মেঘনাদ সাহা/শব্দাৰ্থ আৰু টোকা

ৱিকিউৎসৰ পৰা
[ ২৯ ]
 


 

শব্দাৰ্থ আৰু
টোকা



আপেক্ষিকতাবাদ (Theory of Relativity) : পদাৰ্থ বিজ্ঞানত 'আপেক্ষিকতাবাদ’ সম্পৰ্কীয় আইনষ্টাইনৰ মতবাদ। এই মতবাদ মূলতঃ দুটা সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম, কোনো বস্তুৰ গতি অন্য-নিৰপেক্ষ হোৱা সম্ভৱ নহয়; দ্বিতীয়, স্থান আৰু কাল পৰস্পৰ সম্বন্ধযুক্ত, অৰ্থাৎ, আপেক্ষিক; ইয়াৰ এটাক বাদ দি আনটোৰ অস্তিত্ব সম্ভৱ নহয়। কোনো বস্তুৰ গতি আন কোনো স্থিৰ বস্তুৰ পৰিপেক্ষিততেই নিৰ্ধাৰিত হ’ব পাৰে। কিন্তু এই বিশ্বত কোনো বস্তুৱেই স্থিৰ নহয়, পৃথিবী, গ্ৰহ-নক্ষত্ৰ আদি সকলোৱেই মহাশূন্যত গতিশীল। সেয়েহে পদাৰ্থৰ অন্য-নিৰপেক্ষ নিজস্ব গতি নিৰ্ধাৰণ কৰা সম্ভৱ নহয়। সকলো ধৰণৰ গতিয়েই আপেক্ষিক। একেদৰে স্থান আৰু কালো পৰস্পৰ আপেক্ষিক; কাৰণ, মহাশূন্যত ভ্ৰাম্যমান বস্তু মাত্ৰেই অৱস্থান অনুযায়ী সময় আৰু সময় অনুযায়ী অৱস্থান হ’বলৈ বাধ্য। আইনষ্টাইনৰ এই মতবাদৰ বিস্তৃত যুক্তিত জ্যোতিৰ্বিজ্ঞানৰ বিভিন্ন অভিনৱ তথ্য উদঘাটন হৈছে; পদাৰ্থৰ পাৰমাণবিক শক্তি সম্পৰ্কীয় বিবিধ তথ্যও প্ৰমাণিত হৈছে। ইয়াৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ মূল গঠন-বৈচিত্ৰ একেই নিয়মেৰে গ্ৰথিত হৈছে। বহু জটিল যুক্তি আৰু গাণিতিক সমাধানৰ ভিত্তিত প্ৰতিষ্ঠিত আইনষ্টাইনৰ এই মতবাদ বাস্তব পৰীক্ষা আদিতো সকলো ক্ষেত্ৰতে নিৰ্ভুল বুলি প্ৰমাণিত হৈছে।

আয়নমণ্ডল : ভূপৃষ্ঠৰ পৰা প্ৰায় ৫০-৪০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত আয়নায়িত বায়বীয় স্তৰ।

ইলেকট্ৰন : জড় পদাৰ্থৰ মৌলিক কণা, পাৰমাণবিক উপাদান। ১৮৯৭ চনত ইংৰাজ বিজ্ঞানী জে জে টমছনে ইয়াক আৱিষ্কাৰ কৰে। ইলেকট্ৰনবোৰ পৰমাণু কেন্দ্ৰৰ চৌদিশে বিভিন্ন কক্ষপথত দ্ৰুতবেগত ঘূৰি থাকে।

এনৰিকো ফাৰ্মি (Enrico Fermi, ১৯০১-১৯৫৪): ইটালীৰ পদাৰ্থ বিজ্ঞানী। দ্বিতীয় মহাসমৰৰ সময়ত ইটালী ত্যাগ আৰু আমেৰিকাত বসবাস। গধুৰ পানী (Heavy [ ৩০ ] Water) সম্পৰ্কে গুৰুত্বপূৰ্ণ মৌলিক গবেষণা। ১৯৩৮ চনত নোবেল বঁটা লাভ। পাৰমাণবিক বিভাজনৰ নানা দিশত অৱদান স্মৰণীয়।

এলবাৰ্ট আইনষ্টাইন (১৮৭৯-১৯৫৫): ইহুদি বংশীয় বিশ্ববিশ্ৰুত জাৰ্মান পদাৰ্থবিদ আৰু গণিতজ্ঞ। গণিতত অপূৰ্ব প্ৰতিভা; পদাৰ্থ বিজ্ঞানৰ গবেষণাত আত্মনিয়োগ। ১৯০৫ চনত আপেক্ষিকতাবাদ আবিষ্কাৰ কৰি পদাৰ্থ বিজ্ঞানত যুগান্তৰৰ সূচনা কৰে। গতিবিদ্যা, তাপবিজ্ঞান, মহাকৰ্ষ শক্তি আদি বিষয়ে মূল্যবান গৱেষণা। ১৯২১ চনত পদাৰ্থ বিজ্ঞানত নোবেল পুৰস্কাৰ লাভ।

ওয়া-ল্টাৰ নাৰ্নষ্ট (Walter Nernst. ১৮৬৪-১৯৪১) : জাৰ্মান পদাৰ্থবিদ। ১৯২৫ চনত বাৰ্লিন বিশ্ববিদ্যালয়ৰ পদাৰ্থবিদ্যা বিভাগৰ সঞ্চালক। তাপগতিবিদ্যাৰ তৃতীয় সূত্ৰৰ উদ্ভাৱক। ১৯২০ চনত ৰসায়ন বিজ্ঞানত নোবেল পুৰস্কাৰ লাভ।

কোৱান্টাম তত্ত্ব (Quantam Theory) : শক্তিৰ বিকিৰণ সম্পৰ্কীয় তত্ত্ব। ১৯০০ চনত জাৰ্মান পদাৰ্থবিদ মেক্স প্লাংকে ইয়াক প্ৰকাশ কৰে। এই তত্ত্বমতে, বিকিৰিত শক্তি প্ৰেৰণ আৰু গ্ৰহণ অবিচ্ছিন্নভাৱে নহয়। এই শক্তি কণিকাবোৰক কোৱান্টাম বুলি কোৱা হয়। প্ৰত্যেক কোৱান্টামৰ শক্তি সিহঁতৰ কম্পাংকৰ (Frequency) নিৰ্দিষ্ট গুণ বেছি।

(ছাৰ) চন্দ্ৰশেখৰ ভেংকটৰমন (১৮৮৮-১৯৭০) : ভাৰতীয় পদাৰ্থবিদ। মাদ্ৰাজ বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ। কেইবছৰমান চৰকাৰী চাকৰি কৰাৰ পিছত কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ অধ্যাপকৰূপে যোগদান। পোহৰ আৰু শব্দ বিজ্ঞানৰ মৌলিক গৱেষণাৰে অৱদান আৰু পোহৰ বিজ্ঞানত ‘ৰমন পৰিঘটনা’ (Raman Effect) নামে এক মৌলিক তথ্য আৱিষ্কাৰ। ১৯১৪ চনত লণ্ডনৰ ৰয়েল ছচাইটিৰ এফ আৰ এছ (FRS: Fellow of Royal Society) সন্মান লাভ। ১৯২৯ চনত ‘নাইট’ উপাধিৰে সন্মানিত। ‘ৰমন পৰিঘটনা’ আৱিষ্কাৰৰ স্বীকৃতিস্বৰূপে ১৯৩০ চনত নোবেল বঁটা লাভ। ভাৰত চৰকাৰৰ 'জাতীয় অধ্যাপক’ৰূপে সন্মানিত।

চাইক্লট্ৰন যন্ত্ৰ : উচ্চ শক্তিশালী বিভিন্ন তড়িৎ কণিকা উৎপাদনৰ বাবে উদ্ভাবিত এক ধৰণৰ জটিল যন্ত্ৰ।

চিজিয়াম (Ceasium) : ক্ষাৰীয় শ্ৰেণীৰ ধাতৱ মৌল। সাংকেতিক চিহ্ন Cs; পাৰমাণবিক ওজন ১৩২.৯১; পাৰমাণবিক সংখ্যা ৫৫। বিদ্যুৎ কোষ নিৰ্মাণত ইয়াৰ যৌগ ব্যৱহৃত হয়।

জগদীশ চন্দ্ৰ বসু (১৮৫৮-১৯৩৭): ভাৰতীয় পদাৰ্থবিদ আৰু উদ্ভিদ বিজ্ঞানী। কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ স্নাতক (B Sc); ১৮৯৬ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ। কলিকতাৰ প্ৰেচিডেন্সি কলেজত অধ্যাপনা। পদাৰ্থ বিজ্ঞানত অনাঁতাৰ তৰংগ [ ৩১ ] বিষয়ক গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ। উদ্ভিদেও যে প্ৰাণীদেহৰ দৰে আঘাত-উত্তেজনাৰ প্ৰতি সঁহাৰি দিয়ে, সেই তথ্য আৱিষ্কাৰ কৰি বিশ্বব্যাপি খ্যাতি লাভ। ভাৰতত মৌলিক গৱেষণাৰ প্ৰসাৰৰ বাবে কলিকতাত প্ৰতিষ্ঠা কৰা ‘বসু বিজ্ঞান মন্দিৰ' তেওঁৰ আন এক অক্ষয় কীৰ্তি।

জলস্থিতি বিজ্ঞান (Hydrostatics) : বিশেষ অৱস্থানত তৰল পদাৰ্থৰ স্থিৰ অৱস্থিতিৰ ফলত উদ্ভৱ হোৱা শক্তি, চাপ, কাৰ্যকাৰিতা আদি বিষয়ক বিভিন্ন তথ্যাদি সম্পৰ্কিত বিজ্ঞান।

জ্যোতিপদাৰ্থবিজ্ঞান (Astrophysics) : গ্ৰহ-নক্ষত্ৰৰ গঠন, অৱস্থান, উপাদান, ঔজ্জ্বল্য, গতি-প্ৰকৃতি আদি বিষয়ক গৱেষণা বিজ্ঞান।

(ছাৰ) জ্ঞানচন্দ্ৰ ঘোষ : খাতনামা ৰসায়নবিদ। জন্ম : ১৪ ছেপ্টেম্বৰ, ১৮৯৪। মৃত্যুঃ ২১ জানুৱাৰী, ১৯৫৯। কলিকতাৰ প্ৰেচিডেন্সি কলেজত শিক্ষালাভ। লণ্ডন বিশ্ববিদ্যালয়ৰ পদ ডক্টৰেট অব ছায়েন্স (D.Sc.) ডিগ্ৰী লাভ। প্ৰথমতে ঢাকাত আৰু পাছত কলিকতা বিশ্ববিদ্যালয়ৰ ৰসায়নৰ অধ্যাপক। ১৯৩৯ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতি; সেই একে বছৰতে বাংগালোৰৰ ইনষ্টিটিউট অব ছায়েন্স’ৰ সঞ্চালকৰূপে নিযুক্ত। পাছত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। বিভিন্ন বিজ্ঞান- প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য। ১৯৪৩ চনত ইংৰাজ চৰকাৰৰ দ্বাৰা নাইট উপাধি প্ৰদান। ১৯৫৪ চনত ভাৰত চৰকাৰৰ ‘পদ্মবিভূষণ’ উপাধিৰে ভূষিত। ৰসায়নৰ বিভিন্ন তাত্ত্বিক আৰু কাৰিকৰী গৱেষণাত বিশেষ কৃতিত্ব অৰ্জন। শিক্ষা, শিল্প আৰু জাতীয় জীৱনৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে স্মৰণীয়।

জ্ঞানেন্দ্ৰনাথ মুখোপাধ্যায় (১৮৯৩-১৯৮৩) : ভাৰতীয় ৰসায়নবিদ। জন্ম: বাংলাদেশৰ মহাদেৱ গাঁৱত। শিক্ষা কলিকতাত। ১৯১৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী (M.Sc.) আৰু পিছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অব ছায়েন্স ডিগ্ৰী লাভ। কলিকতালৈ উভতি আহি কলিকতা বিশ্ববিদ্যালয়ৰ ভৌত ৰসায়ন (Physical Chemistry) বিভাগৰ অধ্যাপক নিযুক্ত। ১৯৪৫ চনত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ সঞ্চালক নিযুক্ত।

তাপগতি বিজ্ঞান (Thermodynamics): উত্তাপৰ প্ৰভাৱত বিশেষ বিশেষ অৱস্থানত বিভিন্ন পদাৰ্থত গতি শক্তি, তড়িৎ শক্তি আদি যিবোৰ বিভিন্ন শক্তিৰ উদ্ভৱ ঘটে, তাৰ সূত্ৰ, প্ৰকৃতি আৰু তথ্যাদি সম্পৰ্কীয় গাণিতিক বিজ্ঞান।

নিউক্লিয় পদাৰ্থবিদ্যা (Nuclear Physics) : পৰমাণুৰ অভ্যন্তৰস্থ নিউক্লিয়াছৰ গঠন আৰু তাৰ সংগঠক বিভিন্ন কণিকা সম্বন্ধীয় বিশেষ তথ্যাদিৰ পৰীক্ষা আৰু গৱেষণাদি [ ৩২ ] কৰা বিজ্ঞানৰ বিশেষ শাখা। এক কথাত ক'ব পাৰি, পৰমাণুৰ কেন্দ্ৰৰ গঠন আৰু শক্তি সম্বন্ধীয় বিজ্ঞান।

প্ৰফুল্ল চন্দ্ৰ ৰায় (১৮৬১-১৯৪৪) : ভাৰতীয় ৰসায়নবিদ। বাংলাদেশৰ ৰাৰুলী গাঁৱত জন্ম। কলিকতা আৰু এডিনবৰা বিশ্ববিদ্যালয়ত শিক্ষা লাভ। ১৮৮৯ চনত এডিনবৰা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ আৰু পাছত কলিকতাৰ প্ৰেচিডেন্স কলেজত অধ্যাপনা আৰু মৌলিক গৱেষণা। ৰসায়ন বিজ্ঞানৰ বহু গুৰুত্বপূৰ্ণ মৌলিক তথ্য আৱিষ্কাৰ;আন্তৰ্জাতিক খ্যাতি অৰ্জন। প্ৰাচীন হিন্দু ৰসায়নৰ ইতিহাস প্ৰণয়ন। কলিকতা বিশ্ববিদ্যালয়ৰ বিজ্ঞান কলেজ স্থাপনৰ প্ৰধান উদ্যোক্তা আৰু ভাৰতত ৰাসায়নিক গৱেষণাৰ ভিত্তি স্থাপনৰ বাটকটীয়া। ১৮৯৩ চনত ভাৰতত মৌলিক ৰসায়ন শিল্পৰ সৰ্বপ্ৰথম প্ৰতিষ্ঠান ‘বেংগল কেমিকেল ৱৰ্কছ’ স্থাপন। ঋষিতুল্য, দেশহিতৈষী বিজ্ঞান সাধক। দেশকল্যাণ আৰু শিক্ষা বিস্তাৰৰ বাবে বিপুল অৰ্থ দান।

প্ৰশান্তচন্দ্ৰ মহলানবিশ (১৮৯৩-১৯৭২) : ভাৰতীয় পৰিসংখ্যাবিদ আৰু পদাৰ্থবিজ্ঞানী। কলিকতা বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপক; সংখ্যা বিজ্ঞানৰ প্ৰবৰ্তক। পৰিসংখ্যা বিজ্ঞানক সুদৃঢ় বৈজ্ঞানিক ভিত্তিত প্ৰতিষ্ঠা কৰাত বাটকটীয়া। লণ্ডনৰ ৰয়েল ছচাইটিৰ সদস্য। ভাৰতীয় পৰিসংখ্যা সংসদৰ প্ৰতিষ্ঠাপক সভাপতি। পৰিসংখ্যা বিজ্ঞানলৈ অসামান্য অৱদান; আন্তৰ্জাতিক খ্যাতি অৰ্জন।

বৰ্ণালী-বীক্ষণ যন্ত্ৰ (Spectroscope) : বৰ্ণালী প্ৰস্তুত আৰু পৰীক্ষা কৰা যন্ত্ৰ। ইয়াৰ সহায়ত বৰ্ণালীৰ বিভিন্ন দৃশ্য বৰ্ণ-ৰশ্মিৰ পাৰস্পৰিক অৱস্থান, ঔজ্জ্বল্য আদি সঠিকভাৱে পৰ্যবেক্ষণ আৰু প্ৰত্যক্ষ কৰিব পাৰি।

মেক্স প্লাংক (Max Plank, ১৮৫৭-১৯৪৭) : জাৰ্মান পদাৰ্থবিদ। বিভিন্ন শক্তিৰ বিকিৰণ সম্বন্ধে গুৰুত্বপূৰ্ণ মৌলিক তথ্য আৱিষ্কাৰ; ‘কোৱান্টামবাদ’ ইয়াৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য। ১৯০০ চনত উদ্ভাবিত এই সূত্ৰৰ সহায়ত পাৰমাণবিক শক্তি, সৌৰ শক্তি, বিভিন্ন বৰ্ণালীৰ পোহৰ শক্তি আদিৰ পৰিমাণ নিৰ্ধাৰণ আৰু তাত্ত্বিক ব্যাখ্যা সম্ভৱপৰ হৈছে। এই যুগান্তকাৰী সূত্ৰ উদ্ভাৱনৰ স্বীকৃতিস্বৰূপে ১৯১৮ চনত তেওঁ পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰে।

