পৃষ্ঠা:মেঘনাদ সাহা.pdf/৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২ মেঘনাদ সাহা
 

শিকিছিল। মেঘনাদো ইয়াৰ ব্যতিক্রম নাছিল। শকত আৱত, স্বাস্থ্যবান শিশু মেঘনাদে সাঁতোৰাৰ উপৰি নাও বাবলৈও শিকিছিল।

 মেঘনাদৰ পিতৃ জগন্নাথৰ আৰ্থিক অৱস্থা বৰ স্বচ্ছল নোহোৱা বাবে তেওঁ সন্তান কেইটিক স্কুলীয়া শিক্ষা দিব পৰা নাছিল। মেঘনাদৰ ককায়েক দুজনে বিদ্যালয়ত নাম লগাইছিল যদিও আর্থিক অনাটনৰ বাবে শিক্ষা সম্পূৰ্ণ কৰাৰ আগতেই বিদ্যালয় এৰিবলগীয়া হৈছিল। তদুপৰি সেই সময়ত শেওৰাতলী গাঁৱত বৰ ভাল বিদ্যালয় নাছিল। বহির্জগতৰ লগত গাঁওখনৰ সংযোগো আছিল কম। সৰ্বোপৰি সাহা পৰিয়ালটোৱে শিক্ষাক সমুলি গুৰুত্ব দিয়া নাছিল। সেয়ে মেঘনাদৰ ককায়েক দুজনে বিদ্যালয়ৰ শিক্ষা আধাতে এৰিবলগীয়া হোৱাত পিতৃ জগন্নাথে বিশেষ আক্ষেপ কৰা নাছিল।

 কিন্তু দৈত্যকুলত প্ৰহ্লাদৰ জন্ম হোৱাৰ দৰে মেঘনাদ আছিল আন ধৰণৰ। পঢ়া-শুনাই আছিল তেওঁৰ প্ৰথম আৰু প্ৰধান ৰাপ। তদুপৰি তেওঁৰ স্মৃতিশক্তিও আছিল অতিশয় প্ৰখৰ। এবাৰ পঢ়িলে বা শিকিলে সেইখিনি তেওঁ নাপাহৰিছিল।

 যি কি নহওক যথাসময়ত মেঘনাদে গাঁৱৰ পাঠশালা বিদ্যালয়খনতে নাম লগালে। নানান সমস্যা, অনাটন আৰু পৰিয়ালৰ এই বিষয়ত অমনোযোগিতা সত্ত্বেও নিজ একাগ্ৰতা আৰু পৰিশ্ৰমৰ বলত মেঘনাদে পাঠশালাৰ শিক্ষা সফলতাৰে সম্পূৰ্ণ কৰিলে। ইয়াৰ পাছতমেঘনাদ আন এটা সমস্যাৰ সন্মুখীন হ’বলগীয়া হ'ল। সেই সময়ত শেওৰাতলী গাঁৱত কোনো মাধ্যমিক বিদ্যালয় নাছিল। একমাত্র মাধ্যমিক বিদ্যালয়খন আছিল শেওৰাতলীৰ পৰা প্ৰায় ১২ কিলোমিটাৰ দূৰৈৰ শিমুলিয়াত। ইমান দূৰ নিতৌ বিদ্যালয়লৈ অহা-যোৱা কৰাতো সম্ভৱ নহয়। ইফালে মেঘনাদৰ পিতৃৰ ইচ্ছা, মেঘনাদে পঢ়া-শুনা সিমানতে সামৰি তেওঁৰ (পিতৃৰ) ব্যৱসায়ত সহায় কৰক। কিন্তু মেঘনাদ নাচোৰবোন্দা। তেওঁ পঢ়িবই। তেনে অৱস্থাতে ককায়েক জয়নাথে মেঘনাদক সহায় কৰিবলৈ আগবাঢ়ি আহিল। তেওঁৰ যত্নতেই মেঘনাদে প্রায় ১২ কিলোমিটাৰ দূৰৈৰ শিমুলিয়া মধ্য ইংৰাজী বিদ্যালয়ত নাম লগালে। ককায়েক জয়নাথৰ চেষ্টাতেই মেঘনাথে শিমুলিয়াৰ এজন ডাক্তৰৰ ঘৰত আশ্ৰয় আৰু খোৱা-পঢ়াৰ সুবিধা পালে। আশ্রয় দিয়াৰ বিনিময়ত তেওঁ ডাক্তৰৰ ঘৰত কাঁহী-বাতি ধোৱা, ঘৰ-দুৱাৰ চাফা কৰা, গৰু-ম'হ চৰোৱা আদি কাম কৰিবলগীয়া হ’ল। এই কাম তেওঁ অৱশ্যে আনন্দেৰেই কৰিছিল; কাৰণ তাৰ পৰিবৰ্তে তেওঁ