৬০
|
ভাবিব লাগিছো। কিন্তু মোৰ প্ৰবল প্ৰতাপ উপেক্ষা কৰা উন্নতশিৰ যদুকুলৰ এনে অচৰণ মোৰ বাহুবলে সহ্য কৰিব নোৱাৰে। যদুকুল জয় কৰিব নোৱাৰিলে মোৰ তৃষ্ণাৰ উপশম ক’ত?
|
এনেতে দুৱৰীৰ সৈতে কাজিয়া কৰি কুঁজী সোমাই আহি বাণৰ আগত আঁঠু লয়হি। বাণ আৰু সভাসদ অলপ আচৰিত হয়।) কুঁজী।
কুঁজী:
|
(সেৱা কৰি) মহাৰাজ! ঊষাই এনে হেন অগ্নিগড় পাৰ কৰি ক’ৰবাৰ ডেকা ল’ৰা এটা আনি অন্তেষপুৰত ৰাখিছেহি। আমাৰ হাক-বচন নুশুনে!
|
বাণে খঙত, লাজত, অপমানত মূৰ তললৈ কৰি আনফালে ঘূৰি বহে আৰু কুঁজীয়ে আগৰ ঠাইৰ পৰা উঠি গৈ পুনৰ বাণৰ আগত আঁঠু লৈ আগতকৈ ডাঙৰকৈ কয়। মহাৰাজ! আপোনাৰ ঊষাই ক’ৰবাৰ ডেকা—
বাণ:
|
(খঙত উগ্ৰ হৈ) প্ৰহৰী! প্ৰহৰী! (প্ৰহৰী আহি থিয় হয়।)
|
বাণ:
|
এই পাপিষ্ঠা। নিলাজী নাৰীক নাক-কাণ কাটি এৰি দেগৈ। (কুঁজী বিচুৰ্তি হৈ কঁপিবলৈ ধৰে, প্ৰহৰীয়ে টানি লৈ যায়।)
|
বাণ:
|
যোৱা প্ৰসেঞ্জিত! ৰথ প্ৰস্তুত কৰাগৈ। মন্ত্ৰী! (প্ৰাসঞ্জিত যায়গৈ)
|
বাণ:
|
উস্— যাক ইমানদিন স্নেহ-সাগৰৰ মাজত বুৰাই ৰাখিছিলো— কত সোণালী অশাৰ সপোন গঢ়িছিলো। মোৰ হৃদয় উবুৰিয়াই যাক ভাল পাই সহস্ৰ বীৰক অপাত্ৰ বুলি উপেক্ষা কৰিলো— এয়ে তাৰ পৰিণাম। এনে অপমান, লাঞ্ছনা মোৰ ভাগ্যত আছিল। কন্যা হৈ তাই মোৰ উজ্জ্বল গৰিমাত ছাই সানি দিলে। নহয়, মোৰ কন্যা নাই। স্নেহ নাই। দয়া নাই, মমতা নাই! ঊষা কলঙ্কিনী! তোৰ আৰু পিতৃ নহওঁ— মই— পিশাচ— তোৰ পিতৃৰ প্ৰেতমূৰ্তি—তোৰ তেজেৰে নৈ বোৱাম। তোৰ
|