সমললৈ যাওক

লভিতা/পাতনি

ৱিকিউৎসৰ পৰা
[ পাতনি ]
পাতনি

 লভিতা যদিও নাটকাকাৰে ৰঙ্গমঞ্চৰ কাৰণেই লিখা হৈছে, তথাপিও ই গতানুগতিক নাটকৰ শাৰীত নপৰে। ইয়াত সচৰাচৰ যেনেকৈ নাটকত আখ্যান, প্লট, চৰিত্ৰাঙ্কণ থাকে, ঠিক সেইদৰে সেইবোৰ ইয়াত দিয়া হোৱা নাই। আখ্যান আছে যদিও তাক মাত্ৰ নাটকীয় ঘটনাৱলী গাঁথিবলৈ সূত্ৰৰ দৰেহে লোৱা হৈছে। প্লট ইয়াত দেখুৱাব খোজা নাই। নায়ক নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই। ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজেই। অসমীয়া সমাজে কেনেকৈ বেলেগ বেলেপ জীৱন-ক্ষেত্ৰত সেই ক্ষেত্ৰৰ মাজেদি ব্যক্তিৰ সাম্ৰাজ্যবাদী সমৰৰ অসমীয়া জীৱনৰ ওপৰত সংঘাতক এহাতেৰে বাধা দি আনহাতে ভাৰতত সাম্ৰাজ্যবাদীৰ প্ৰভূত্ব ৰোধ কৰিবলৈ বিয়াল্লিছৰ বিপ্লৱৰ মাজেদি জাতিৰ সক্ষমতা বা অক্ষমতা দেখুৱাইছে, তাকেইহে এই নাটকত পাব।

 ই এখন নাটকীয় বাস্তৱমূলক কাহিনী। এই বাস্তৱমূলক কাহিনী ৰঙ্গমঞ্চত অভিনয়ৰ যোগেদি দৰ্শকৰ আগত দেখুৱাবৰ কাৰণে, যিমানখিনি নাটকীয় কাৰিকৰি তাত প্ৰয়োগ কৰিব লাগে, অৱশ্যে তাকেইহে কৰা হৈছে। গতানুগতিক নাটকৰ লক্ষণৰ ফালৰ পৰা যিসকল সমালোচকে এইখন পৰীক্ষা কৰিব, তেওঁলোকলৈ এই সঙ্কেত দিবৰ কাৰণেই এইখিনি কথা লিখা হ'ল।

 এই নাটকত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে। এই নাটক কোনো ৰাজনৈতিক মতবাদ সমৰ্থন কৰি লিখা হোৱা নাই। যি যি ৰাজনৈতিক দলৰ কাৰ্য্যত যোগ দি অসমীয়াই নিজৰ চৰিত্ৰ প্ৰকাশ [ পাতনি ] কৰিছে সেই সেই ৰাজনৈতিক দলৰ কাৰ্য্যৰ ঘটনাৱলীৰ ইয়াত সমাৱেশ হৈছে।

 ‘লভিতা’ আদৰ্শমূলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয়। অসমীয়া সাধাৰণ গাঁৱলীয়া ছোৱালীৰনো চৰিত্ৰবল কেনে, আগেয়ে নোহোৱা- নোপজা ঘটনাৱলীৰ বানপানীত তাই কিমান দূৰ নিঃসহায়ৰ দৰে উটি গৈছে আৰু কিমানখিনিত সেই অভাৱনীয় অৱস্থাৰ সৈতে কি হিচাপে সৈমান নহৈ যুঁজ দিছে; কিমানখিনি নিজৰ আত্মবলৰ চিনাকী দি অৱস্থাক জিনি তাইৰ ভিতৰত লুকাই থকা অসমীয়া জাতিৰ চৰিত্ৰবলৰ পৰিচয় দিব পাৰিছে, তাকেহে সেই সময়ৰ অসমত ঘটা নানা ঘটনাৱলীৰ মাজেদি ওলোৱা অসমীয়া সাধাৰণ ডেকা-ডেকেৰীৰ চৰিত্ৰবলৰ নিদৰ্শন পয্যবেক্ষণ কৰি নাট্যকাৰে ‘লভিতা'ৰ যোগেদি ৰাইজৰ আগত দাঙি ধৰিছে। তাৰ লগে লগে সেই সময়ৰ অসমৰ জীৱনৰ সকলো ফালৰেই এটা হুবহু চিত্ৰ দিবলৈ চেষ্টা কৰা হৈছে। বিয়াল্লিছৰ বিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ মাজেদি অসমীয়া জাতীয় চৰিত্ৰৰ বাস্তৱিক ব্যৱহাৰৰ এই নাটক পয্যালোচনাৰ দৰেই বুলি কলেও ভুল নহব।

