পৃষ্ঠা:লাহৰী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২২৭
লাহৰী

তাহাঁতৰ আদিকা থাকি যোৱা উপদ্ৰৱী মানহঁতক উৎসাহ দিয়াটো যুগুত নহয়। কিন্তু, পামপুৰীয়া মোৰ বৰ্ত্তমান মনৰ উত্তেজনাত, মই সেই কীৰ্ত্তিনাথৰ জীয়েকক বলেৰে আনিব লগীয়া হয় যদিও, যেনে-তেনে উপায়েৰে আনিম বুলি ভীষ্ম-প্ৰতিজ্ঞা কৰিলোঁ। এতিয়া মোৰ উদ্দেশ্য সিদ্ধি কৰিবলৈ হলে, সেই মানহঁতৰ সহায় নললে নচলে। সেই কাৰণে, মই এতিয়া ন-পমুৱা মান কিছুমান গোটাবলৈ যাওঁ; তোমাকো লগতে লৈ যাব খোজোঁ ৷ তোমাক লগত নিয়াৰ আন কোনো অৰ্থ নাই, মাথোন তোমাক চিনাকি কৰি দি, সিহঁতক তোমাৰ লগ লগাই দিম। তুমি আন বিশেষ একো কৰিব নালাগে; মাথোন সিহঁতক কীৰ্ত্তিনাথ গোহাঞি আৰু তেওঁৰ জীয়েক লাহৰীক চিনাই দিবাঁগৈ। আমি আজিয়েই ঘৰৰপৰা ওলাওঁ বুলিছোঁ; আশা কৰোঁ, ইয়াত তোমাৰ কোনো আপত্তি নাথাকিব।”

 পামপুৰীয়া—“নহয়, বোপা-দেউতা, মই কিনো-ৰূপে-সৈতে, নোৱাৰিম হবলা? সিহঁতে আকৌ আমাৰ গাওঁ ভাঙ্গি, কিনো-ৰূপে-সৈতে, খাস্তাং কৰিব।”

 ৰত্নেশ্বৰ।—“তুমি সেই কথালৈ একো ভয় নকৰিবাঁ; মই সিহঁতক ঠিক ৰাখিব পাৰিম।”

 পামপুৰীয়া ৷—“বাৰু তেন্তে, বোপা-দেউতা, কিনো-ৰূপে-সৈতে, আপুনি হে জানে। গাওঁ ভাঙ্গিব খুজিলে কিন্তু কিনো-ৰূপে-সৈতে, মই আগধৰি ভাঙ্গিম ৷”

 পামপুৰীয়াক এই প্ৰস্তাৱত মান্তি কৰাই, ৰত্নেশ্বৰে লগত কিছুমান টকা আৰু লগুৱা এটা লৈ, সেই দিনাই দুয়ো ন-পমুৱা মানৰ গাঁৱলৈ যাত্ৰা কৰিলে ৷

 সেই ন-পমুৱা মানবিলাকৰ সম্বন্ধে বহলাই বৰ্ণনা নকৰিলেও হব; অসমত ইহঁতৰ বসতিৰ বিষয়ে ‘মানৰ দিন’ কাহিনী জনাসকলে ভালকৈ