মেঘনাদ সাহা/শেওৰাতলীৰ শিশুটি
শেওৰাতলীৰ
শিশুটি
বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ এখন সৰু গাঁও। নাম শেওৰাতলী। এখন বিশেষতত্বহীন গাঁও। গাঁওখনৰ অধিবাসীসকলৰ সৰহভাগেই আছিল সৰু-সুৰা ব্যৱসায়ী। এইখন গাঁৱৰে এজন ব্যৱসায়ী আছিল জগন্নাথ সাহা। সাহাৰ পৰিয়ালত আছিল তেওঁৰ পত্নী ভুবনেশ্বৰী, দুটি পুত্ৰ আৰু দুগৰাকী কন্যা। দৰিদ্ৰ নহ'লেও সাহাৰ সংসাৰ বৰ স্বচ্ছল নাছিল। সাধাৰণভাৱেই জগন্নাথ আৰু তেওঁৰ পৰিয়ালটোৰ সংসাৰখন চলি গৈছিল।
এদিনাখনৰ কথা। সেইদিনা ৰাতি ভীষণ ধুমুহা-বৰষুণ আহিছিল। গাজনি- ঢেৰেকনিয়ে আতংকৰ সৃষ্টি কৰা সেইটো নিশাতে জগন্নাথ সাহাৰ পত্নী ভুবনেশ্বৰীয়ে এটি পুত্র সন্তানৰ জন্ম দিছিল। সেই দিনটো আছিল ১৮৯৩ চনৰ ৬ অক্টোবৰ। সাহা পৰিয়ালৰ এইটো আছিল পঞ্চম সন্তান। সন্তানটি জন্ম হ'বৰ সময়ত হোৱা ধুমুহা-বৰষুণৰ বাবে পৰিয়ালটোৰ বৰ কষ্ট হৈছিল। প্রচণ্ড ধুমুহাই তেওঁলোকৰ সৰু জুপুৰীটোৰ চালখনো উৰুৱাই নিছিল। বহুসময় ধৰি প্ৰকৃতিৰ এনে সংহাৰ মূৰ্তিয়ে শাম নকটা দেখি পৰিয়ালটিয়ে বতৰৰ দেৱতাক সন্তুষ্ট কৰিবলৈ সন্তানটিৰ নাম থলে মেঘনাদ; মেঘনাদ সাহা। মেঘনাদ শব্দৰ অৰ্থ মেঘৰ গাজনি; লংকাধিপতি ৰাৱণৰ পুত্ৰৰ নামো আছিল মেঘনাদ। উল্লিখিত সন্তানটিয়েও নিজৰ নামৰ সাৰ্থকতা পৰবৰ্তী জীৱনত যথার্থভাৱে প্ৰমাণ কৰি দেখুৱাইছিল।
ওপৰত আমি যিখন গাঁৱৰ কথা উল্লেখ কৰি আহিছো, জনশ্রুতিমতে সেইখন গাঁৱৰ শিশুৱে হেনো খোজ কাঢ়িবলৈ শিকাৰ আগতেই সাঁতুৰিবলৈ [ ২ ] শিকিছিল। মেঘনাদো ইয়াৰ ব্যতিক্রম নাছিল। শকত আৱত, স্বাস্থ্যবান শিশু মেঘনাদে সাঁতোৰাৰ উপৰি নাও বাবলৈও শিকিছিল।
মেঘনাদৰ পিতৃ জগন্নাথৰ আৰ্থিক অৱস্থা বৰ স্বচ্ছল নোহোৱা বাবে তেওঁ সন্তান কেইটিক স্কুলীয়া শিক্ষা দিব পৰা নাছিল। মেঘনাদৰ ককায়েক দুজনে বিদ্যালয়ত নাম লগাইছিল যদিও আর্থিক অনাটনৰ বাবে শিক্ষা সম্পূৰ্ণ কৰাৰ আগতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তদুপৰি সেই সময়ত শেওৰাতলী গাঁৱত বৰ ভাল বিদ্যালয় নাছিল। বহির্জগতৰ লগত গাঁওখনৰ সংযোগো আছিল কম। সৰ্বোপৰি সাহা পৰিয়ালটোৱে শিক্ষাক সমুলি গুৰুত্ব দিয়া নাছিল। সেয়ে মেঘনাদৰ ককায়েক দুজনে বিদ্যালয়ৰ শিক্ষা আধাতে এৰিবলগীয়া হোৱাত পিতৃ জগন্নাথে বিশেষ আক্ষেপ কৰা নাছিল।
