পৃষ্ঠা:মেঘনাদ সাহা.pdf/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শেওৰাতলীৰ শিশুটি ৩
 

আচার্য প্রফুল্লচন্দ্ৰ ৰায় (চকিত বহি মাজৰজন) আৰু তেওঁৰ
ছাত্রসকল। পিছত থিয় হৈ বাওঁহাতে মেঘানাদ সাহা (১৯১৬)

থকা-খোৱা আৰু পঢ়াৰ সুযোগ পাইছিল। প্রতিষ্ঠা লাভৰ পাছতো এই ডাক্তৰ পৰিয়ালৰ প্ৰতি তেওঁৰ কৃতজ্ঞতাৰ অন্ত নাছিল। মেঘনাদৰ চৰিত্ৰৰ এইটো দিশ, পঢ়াশুনাৰ প্ৰতি অদম্য আগ্ৰহ আৰু কৃতজ্ঞতাবোধ তেওঁৰ পৰবৰ্তী জীৱনৰ পদে পদে পৰিলক্ষিত হয়।

 শিমুলিয়া বিদ্যালয়ত মেঘনাদে ষষ্ঠ শ্রেণীলৈকে পঢ়ে আৰু সেইখন বিদ্যালয়ৰ পৰাই পৰীক্ষা দি তেওঁ ঢাকা জিলাৰ সকলো পৰীক্ষাৰ্থীৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি মধ্য ইংৰাজী পৰীক্ষাত উত্তীর্ণ হয়। সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বাবে তেওঁ মাহে চাৰিটকীয়া এটা বৃত্তিও লাভ কৰিছিল।

 মধ্য ইংৰাজী শিক্ষা সম্পূৰ্ণ কৰি ১৯০৫ চনত মেঘনাদে ১২ বছৰ বয়সত ঢাকা কলেজিয়েট বিদ্যালয়ত নাম লগায়। কলেজিয়েট স্কুলত থাকোতেই তেওঁ কেইবাগৰাকীও মেধাবী ছাত্ৰৰ সান্নিধ্যলৈ আহে। লগে লগে তেওঁ নিজৰ গাঁৱৰ পৰিবেশতকৈ সুকীয়া পৃথিৱী এখনৰ লগতো পৰিচিত হ'ল।