পৃষ্ঠা:লভিতা.pdf/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পাতনি

 লভিতা যদিও নাটকাকাৰে ৰঙ্গমঞ্চৰ কাৰণেই লিখা হৈছে, তথাপিও ই গতানুগতিক নাটকৰ শাৰীত নপৰে। ইয়াত সচৰাচৰ যেনেকৈ নাটকত আখ্যান, প্লট, চৰিত্ৰাঙ্কণ থাকে, ঠিক সেইদৰে সেইবোৰ ইয়াত দিয়া হোৱা নাই। আখ্যান আছে যদিও তাক মাত্ৰ নাটকীয় ঘটনাৱলী গাঁথিবলৈ সূত্ৰৰ দৰেহে লোৱা হৈছে। প্লট ইয়াত দেখুৱাব খোজা নাই। নায়ক নায়িকা হিচাপে ইয়াত চৰিত্ৰ নাই। ইয়াৰ নায়ক গোটেই অসমীয়া ৰাইজেই। অসমীয়া সমাজে কেনেকৈ বেলেগ বেলেপ জীৱন-ক্ষেত্ৰত সেই ক্ষেত্ৰৰ মাজেদি ব্যক্তিৰ সাম্ৰাজ্যবাদী সমৰৰ অসমীয়া জীৱনৰ ওপৰত সংঘাতক এহাতেৰে বাধা দি আনহাতে ভাৰতত সাম্ৰাজ্যবাদীৰ প্ৰভূত্ব ৰোধ কৰিবলৈ বিয়াল্লিছৰ বিপ্লৱৰ মাজেদি জাতিৰ সক্ষমতা বা অক্ষমতা দেখুৱাইছে, তাকেইহে এই নাটকত পাব।

 ই এখন নাটকীয় বাস্তৱমূলক কাহিনী। এই বাস্তৱমূলক কাহিনী ৰঙ্গমঞ্চত অভিনয়ৰ যোগেদি দৰ্শকৰ আগত দেখুৱাবৰ কাৰণে, যিমানখিনি নাটকীয় কাৰিকৰি তাত প্ৰয়োগ কৰিব লাগে, অৱশ্যে তাকেইহে কৰা হৈছে। গতানুগতিক নাটকৰ লক্ষণৰ ফালৰ পৰা যিসকল সমালোচকে এইখন পৰীক্ষা কৰিব, তেওঁলোকলৈ এই সঙ্কেত দিবৰ কাৰণেই এইখিনি কথা লিখা হ'ল।

 এই নাটকত অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে। এই নাটক কোনো ৰাজনৈতিক মতবাদ সমৰ্থন কৰি লিখা হোৱা নাই। যি যি ৰাজনৈতিক দলৰ কাৰ্য্যত যোগ দি অসমীয়াই নিজৰ চৰিত্ৰ প্ৰকাশ