পৃষ্ঠা:মেঘনাদ সাহা.pdf/২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

সাধন কৰে। প্ৰসংগতঃ উল্লেখযোগ্য যে ১৮৭৬ চনতে প্ৰতিষ্ঠিত এইটো গৱেষণাগাৰতে চি ভি ৰমনে তেওঁৰ বিখ্যাত 'ৰমন পৰিঘটনা' (Raman Effect) আৱিষ্কাৰ কৰিছিল। ১৯৫০ চনৰ পৰা মৃত্যুৰ সময়লৈকে অধ্যাপক সাহা এই গৱেষণাগাৰৰ সঞ্চালক আছিল।

  ‘নিউক্লিয় পদাৰ্থবিদ্যা প্ৰতিষ্ঠান' আৰু 'ইণ্ডিয়ান এছ'চিয়েশ্বন ফৰ দি কালটিভেশ্বন অব ছায়েন্স'—এই দুটা গৱেষণাগাৰ সাহাৰ প্ৰচুৰ সাংগাঠনিক প্ৰতিভাৰ উজ্বল স্বাক্ষৰ।

  ১৯৪৫ চনত হোমি জাহাংগীৰ ভাবাৰ সভাপতিত্বত ভাৰতৰ পৰমাণু শক্তি প্ৰকল্প সমিতি গঠিত হয়। মেঘনাদ সাহা এই সমিতিৰ সদস্য আছিল। সমিতিখনৰ আন দুজন সদস্য আছিল শান্তিস্বৰূপ ভাটনগৰ আৰু নছলি ওৱাদিয়া।

  ১৯৪৮ চনত ভাৰত চৰকাৰে পাৰমাণৱিক শক্তি আয়োগ গঠনৰ বাবে অধ্যাপক সাহাৰ অভিমত বিচাৰে। সাহাই দ্ব্যৰ্থহীন ভাষাত ইয়াৰ বিৰোধীতা কৰে। সাহাৰ মতে, (ক) দেশত বিদ্যুৎ শিল্পৰ যথেষ্ট উন্নতি নোহোৱাকৈ আৰু শিল্পৰ গাঁথনি তৈয়াৰ নকৰাকৈ পাৰমাণৱিক শক্তি উৎপাদন সম্ভৱ নহয়। (খ) ভাৰতত পাৰমাণৱিক শক্তি আয়োগ গঠন কৰাৰ আগতে পাৰমাণৱিক শক্তি উৎপাদনৰ বাবে উপযুক্ত বিজ্ঞানী আৰু ইঞ্জিনিয়াৰসকলক বিদেশত প্ৰশিক্ষণ দি অনা উচিত আছিল। ভাৰত চৰকাৰে সাহাৰ মতবাদক গ্ৰাহ্য় নকৰি পাৰমাণৱিক শক্তি আয়োগ গঠন কৰিলে। হোমি জাহাংগীৰ ভাবা এই আয়োগৰ অধ্যক্ষ হয়। দুৰ্ভাগ্যৰ কথা, এইদৰেই ভাৰতত পাৰমাণৱিক শক্তি প্ৰকল্পৰ মূল সুঁতিৰ পৰা মেঘনাদ সাহা বাহিৰতে ৰৈ গ’ল।