পৃষ্ঠা:শোণিত কুঁৱৰী.pdf/৭১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৫৯

 

চতুৰ্থ দৰ্শন

 (বাণৰ ৰাজসভা! মন্ত্ৰী, প্ৰসেঞ্জিত আৰু পৰিষদ বৰ্গ। দুৱাৰ-ৰখীয়া প্ৰহৰী।)

বাণ: সেনাপতি প্ৰসেঞ্জিত! তোমাৰ সৈন্য শিক্ষাত মই সন্তুষ্ট। তোমাৰ বাহুবল মই প্ৰশংসা কৰো। জম্বুদ্বীপত আজি সকলোৱেই দানৱৰ আগত শিৰ দোঁৱাইছে। কিন্তু সেনাপতি! এতিয়াও মই তৃপ্ত হোৱা নাই। যদুবংশই এতিয়াও গৰ্বেৰে থিয় দি শোণিতৰ বিক্ৰমক সন্দেহেৰে চাইছে। প্ৰসেঞ্জিত! মোৰ বিশ্ব বিজয়ী বাহিনীৰ আগত যদুকুলে এতিয়াও আঁঠু লোৱা নাই।
প্ৰসেঞ্জিত: প্ৰভু। অৱশ্যে যদুকুলেই আমাৰ একমাত্ৰ প্ৰতিদ্বন্দ্বী। আমাৰ শৌৰ্য-বীৰ্যত যদুকুলেইহে মাত্ৰ ছাঁ পেলাব পাৰিছে। প্ৰভু! মোৰ দৃঢ়বিশ্বাস, অমাৰ শক্তিৰ আগত যদুকুলে মুৰ দোৱাবলৈ বাধ্য হ’ব আপুনি মাথোন অজ্ঞা কৰক। মই যদুকুলৰ গৰ্ব খৰ্ব কৰি শোণিতৰ ময়ূৰধ্বজা দ্বাৰকাত উৰাই আহোগৈ। শিৱৰ কৃপাত আমাৰ বিজয় অনিবাৰ্য।
মন্ত্ৰী: প্ৰভু! শাণিতপুৰে আপোনাৰ দৰে বাহুবলী শক্তিশালী ৰজা পাই ধন্য হৈছে। মহাৰাজৰ সুশাসনত শোণিতত আজি দুৰ্ভিক্ষ মাৰি-মৰকৰ অন্ত হৈছে প্ৰজাই শান্তিৰে সংসাৰ চলাইছে। এনে শন্তিৰ ৰাজ্যত সৰ্ব শাস্ত্ৰ, সৰ্ব কলা-বিদ্যাৰ চৰ্চা হ’ব লাগিছে। সকলোৱে শান্তিত থাকি সকলো কামৰ কাৰণে, সময় আৰু সুবিধা পাইছে। শোণিতৰ এনে জয় জয়-ময় ময় অৱস্থাত আকৌ ৰণ-বিগ্ৰহৰ অনাৱশ্যক! মহাৰাজৰ খ্যাতি ত্ৰিভুবন-বিয়পা যদুকুল আপোনাৰ গৌৰৱ হ্ৰাস কৰিবলৈ অলপো সমৰ্থ নহয়!
বাণ: অৱশ্যে মন্ত্ৰী! তোমাৰ কথা মই উপলব্ধি কৰিব পাৰিছো। প্ৰজাৰ কেনেকৈ উন্নতি হয়, প্ৰজা কেনেকৈ সুখ-শান্তিত থাকে, মোৰ ৰাজ্যৰ জ্ঞান-চৰ্চা, সকলো শিল্প আৰু ললিত কলাৰ চৰ্চাৰ কেনেকৈ উন্নতি হয়, তাৰ কাৰণে মই সদায়