পৃষ্ঠা:লভিতা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

বহলাই কব খোঁজো। সমালোচকে, পাঠকে ইয়াত যদি গতানুগতিক নাটকৰ দৰেই নায়ক নায়িকা বিচাৰে তেন্তে হতাশ হব। Hero Heroine নথকা নাটক বহুতেই নাটককে বুলিবলৈ টান পাব। এইখিনিতে পাঠকে জানিব লাগিব যে নাট্যকাৰে আগৰ দৰে সমাজৰ এজনক hero কৰি অঁকা নাটকৰ গঢ়ত ইযাক লিখা নাই। সমূহ সমাজৰ বেলেগ বেলেগ ব্যক্তি প্ৰত্যেকৰেই ‘বীৰত্ব’ দেখুৱাবহে খুজিছে। যদি ইয়াত নায়ক নায়িকা বা hero heroine বিচাৰে, তেন্তে নিজৰ নিজৰ ক্ষেত্ৰত এই নাটৰ প্ৰত্যেকেই hero heroine। নাট্যকাৰে আশা কৰে ভৱিষ্যততো যাতে নিজৰ নিজৰ ক্ষেত্ৰত প্ৰত্যেকেই hero হব পৰা সমাজেই পৃথিবীত প্ৰতিষ্ঠিত হয়গৈ।

 সেই কাৰণে এই ‘লভিতা' নাটকীয় কাৰিকৰিৰ ফালৰ পৰা কিছু বেলেগ হৈছে। এই কথাটো নাটকৰ সমালোচকসকলে মনত ৰাখে যেন। হয়তো ‘লভিতা'ৰ মাজেদি নাটকীয় কাৰিকৰিৰ গতানুগতিক বান্ধ—অসমীয়া নাটকত ভাগি যাব খুজিছে।

 এই নাটকখন মই লিখিছো বোলাতকৈও মোৰ হতুৱাই লিখাইছে বুলিলেহে সঁচা কথা কোৱা হব। ডিব্ৰুগড়ৰ ড্ৰেমাটিক আৰ্ট প্লেয়াৰ্ছৰ আৰ্টিষ্ট সকলৰ উৎসাহ, বিশেষকৈ শ্ৰীমান অভয় দুৱৰা আৰু শ্ৰীমান তৰুণ দুৱৰাৰ বাবেইহে এই নাটক সৃষ্টি হবলৈ পালে। এই নাটকখন ওলোৱাৰ বাবে যদি কোনোবাই বিশেষ ধন্যবাদ পাব লাগে তেন্তে নিশ্চয় তেওঁলোকেইহে।

 ১৯৪৭ চনৰ পূজাত ডিব্ৰুগড়ৰ ৰঙ্গমঞ্চত তেওঁলোকে এই নাটকখনিৰ অতি সুন্দৰ অভিনয় কৰে।

 তেখেতসকলৰ শলাগ ললোঁ।

⸻⸻