পৃষ্ঠা:মেঘনাদ সাহা.pdf/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

কলিকতাতে নিউক্লিয় পদাৰ্থবিদ্যাৰ গৱেষণাগাৰ স্থাপনৰ বাবে প্ৰভৃত আৰ্থিক আৰু অন্যান্য সাহায্য লাভ কৰিলে। কোৱা বাহুল্য, চাইক্ল 'ট্ৰনক কেন্দ্ৰ কৰি এটি আন্তৰ্জাতিক মানৰ গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰাটো আছিল অধ্যাপক সাহাৰ বহুদিনীয়া সপোন। এই সপোনৰ পৰাই ভাবীকালৰ 'নিউক্লিয় পদাৰ্থবিজ্ঞান প্ৰতিষ্ঠান'ৰ (Institute of Nuclear Physics) জন্ম। ১৯৪৮ চনৰ ২১ এপ্ৰিলত এই প্ৰতিষ্ঠানৰ জন্ম হৈছিল। বিজ্ঞান চৰ্চাৰ পৰিকল্পনা আৰু প্ৰসাৰত এই প্ৰতিষ্ঠানকেই সাহাৰ অক্ষয় কীৰ্তিৰূপে স্বীকৃতি দিয়া হয়। সাহাৰ মৃত্যুৰ পিছত এই গৱেষণাকেন্দ্ৰ আজি ‘সাহা নিউক্লিয় পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান’ (Saha Institute of Nuclear Physics) নামেৰে খ্যাত।

এলাহাবাদত বিজ্ঞানীসকলৰ লগত মেঘানাদ সাহা ১৯৩৮

  অধ্যাপক সাহাই ভাৰতত পোন প্ৰথমবাৰৰ বাবে নিউক্লিয় পদাৰ্থবিদ্যাক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰে। আগ্ৰা, এলাহাবাদ আৰু কলিকতা বিশ্ববিদ্যালয় এই ক্ষেত্ৰত বাটকটীয়া। পৰৱৰ্তী কালত সাহাই অন্যান্য বিশ্ববিদ্যালয়তো আধুনিক পদাৰ্থবিদ্যাৰ পাঠ্যক্ৰমত নিউক্লিয় পদাৰ্থবিদ্যা অন্তৰ্ভুক্ত কৰাত বিশেষ উদ্যোগ গ্ৰহণ কৰে।

  ইয়াৰ উপৰি তেওঁ ভাৰতৰ সৰ্বপ্ৰথম বিজ্ঞান গৱেষণাগাৰ 'ইণ্ডিয়ান এছ’চিয়েছন ফৰ দি কালটিভেশ্বন অব ছায়েন্স’ৰ প্ৰভূত সম্প্ৰসাৰণ আৰু উন্নতি