 এই নাটকত যিবোৰ ঘটনা আৰু চৰিত্ৰ দিয়া হৈছে, সেইবোৰ সকলো বিয়াল্লিছ আৰু দ্বিতীয় মহাসমৰৰ অসমত হোৱা সঁচা ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। 'লভিতা'ৰ চৰিত্ৰৰ প্ৰথম ছোৱাৰ বাবে সমল গোটোৱা হৈছে, ১৯৪১ চনৰ শেহত তেজপুৰৰ “শালনি এয়াৰ ফিল্ড”ত হোৱা ঘটনা এটাৰ পৰা। তাত “শালনি এয়াৰ ড্ৰম”ৰ লগালগি অসমীয়া গাঁও এখন তুলি দিয়াৰ সময়ত, মিলিটেৰীৰ সহায়েৰে মানুহবোৰক তুলি দিয়া হৈছিল। তাৰে গাঁৱৰ এঘৰত, ভেটিৰ পৰা আঁতৰি নাযাওঁ বুলি কেবাগৰাকীও তিৰোতাই গুৰ্খা চিপাহীৰ চঙীনৰ আগতে বুকুপাতি থিয় হৈছিল। বন্দুক বৰতোপেৰে ভয়খুৱাই তেওঁলোকক আঁতৰ কৰিব নোৱাৰি শেহত জিলাৰ ডেপুটি কমিছনাৰে তাৰ কংগ্ৰেছৰ কৰ্তৃপক্ষৰ দ্বাৰাই তেওঁলোকক [ পাতনি ] বুজনি দিয়াইহে আঁতৰাবলৈ সমৰ্থ হৈছিল। গাঁৱলীয়া অসমীয়া ছোৱালীয়ে কেবাঠাইতো নিগ্ৰো আৰু আন মিলিটেৰীৰ হাতত ধৰ্ষিতা হৈ পিছত সমাজত ঠাই নাপাই অলৈ তলৈ গৈ, যুদ্ধৰ কামত ভৰ্ত্তি হোৱাও ঘটনা ঘটিছিল। ঢেকীয়াজুলি, গহপুৰত, বৰহমপুৰত অসমীয়া ছোৱালীয়ে দেশৰ বাবে জীৱন উছৰ্গি যোৱা কাহিনীও সকলোৰে জনাজাত। অসমীয়া ছোৱালী নাৰ্ছ হৈ আৰু যুদ্ধৰ আন কামতো দেশ এৰি বিদেশলৈ যোৱা কথাও সকলোৱে জানে। অসমীয়া লৰা যুদ্ধত যোগ দি অসমীয়াৰ ছাত্ৰশক্তিৰ পৰিচয় দি আৰু ভাৰত উদ্ধাৰ কল্পে নেতাজী বসুৱে গঢ়া আই, এন এত গৈ উচ্চ সামৰিক পদবী পাই, আই, এন, এৰ সৈতে অসমৰ সীমা আক্ৰমণ কৰাও অসমীয়া জীৱনৰ বিষয়ে সঁচা কথাই। ইয়াৰ উপৰি বিপ্লৱৰ বিষয়ে আৰু সেই সময়ৰ অসমত হোৱা যি ঘটনাৰ নাটকত সমাৱেশ কৰা হৈছে, সেই সকলোবোৰেই হোৱা ঘটনাৰ আলম লৈয়েই নাটকত দেখুৱা হৈছে। কেৱল সাহিত্যৰ খাতিৰত ঠায়ে ঠায়ে কলা প্ৰয়োগ আৰু সাহিত্য সুলভ নাটকীয় পৰিণতিৰ বাবেই বিশেষকৈ নাটকৰ সমাপতিত কল্পনাৰ আশ্ৰয লোৱা হৈছে, সেই সেই চৰিত্ৰৰ পূৰ্ব্বৰ কাৰ্য্যৰ সৈতে সামঞ্জস্য ৰাখিয়েই।

 ইয়াত অসমীয়া সাধাৰণ ডেকা-ডেকেৰীৰ চৰিত্ৰত যিখিনি সৰলতা দেখুৱাই, যিখিনিত দুৰ্বলতা আছে তাকো দেখুৱাবলৈ যত্ন কৰা হৈছে। অস- মীয়া সাধাৰণ ডেকাডেকেৰীয়ে পৃথিবীলৈ অহা ন পোহৰৰ বাণী কিমানখিনি লব পাৰিছে আৰু সেই পোহৰত নতুন দিনৰ বাবে নিজকেই গঢ়ি তুলিবলৈ কিমান দূৰ নতুন ভাবেৰে অনুপ্ৰাণিত হব পাৰিছে তাৰো আভাস দিবলৈ ইয়াত যত্ন কৰা হৈছে। যাতে আজি এই অসমীয়া জীৱনৰ সন্ধিক্ষণত অসমীয়াই নিজৰ স্বৰূপ চাবলৈ সুবিধা পাই, নিজৰ নিজৰ চৰিত্ৰৰ সবলতা দুৰ্ব্বলতা জানি ভৱিষ্যতৰ সৈতে যুঁজিবলৈ সক্ষম হব পাৰে।

 ওপৰত উনুকিয়াই অহা নাটকৰ নায়ক-নায়িকা প্ৰসঙ্গত আৰু অলপ [ পাতনি ] বহলাই কব খোঁজো। সমালোচকে, পাঠকে ইয়াত যদি গতানুগতিক নাটকৰ দৰেই নায়ক নায়িকা বিচাৰে তেন্তে হতাশ হব। Hero Heroine নথকা নাটক বহুতেই নাটককে বুলিবলৈ টান পাব। এইখিনিতে পাঠকে জানিব লাগিব যে নাট্যকাৰে আগৰ দৰে সমাজৰ এজনক hero কৰি অঁকা নাটকৰ গঢ়ত ইযাক লিখা নাই। সমূহ সমাজৰ বেলেগ বেলেগ ব্যক্তি প্ৰত্যেকৰেই ‘বীৰত্ব’ দেখুৱাবহে খুজিছে। যদি ইয়াত নায়ক নায়িকা বা hero heroine বিচাৰে, তেন্তে নিজৰ নিজৰ ক্ষেত্ৰত এই নাটৰ প্ৰত্যেকেই hero heroine। নাট্যকাৰে আশা কৰে ভৱিষ্যততো যাতে নিজৰ নিজৰ ক্ষেত্ৰত প্ৰত্যেকেই hero হব পৰা সমাজেই পৃথিবীত প্ৰতিষ্ঠিত হয়গৈ।

 সেই কাৰণে এই ‘লভিতা' নাটকীয় কাৰিকৰিৰ ফালৰ পৰা কিছু বেলেগ হৈছে। এই কথাটো নাটকৰ সমালোচকসকলে মনত ৰাখে যেন। হয়তো ‘লভিতা'ৰ মাজেদি নাটকীয় কাৰিকৰিৰ গতানুগতিক বান্ধ—অসমীয়া নাটকত ভাগি যাব খুজিছে।

 এই নাটকখন মই লিখিছো বোলাতকৈও মোৰ হতুৱাই লিখাইছে বুলিলেহে সঁচা কথা কোৱা হব। ডিব্ৰুগড়ৰ ড্ৰেমাটিক আৰ্ট প্লেয়াৰ্ছৰ আৰ্টিষ্ট সকলৰ উৎসাহ, বিশেষকৈ শ্ৰীমান অভয় দুৱৰা আৰু শ্ৰীমান তৰুণ দুৱৰাৰ বাবেইহে এই নাটক সৃষ্টি হবলৈ পালে। এই নাটকখন ওলোৱাৰ বাবে যদি কোনোবাই বিশেষ ধন্যবাদ পাব লাগে তেন্তে নিশ্চয় তেওঁলোকেইহে।

 ১৯৪৭ চনৰ পূজাত ডিব্ৰুগড়ৰ ৰঙ্গমঞ্চত তেওঁলোকে এই নাটকখনিৰ অতি সুন্দৰ অভিনয় কৰে।

 তেখেতসকলৰ শলাগ ললোঁ।

⸻⸻
[ পাতনি ]  সৰ্ব্বশেহত ইয়াকেই কব খোজো যে আজি অসমীয়া ৰাইজ নতুন নানা অৱস্থাৰ ঘাত-প্ৰতিঘাতৰ মাজত পৰি, নানা সমস্যাৰ চাকনৈয়াত ককবকাই এটা হতাশৰ মাজেদি গৈ নিজকেই এটা ক্ষয়িষ্ণু সংস্কৃতিৰ সমাজ বুলি ভবা যেন কৰিছে— কিন্তু মই এই নাটক অসমীয়া সমাজৰ বিষয়ে সঁচা। ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত কৰি দেখুৱাব খুজিছো যে – অসমীয়া জনসাধাৰণৰ প্ৰতিৰোধ শক্তি, অৱস্থাক জিনি জীয়াই থাকি পৃথিবীত নিজৰ অস্তিত্ব ৰাখিব পৰা যুজা ক্ষমতা নিশ্চয়েই হেৰুৱা নাই।
তামোলবাৰী চাহবাগিছা
পো: লাহোৱাল
১৯৪৭
}     ইতি আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )