সমললৈ যাওক

পৃষ্ঠা:মেঘনাদ সাহা.pdf/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪ মেঘনাদ সাহা
 

 ১৯০৫ চনতে ঢাকাত আৰম্ভ হৈছিল ঐতিহাসিক বংগ ভংগ আন্দোলন। মেঘনাদে পোনপটীয়াকৈ এই আন্দোলনত অংশ গ্ৰহণ কৰা নাছিল যদিও তেওঁ আছিল ইয়াৰ ঘোৰ সমর্থক। আন্দোলনটোক সমৰ্থন কৰা বাবে আৰু ইয়াৰ অনুপ্ৰেৰণাতেই এবাৰ স্কুললৈ স্কুল পৰিদৰ্শক আহোতে তেওঁ স্কুলৰ শ্ৰেণী বয়কট কৰিলে। ইয়াৰ ফলত তেওঁ স্কুলৰ পৰা বহিষ্কাৰ হ’বলগীয়া হ'ল। মাহে মাহে তেওঁ লাভ কৰি থকা বৃত্তিটোও কৰ্তৃপক্ষই বন্ধ কৰি দিলে। মেধাবী ছাত্ৰ হোৱা বাবে মেঘনাদে মাচুল নিদিয়াকৈ পঢ়াৰ সুবিধা পাইছিল। উল্লিখিত অপৰাধৰ বাবে তেওঁ সেই সুবিধাৰ পৰাও বঞ্চিত হ’ল। এইটো মেঘনাদৰ জীৱনৰ এক বিশেষ উল্লেখযোগ্য ঘটনা। এইটো ঘটনাই পৰবৰ্তী জীৱনত তেওঁক বাৰুকৈয়ে প্রভাবিত কৰিছিল।

 এনে অৱস্থাত মেঘনাদ উপায়হীন হ’ল যদিও তেওঁ সাহস নেহেৰুৱালে। ঢাকাৰে কিশোৰীলাল জুবিলী বিদ্যালয়ত তেওঁ নাম লগালেগৈ। এইখন বিদ্যালয়ে মেঘনাদলৈ আর্থিক সাহায্যও আগবঢ়াইছিল। ১৯০৯ চনত কিশোৰীলাল জুবিলী বিদ্যালয়ৰ পৰা তেওঁ পূৰ্ববংগৰ ভিতৰত প্রথম স্থান অধিকাৰ কৰি প্রবেশিকা পৰীক্ষাত উত্তীর্ণ হয়। এই পৰীক্ষাত তেওঁ গণিত, ইংৰাজী, বাংলা আৰু সংস্কৃতত সর্ব্বোচ্চ নম্বৰ লাভ কৰিছিল।

 প্রবেশিকা পৰীক্ষা পাছ কৰাৰ পাছত ১৯০৯ চনত মেঘনাদে ঢাকা কলেজৰ বিজ্ঞান শাখাত নাম লগায়। ইয়াতে তেওঁ অধ্যাপক নগেন্দ্রনাথ সেনৰ সান্নিধ্যলৈ আহে। অধ্যাপক সেনৰ উদ্যোগতে সাহাই জার্মান ভাষা শিকিবলৈ লয় আৰু সময়ত এই ভাষাত বুৎপত্তি প্রদর্শন কৰে। ১৯১১ চনত ঢাকা কলেজৰ পৰাই মেঘনাদ সাহাই বিশ্ববিদ্যালয়ৰ ভিতৰতে তৃতীয় স্থান লাভ কৰি ইন্টাৰমিডিয়েট পৰীক্ষাত উত্তীর্ণ হয়। নম্বৰ তালিকা অনুসৰি তেওঁ তৃতীয় স্থান পাইছিল যদিও গণিত আৰু ৰসায়ন বিজ্ঞানত মেঘনাদে লাভ কৰা নম্বৰ বিশ্ববিদ্যালয়ৰ ভিতৰতে সৰ্ব্বোচ্চ আছিল। এনেদৰেই মেঘনাদৰ সুপ্ত প্রতিভা লাহে লাহে বিকশিত হ’বলৈ ধৰে।