সেই দিনা ৰত্নেশ্বৰ ৰাজখোৱাই সঁচাকৈয়ে পামপুৰ পাৰ নোহোৱালৈকে বাহী-গা নুধুলেই। তেওঁ ঘৰলৈ খোজ লওঁতেই বেলি ভাটি দিছিল; বৰনৈ পায়গৈমানে আবেলি হল। ৰত্নেশ্বৰে নৈ-দাঁতীয়া মিৰিগাঁৱত সোমাই গাখীৰ এপোৱামান আৰু কল দুটামান কিনি ললেগৈ; আৰু বৰনৈতে গা ধুই তাকে খাই মাথোন তেওঁ পেটৰ পোৰণি মাৰিলে। তাৰ পাচে কোবাকুবিকৈ খোজ ধৰি তেওঁ সেই দিনাই ঘৰ পালেগৈ। ঘৰত গৈয়ো, দিনদিয়েক তেওঁৰ মনত সমূলি সুখ-শান্তি নোহোৱাত পৰিল । অন্তত, প্ৰতিহিংসাৰ ভাবে মনত ঠাই ললেহি; আৰু দিনে দিনে সেই হিংসা-ভাব ভাল পৰিমাণে বাঢ়িবলৈ ধৰিলে। সেই দৰেই মাহদিয়েক পাৰ হৈ গল; এদিন সেই প্ৰতিহিংসাৰ প্ৰেৰণাত ৰব নোৱাৰি, তেওঁ এইবুলি অঙ্গীকাৰ কৰিলে যে, যেনে-তেনে উপায়েৰে তেওঁৰ সেই হাবিয়াসৰ ধন লাহৰীক তেওঁ হাত কৰিবই কৰিব। ইয়াকে গুণা-গঁথা কৰি, সেই দিনাই, সিবাৰ তেওঁৰ ঘৰত আলহী থকা পামপুৰীয়া মানুহটিক আনিবলৈ ৰত্নেশ্বৰে মানুহ পাচিলে। বাতৰি পোৱা মাত্ৰকে যথা সময়ত পামপুৰীয়া গৈ উপস্থিত হলত, ৰত্নেশ্বৰে তেওঁক নিজৰ মনৰ কথা ভাঙ্গি কলে। তেওঁ নিজৰ উদ্দেশ্য সিদ্ধিৰ অৰ্থে বৰ্ত্তমান যি যি উপায় পাঙ্গিছিল, তাক পামপুৰীয়াৰ আগত এইবুলি কবলৈ ধৰিলে, পামপুৰীয়া তোমাক আজি মই মোৰ মনৰ কথা এটা ভাঙ্গি কওঁ । আমাৰ দেশৰ অৱস্থা দুৰাচাৰ মানহঁতে তিনিবাৰে নিবাৰকৈ যি কৰি ৰৈ গৈছে, সেয়ে আটিছে। ইয়াৰ উপৰি, আমি জনা-শুনা মানুহ হৈ আকৌ
পৃষ্ঠা:লাহৰী.pdf/৮৮
অৱয়ব