শেওৰাতলীৰ
শিশুটি
বৰ্তমানৰ বাংলাদেশৰ ৰাজধানী ঢাকাৰ পৰা ৪৫ কিলোমিটাৰ নিলগৰ এখন সৰু গাঁও। নাম শেওৰাতলী। এখন বিশেষতত্বহীন গাঁও। গাঁওখনৰ অধিবাসীসকলৰ সৰহভাগেই আছিল সৰু-সুৰা ব্যৱসায়ী। এইখন গাঁৱৰে এজন ব্যৱসায়ী আছিল জগন্নাথ সাহা। সাহাৰ পৰিয়ালত আছিল তেওঁৰ পত্নী ভুবনেশ্বৰী, দুটি পুত্ৰ আৰু দুগৰাকী কন্যা। দৰিদ্ৰ নহ'লেও সাহাৰ সংসাৰ বৰ স্বচ্ছল নাছিল। সাধাৰণভাৱেই জগন্নাথ আৰু তেওঁৰ পৰিয়ালটোৰ সংসাৰখন চলি গৈছিল।
এদিনাখনৰ কথা। সেইদিনা ৰাতি ভীষণ ধুমুহা-বৰষুণ আহিছিল। গাজনি- ঢেৰেকনিয়ে আতংকৰ সৃষ্টি কৰা সেইটো নিশাতে জগন্নাথ সাহাৰ পত্নী ভুবনেশ্বৰীয়ে এটি পুত্র সন্তানৰ জন্ম দিছিল। সেই দিনটো আছিল ১৮৯৩ চনৰ ৬ অক্টোবৰ। সাহা পৰিয়ালৰ এইটো আছিল পঞ্চম সন্তান। সন্তানটি জন্ম হ'বৰ সময়ত হোৱা ধুমুহা-বৰষুণৰ বাবে পৰিয়ালটোৰ বৰ কষ্ট হৈছিল। প্রচণ্ড ধুমুহাই তেওঁলোকৰ সৰু জুপুৰীটোৰ চালখনো উৰুৱাই নিছিল। বহুসময় ধৰি প্ৰকৃতিৰ এনে সংহাৰ মূৰ্তিয়ে শাম নকটা দেখি পৰিয়ালটিয়ে বতৰৰ দেৱতাক সন্তুষ্ট কৰিবলৈ সন্তানটিৰ নাম থলে মেঘনাদ; মেঘনাদ সাহা। মেঘনাদ শব্দৰ অৰ্থ মেঘৰ গাজনি; লংকাধিপতি ৰাৱণৰ পুত্ৰৰ নামো আছিল মেঘনাদ। উল্লিখিত সন্তানটিয়েও নিজৰ নামৰ সাৰ্থকতা পৰবৰ্তী জীৱনত যথার্থভাৱে প্ৰমাণ কৰি দেখুৱাইছিল।
ওপৰত আমি যিখন গাঁৱৰ কথা উল্লেখ কৰি আহিছো, জনশ্রুতিমতে সেইখন গাঁৱৰ শিশুৱে হেনো খোজ কাঢ়িবলৈ শিকাৰ আগতেই সাঁতুৰিবলৈ