কিন্তু দৈত্যকুলত প্ৰহ্লাদৰ জন্ম হোৱাৰ দৰে মেঘনাদ আছিল আন ধৰণৰ। পঢ়া-শুনাই আছিল তেওঁৰ প্ৰথম আৰু প্ৰধান ৰাপ। তদুপৰি তেওঁৰ স্মৃতিশক্তিও আছিল অতিশয় প্ৰখৰ। এবাৰ পঢ়িলে বা শিকিলে সেইখিনি তেওঁ নাপাহৰিছিল।
যি কি নহওক যথাসময়ত মেঘনাদে গাঁৱৰ পাঠশালা বিদ্যালয়খনতে নাম লগালে। নানান সমস্যা, অনাটন আৰু পৰিয়ালৰ এই বিষয়ত অমনোযোগিতা সত্ত্বেও নিজ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত মেঘনাদে পাঠশালাৰ শিক্ষা সফলতাৰে সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছতমেঘনাদ আন এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হ'ল। সেই সময়ত শেওৰাতলী গাঁৱত কোনো মাধ্যমিক বিদ্যালয় নাছিল। একমাত্র মাধ্যমিক বিদ্যালয়খন আছিল শেওৰাতলীৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৈৰ শিমুলিয়াত। ইমান দূৰ নিতৌ বিদ্যালয়লৈ অহা-যোৱা কৰাতো সম্ভৱ নহয়। ইফালে মেঘনাদৰ পিতৃৰ ইচ্ছা, মেঘনাদে পঢ়া-শুনা সিমানতে সামৰি তেওঁৰ (পিতৃৰ) ব্যৱসায়ত সহায় কৰক। কিন্তু মেঘনাদ নাচোৰবোন্দা। তেওঁ পঢ়িবই। তেনে অৱস্থাতে ককায়েক জয়নাথে মেঘনাদক সহায় কৰিবলৈ আগবাঢ়ি আহিল। তেওঁৰ যত্নতেই মেঘনাদে প্রায় ১২ কিলোমিটাৰ দূৰৈৰ শিমুলিয়া মধ্য ইংৰাজী বিদ্যালয়ত নাম লগালে। ককায়েক জয়নাথৰ চেষ্টাতেই মেঘনাথে শিমুলিয়াৰ এজন ডাক্তৰৰ ঘৰত আশ্ৰয় আৰু খোৱা-পঢ়াৰ সুবিধা পালে। আশ্রয় দিয়াৰ বিনিময়ত তেওঁ ডাক্তৰৰ ঘৰত কাঁহী-বাতি ধোৱা, ঘৰ-দুৱাৰ চাফা কৰা, গৰু-ম'হ চৰোৱা আদি কাম কৰিবলগীয়া হ’ল। এই কাম তেওঁ অৱশ্যে আনন্দেৰেই কৰিছিল; কাৰণ তাৰ পৰিবৰ্তে তেওঁ [ ৩ ]আচার্য প্রফুল্লচন্দ্ৰ ৰায় (চকিত বহি মাজৰজন) আৰু তেওঁৰ
ছাত্রসকল। পিছত থিয় হৈ বাওঁহাতে মেঘানাদ সাহা (১৯১৬)
থকা-খোৱা আৰু পঢ়াৰ সুযোগ পাইছিল। প্রতিষ্ঠা লাভৰ পাছতো এই ডাক্তৰ পৰিয়ালৰ প্ৰতি তেওঁৰ কৃতজ্ঞতাৰ অন্ত নাছিল। মেঘনাদৰ চৰিত্ৰৰ এইটো দিশ, পঢ়াশুনাৰ প্ৰতি অদম্য আগ্ৰহ আৰু কৃতজ্ঞতাবোধ তেওঁৰ পৰবৰ্তী জীৱনৰ পদে পদে পৰিলক্ষিত হয়।
শিমুলিয়া বিদ্যালয়ত মেঘনাদে ষষ্ঠ শ্রেণীলৈকে পঢ়ে আৰু সেইখন বিদ্যালয়ৰ পৰাই পৰীক্ষা দি তেওঁ ঢাকা জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি মধ্য ইংৰাজী পৰীক্ষাত উত্তীর্ণ হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বাবে তেওঁ মাহে চাৰিটকীয়া এটা বৃত্তিও লাভ কৰিছিল।
