিৰ ৰাজ্যত সৰ্ব শাস্ত্ৰ, সৰ্ব কলা-বিদ্যাৰ চৰ্চা হ’ব লাগিছে। সকলোৱে শান্তিত থাকি সকলো কামৰ কাৰণে, সময় আৰু সুবিধা পাইছে। শোণিতৰ এনে জয় জয়-ময় ময় অৱস্থাত আকৌ ৰণ-বিগ্ৰহৰ অনাৱশ্যক! মহাৰাজৰ খ্যাতি ত্ৰিভুবন-বিয়পা যদুকুল আপোনাৰ গৌৰৱ হ্ৰাস কৰিবলৈ অলপো সমৰ্থ নহয়! |
বাণ: | অৱশ্যে মন্ত্ৰী! তোমাৰ কথা মই উপলব্ধি কৰিব পাৰিছো। প্ৰজাৰ কেনেকৈ উন্নতি হয়, প্ৰজা কেনেকৈ সুখ-শান্তিত থাকে, মোৰ ৰাজ্যৰ জ্ঞান-চৰ্চা, সকলো শিল্প আৰু ললিত কলাৰ চৰ্চাৰ কেনেকৈ উন্নতি হয়, তাৰ কাৰণে মই সদায় [ ৬০ ] ভাবিব লাগিছো। কিন্তু মোৰ প্ৰবল প্ৰতাপ উপেক্ষা কৰা উন্নতশিৰ যদুকুলৰ এনে অচৰণ মোৰ বাহুবলে সহ্য কৰিব নোৱাৰে। যদুকুল জয় কৰিব নোৱাৰিলে মোৰ তৃষ্ণাৰ উপশম ক’ত? |
এনেতে দুৱৰীৰ সৈতে কাজিয়া কৰি কুঁজী সোমাই আহি বাণৰ আগত আঁঠু লয়হি। বাণ আৰু সভাসদ অলপ আচৰিত হয়।) কুঁজী।
কুঁজী: | (সেৱা কৰি) মহাৰাজ! ঊষাই এনে হেন অগ্নিগড় পাৰ কৰি ক’ৰবাৰ ডেকা ল’ৰা এটা আনি অন্তেষপুৰত ৰাখিছেহি। আমাৰ হাক-বচন নুশুনে! |
বাণে খঙত, লাজত, অপমানত মূৰ তললৈ কৰি আনফালে ঘূৰি বহে আৰু কুঁজীয়ে আগৰ ঠাইৰ পৰা উঠি গৈ পুনৰ বাণৰ আগত আঁঠু লৈ আগতকৈ ডাঙৰকৈ কয়। মহাৰাজ! আপোনাৰ ঊষাই ক’ৰবাৰ ডেকা—
বাণ: | (খঙত উগ্ৰ হৈ) প্ৰহৰী! প্ৰহৰী! (প্ৰহৰী আহি থিয় হয়।) |
বাণ: | এই পাপিষ্ঠা। নিলাজী নাৰীক নাক-কাণ কাটি এৰি দেগৈ। (কুঁজী বিচুৰ্তি হৈ কঁপিবলৈ ধৰে, প্ৰহৰীয়ে টানি লৈ যায়।) |
বাণ: | যোৱা প্ৰসেঞ্জিত! ৰথ প্ৰস্তুত কৰাগৈ। মন্ত্ৰী! (প্ৰাসঞ্জিত যায়গৈ) |
মন্ত্ৰী: | প্ৰভু! |
বাণ: | উস্— যাক ইমানদিন স্নেহ-সাগৰৰ মাজত বুৰাই ৰাখিছিলো— কত সোণালী অশাৰ সপোন গঢ়িছিলো। মোৰ হৃদয় উবুৰিয়াই যাক ভাল পাই সহস্ৰ বীৰক অপাত্ৰ বুলি উপেক্ষা কৰিলো— এয়ে তাৰ পৰিণাম। এনে অপমান, লাঞ্ছনা মোৰ ভাগ্যত আছিল। কন্যা হৈ তাই মোৰ উজ্জ্বল গৰিমাত ছাই সানি দিলে। নহয়, মোৰ কন্যা নাই। স্নেহ নাই। দয়া নাই, মমতা নাই! ঊষা কলঙ্কিনী! তোৰ আৰু পিতৃ নহওঁ— মই— পিশাচ— তোৰ পিতৃৰ প্ৰেতমূৰ্তি—তোৰ তেজেৰে নৈ বোৱাম। তোৰ [ ৬১ ] মৃতদেহৰ ওপৰত পিশাচৰ তাণ্ডৱ নৃত্য কৰিম— নিজ হাতেৰে গঢ়া সোণৰ সংসাৰ পুৰি ভস্ম কৰি মোৰ কলঙ্ক মোচন কৰিম। খঙত বলিয়া হৈ সভাৰ পৰা ওলাই যায় মন্ত্ৰী সভাসদসকল পাছে পাছে যায়গৈ। |
![](http://upload.wikimedia.org/wikipedia/commons/thumb/4/41/Flag_of_India.svg/72px-Flag_of_India.svg.png)
এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )