পৃষ্ঠা:লভিতা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

 সৰ্ব্বশেহত ইয়াকেই কব খোজো যে আজি অসমীয়া ৰাইজ নতুন নানা অৱস্থাৰ ঘাত-প্ৰতিঘাতৰ মাজত পৰি, নানা সমস্যাৰ চাকনৈয়াত ককবকাই এটা হতাশৰ মাজেদি গৈ নিজকেই এটা ক্ষয়িষ্ণু সংস্কৃতিৰ সমাজ বুলি ভবা যেন কৰিছে— কিন্তু মই এই নাটক অসমীয়া সমাজৰ বিষয়ে সঁচা। ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত কৰি দেখুৱাব খুজিছো যে – অসমীয়া জনসাধাৰণৰ প্ৰতিৰোধ শক্তি, অৱস্থাক জিনি জীয়াই থাকি পৃথিবীত নিজৰ অস্তিত্ব ৰাখিব পৰা যুজা ক্ষমতা নিশ্চয়েই হেৰুৱা নাই।

তামোলবাৰী চাহবাগিছা
পো: লাহোৱাল
১৯৪৭
}     ইতি আশীৰ্ব্বাদ ভিখাৰী
শ্ৰীজ্যোতিপ্ৰসাদ আগৰৱালা