জানে। মানৰ সেই উপদ্ৰৱৰ পাচতো, অসমত ৰৈ যোৱা এই ন-পমুৱা মানহঁতে ছেগ বুজি উপদ্ৰৱ কৰে; সেই কাৰণে অনেকে ইহঁতৰ উপদ্ৰৱো মানৰ উপদ্ৰৱৰ লগতে ধৰি থয়। মানে লুট্-পাট্ কৰি জুৰুলা কৰি থৈ যোৱাৰ পাচতো, ৪|৫ বছৰলৈকে মাজে মাজে ইহঁতৰ উপদ্ৰৱ চলি আছিল। আন কি, ইহঁতৰ উপদ্ৰৱ বাৰেওকালি হয় বুলিলেও বঢ়াই কোৱা নহয়; কিয়নো, ইহঁতে অসমীয়াক অত্যাচাৰ কৰিয়েই জীবিকা চলাইছিল। কোনো মানুহৰ উদগনি পালে যে কথাই নাই। এই দৰেই, অনেক দুষ্ট কুলাঙ্গাৰে দুখীয়া প্ৰজাৰ বয়-বস্তু লুট্-পাট্ কৰোৱাই সৰ্বনাশ কৰিছিল। আমি যি সময়ৰ কথা কৈছোঁ, সেই সময়ত এই ন-পমুৱা মানবিলাকক য’তে-ত’তে পোৱা গৈছিল। ইহঁতে য'তে জীবিকা উলিয়াবৰ সুবিধা দেখে, সেই ঠাইৰ ওচৰতে গুপ্তভাৱে বসতি কৰিছিল। কিন্তু, ৰত্নেশ্বৰৰ বৰ্তমান উদ্দেশ্য সাধিবৰ নিমিত্তে যেই-সেই মানৰে সৈতে কাম নচলে; গতিকে তেওঁ একেবাৰে ভালেমানলৈ উজাই যাব লগীয়া হল। কিয়নো, আন ঠাইতো তেওঁৰ উদ্দেশ্যৰ উপযুক্ত মান পোৱা যায় নে নাযায়, ৰত্নেশ্বৰে নাজানে। দুবছৰমানৰ আগেয়ে ৰত্নেশ্বৰে ছোৱালী চাবৰ মনেৰে এবাৰ উজনিলৈ গৈছিল ; তেতিয়াই তেওঁ এখন ন-পমুৱা মানৰ গাওঁ দেখি যায়। সেই বাৰ তেওঁ উজাই যোৱাৰ বিষয়েও অলপ কব লগীয়া আছে। কিন্তু, সবিশেষ অলপ পাচে হে কোৱা যাব। ৰত্নেশ্বৰে উজনিত আগেয়ে ছোৱালী খুজিবলৈ যাওঁতে চিনাকী হোৱা মানুহএঘৰতে এৰাতি কটালে। তাৰ পিচদিনা মান-গাঁৱলৈ গৈ চাৰিকুৰিমান মান গোটাই লৈ আনিবলৈ ঠিক কৰিলে। তাৰ পাচত, সিহঁতক ৰত্নেশ্বৰে নিজৰ উদ্দেশ্য ভালকৈ বুজাই দি সুধিলে, “তহঁতে পিচে গাৱঁৰ মানুহক আমনি নকৰ নহয়?”
মানহঁত।-- (এজাকে একেবাৰে) “উঃ নকৰঙ্ অ, দৌটা, নকৰঙ্ । তুই পাচে আমাক ধন নিদিলে হে বয়া হব।”
পৃষ্ঠা:লাহৰী.pdf/৯০
অৱয়ব
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৮
লাহৰী