পৃষ্ঠা:লভিতা.pdf/৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কৰিছে সেই সেই ৰাজনৈতিক দলৰ কাৰ্য্যৰ ঘটনাৱলীৰ ইয়াত সমাৱেশ হৈছে।

 ‘লভিতা’ আদৰ্শমূলক অসমীয়া ছোৱালীৰ চৰিত্ৰ নহয়। অসমীয়া সাধাৰণ গাঁৱলীয়া ছোৱালীৰনো চৰিত্ৰবল কেনে, আগেয়ে নোহোৱা- নোপজা ঘটনাৱলীৰ বানপানীত তাই কিমান দূৰ নিঃসহায়ৰ দৰে উটি গৈছে আৰু কিমানখিনিত সেই অভাৱনীয় অৱস্থাৰ সৈতে কি হিচাপে সৈমান নহৈ যুঁজ দিছে; কিমানখিনি নিজৰ আত্মবলৰ চিনাকী দি অৱস্থাক জিনি তাইৰ ভিতৰত লুকাই থকা অসমীয়া জাতিৰ চৰিত্ৰবলৰ পৰিচয় দিব পাৰিছে, তাকেহে সেই সময়ৰ অসমত ঘটা নানা ঘটনাৱলীৰ মাজেদি ওলোৱা অসমীয়া সাধাৰণ ডেকা-ডেকেৰীৰ চৰিত্ৰবলৰ নিদৰ্শন পয্যবেক্ষণ কৰি নাট্যকাৰে ‘লভিতা'ৰ যোগেদি ৰাইজৰ আগত দাঙি ধৰিছে। তাৰ লগে লগে সেই সময়ৰ অসমৰ জীৱনৰ সকলো ফালৰেই এটা হুবহু চিত্ৰ দিবলৈ চেষ্টা কৰা হৈছে। বিয়াল্লিছৰ বিপ্লৱ আৰু দ্বিতীয় মহাসমৰৰ মাজেদি অসমীয়া জাতীয় চৰিত্ৰৰ বাস্তৱিক ব্যৱহাৰৰ এই নাটক পয্যালোচনাৰ দৰেই বুলি কলেও ভুল নহব।

 এই নাটকত যিবোৰ ঘটনা আৰু চৰিত্ৰ দিয়া হৈছে, সেইবোৰ সকলো বিয়াল্লিছ আৰু দ্বিতীয় মহাসমৰৰ অসমত হোৱা সঁচা ঘটনাৱলীৰ ওপৰত প্ৰতিষ্ঠিত। 'লভিতা'ৰ চৰিত্ৰৰ প্ৰথম ছোৱাৰ বাবে সমল গোটোৱা হৈছে, ১৯৪১ চনৰ শেহত তেজপুৰৰ “শালনি এয়াৰ ফিল্ড”ত হোৱা ঘটনা এটাৰ পৰা। তাত “শালনি এয়াৰ ড্ৰম”ৰ লগালগি অসমীয়া গাঁও এখন তুলি দিয়াৰ সময়ত, মিলিটেৰীৰ সহায়েৰে মানুহবোৰক তুলি দিয়া হৈছিল। তাৰে গাঁৱৰ এঘৰত, ভেটিৰ পৰা আঁতৰি নাযাওঁ বুলি কেবাগৰাকীও তিৰোতাই গুৰ্খা চিপাহীৰ চঙীনৰ আগতে বুকুপাতি থিয় হৈছিল। বন্দুক বৰতোপেৰে ভয়খুৱাই তেওঁলোকক আঁতৰ কৰিব নোৱাৰি শেহত জিলাৰ ডেপুটি কমিছনাৰে তাৰ কংগ্ৰেছৰ কৰ্তৃপক্ষৰ দ্বাৰাই তেওঁলোকক