|
মৃতদেহৰ ওপৰত পিশাচৰ তাণ্ডৱ নৃত্য কৰিম— নিজ হাতেৰে গঢ়া সোণৰ সংসাৰ পুৰি ভস্ম কৰি মোৰ কলঙ্ক মোচন কৰিম। খঙত বলিয়া হৈ সভাৰ পৰা ওলাই যায় মন্ত্ৰী সভাসদসকল পাছে পাছে যায়গৈ।
|
(দ্বাৰকাৰ প্ৰসাদৰ এক অংশত শ্ৰীকৃষ্ণ এখন অসনত বহি আছিল, আৰু এফালে সাত্যকি, আনফালে সনাতন থিয় দি অছিল।
সনাতন:
|
তাৰ পিছত সেই চিত্ৰ-বেচোতা গন্ধৰ্ব ল’ৰাটো এদিন অকৌ প্ৰাসাদলৈ আহিছিল। সেইদিনা অনিৰুদ্ধই তাক মাতি নি তাৰ ছবি চাইছিল।
|
শ্ৰীকৃষ্ণ:
|
ওঁ! আৰু সেইদিনাই অনিৰুদ্ধ নিৰুদ্দেশ?
|
শ্ৰীকৃষ্ণ:
|
সেই বালকৰ হাতত কোনো সুন্দৰীৰ পট আনিছিলনে?
|
সনাতন:
|
সেই বিষয়ে আমি চোৱা নাছিলো।
|
শ্ৰীকৃষ্ণ:
|
এইকেইদিনৰ ভিতৰত তুমি অনিৰুদ্ধৰ মনত পৰিৱৰ্তন লক্ষ্য কৰিছিলানে?
|
সনাতন:
|
হয়; সামান্য পৰিবৰ্তন লক্ষ্য কৰিছিলো।
|
শ্ৰীকৃষ্ণ:
|
(অলপ হাঁহে) সাত্যকি! তুমি এই বিষয়ে কি ভবিছা?
|
সাত্যকি:
|
এৰা, মই দেখোন একো ততকে ধৰিব পৰা নাই। কুমাৰনো ক’লৈ যাব পাৰে।
|
(এনেতে বলোৰাম সোমাই আহে; লগত পদ্যুম্নও আহে। তেওঁলোকৰ সৈতে চাৰিটা দূত)
বলোৰাম:
|
কুমাৰৰ একো সন্ধানেই পোৱা নগ’ল তুমি কিবা পালানে? কিবা অনুমান কৰিব পাৰিছানে?
|
শ্ৰীকৃষ্ণ:
|
ওহোঁ। তেন্তে এই চাৰিটা দূতকে পঠাবলৈ স্থিৰ কৰিছানেকি?
|