মধ্য ইংৰাজী শিক্ষা সম্পূৰ্ণ কৰি ১৯০৫ চনত মেঘনাদে ১২ বছৰ বয়সত ঢাকা কলেজিয়েট বিদ্যালয়ত নাম লগায়। কলেজিয়েট স্কুলত থাকোতেই তেওঁ কেইবাগৰাকীও মেধাবী ছাত্ৰৰ সান্নিধ্যলৈ আহে। লগে লগে তেওঁ নিজৰ গাঁৱৰ পৰিবেশতকৈ সুকীয়া পৃথিৱী এখনৰ লগতো পৰিচিত হ'ল।[ ৪ ] ১৯০৫ চনতে ঢাকাত আৰম্ভ হৈছিল ঐতিহাসিক বংগ ভংগ আন্দোলন। মেঘনাদে পোনপটীয়াকৈ এই আন্দোলনত অংশ গ্ৰহণ কৰা নাছিল যদিও তেওঁ আছিল ইয়াৰ ঘোৰ সমর্থক। আন্দোলনটোক সমৰ্থন কৰা বাবে আৰু ইয়াৰ অনুপ্ৰেৰণাতেই এবাৰ স্কুললৈ স্কুল পৰিদৰ্শক আহোতে তেওঁ স্কুলৰ শ্ৰেণী বয়কট কৰিলে। ইয়াৰ ফলত তেওঁ স্কুলৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ'ল। মাহে মাহে তেওঁ লাভ কৰি থকা বৃত্তিটোও কৰ্তৃপক্ষই বন্ধ কৰি দিলে। মেধাবী ছাত্ৰ হোৱা বাবে মেঘনাদে মাচুল নিদিয়াকৈ পঢ়াৰ সুবিধা পাইছিল। উল্লিখিত অপৰাধৰ বাবে তেওঁ সেই সুবিধাৰ পৰাও বঞ্চিত হ’ল। এইটো মেঘনাদৰ জীৱনৰ এক বিশেষ উল্লেখযোগ্য ঘটনা। এইটো ঘটনাই পৰবৰ্তী জীৱনত তেওঁক বাৰুকৈয়ে প্রভাবিত কৰিছিল।
এনে অৱস্থাত মেঘনাদ উপায়হীন হ’ল যদিও তেওঁ সাহস নেহেৰুৱালে। ঢাকাৰে কিশোৰীলাল জুবিলী বিদ্যালয়ত তেওঁ নাম লগালেগৈ। এইখন বিদ্যালয়ে মেঘনাদলৈ আর্থিক সাহায্যও আগবঢ়াইছিল। ১৯০৯ চনত কিশোৰীলাল জুবিলী বিদ্যালয়ৰ পৰা তেওঁ পূৰ্ববংগৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। এই পৰীক্ষাত তেওঁ গণিত, ইংৰাজী, বাংলা আৰু সংস্কৃতত সর্ব্বোচ্চ নম্বৰ লাভ কৰিছিল।
প্রবেশিকা পৰীক্ষা পাছ কৰাৰ পাছত ১৯০৯ চনত মেঘনাদে ঢাকা কলেজৰ বিজ্ঞান শাখাত নাম লগায়। ইয়াতে তেওঁ অধ্যাপক নগেন্দ্রনাথ সেনৰ সান্নিধ্যলৈ আহে। অধ্যাপক সেনৰ উদ্যোগতে সাহাই জার্মান ভাষা শিকিবলৈ লয় আৰু সময়ত এই ভাষাত বুৎপত্তি প্রদর্শন কৰে। ১৯১১ চনত ঢাকা কলেজৰ পৰাই মেঘনাদ সাহাই বিশ্ববিদ্যালয়ৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ইন্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হয়। নম্বৰ তালিকা অনুসৰি তেওঁ তৃতীয় স্থান পাইছিল যদিও গণিত আৰু ৰসায়ন বিজ্ঞানত মেঘনাদে লাভ কৰা নম্বৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্ব্বোচ্চ আছিল। এনেদৰেই মেঘনাদৰ সুপ্ত প্রতিভা লাহে লাহে বিকশিত হ’বলৈ ধৰে।
এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।
এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।
ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে উপলব্ধ।