ৰমন পৰিঘটনা: কোনো পদাৰ্থৰ অণুত যদি পোহৰৰ সংঘাত হয়, তেনেহ'লে পোহৰৰ কম্পন সংখ্যা হয় হ্ৰাস বা বৃদ্ধি পাব। ফলত পোহৰৰ ৱিকিৰণ ঘটিব। চমুকৈ এয়ে ৰমন পৰিঘটনাৰ মূলতত্ত্ব।

ৰুবিডিয়াম (Rubidium) : ধাতৱ মৌলিক পদাৰ্থ। সাংকেতিক চিহ্ন Rb, পাৰমাণবিক ওজন ৮৫.৪৮; পাৰমাণবিক সংখ্যা ৩৭। বগা আৰু কোমল ধাতু। ৰাসায়নিক সংযোগৰ [ ৩৩ ] শক্তি যথেষ্ট প্রবল। সহজেই অন্যান্য পদাৰ্থৰ লগত ইয়াৰ ৰাসায়নিক মিলনত বিভিন্ন যৌগ গঠন হয়।

 শাস্তিস্বৰূপ ভাটনাগৰ (১৮৯৫-১৯৫৫) : ভাৰতীয় বিজ্ঞানী। ১৯২১ চনত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্রী লাভ। চৌম্বিক ৰসায়ন সম্পৰ্কীয় গৱেষণাত খ্যাতি লাভ আৰু এই বিষয়ৰ এখনি প্রামাণিক গ্ৰন্থৰ ৰচয়িতা।

 সত্যেন্দ্রনাথ বসু (১৮৯৪-১৯৭৪) : প্রখ্যাত ভাৰতীয় পদার্থ বিজ্ঞানী আৰু গণিতজ্ঞ। কলিকতাতেই জন্ম আৰু শিক্ষা লাভ। ১৯১৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত শীর্ষস্থান লাভ কৰি স্নাতকোত্তৰ ডিগ্রী (M.Sc.) লাভ। ঢাকা আৰু কলিকতা বিশ্ববিদ্যালয়ৰ উপাচার্য। ১৯৪৪ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতি; ভাৰত চৰকাৰৰ ‘পদ্মবিভূষণ' উপাধি লাভ। লণ্ডনৰ 'ৰয়েল ছচাইটিৰ ফেল’ (FRS)। কোৱাণ্টাম তত্ত্বৰ ভিত্তিত মেক্সৱেলে প্রবর্তন কৰা সংখ্যায়নক এওঁ পৰিশোধিত কৰে। এই বিষয়ত বসুৰ প্ৰবন্ধ প্রকাশ হোৱাৰ পাছত তাৰ ভিত্তিত আইন্‌ষ্টাইনে একক পৰমাণুযুক্ত গেছৰ এক নতুন সংখ্যাতত্ত্ব প্রকাশ কৰে, যি ‘বোস-আইনষ্টাইন সংখ্যায়ন’ (Bose-Einstein Statistics) নামে পৰিচিত হয়। পাছত দেখা যায় যে এই সংখ্যায়ন সকলো মৌলিক কণাৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। যিবোৰ ক্ষেত্ৰত এই সংখ্যায়ন প্রযোজ্য, সত্যেন্দ্ৰনাথ বসুৰ নাম অনুসৰি সেইবোৰৰ নাম দিয়া হয় ‘বোসন’। ১৯৫৭ চনত কলিকতা বিশ্ববিদ্যালয়ৰ ‘ডক্টৰেট অব ছায়েন্স’ উপাধিৰে বিভূষিত। ১৯৬০ চনত ভাৰত চৰকাৰৰ ‘জাতীয় অধ্যাপক'ৰূপে সন্মানিত।

 হোমি জাহাংগীৰ ভাবা (১৯০৯-১৯৬৬): ভাৰতীয় পদার্থবিদ। বোম্বাই আৰু কেম্ব্রিজ বিশ্ববিদ্যালয়ত শিক্ষা গ্রহণ। নিউক্লিয় পদার্থবিদ্যা আৰু মহাজাগতিক ৰশ্মি সম্পর্কিত গৱেষণাত বিপুল খ্যাতি। বোম্বাইৰ টাটা গৱেষণা প্ৰতিষ্ঠানৰ অধ্যক্ষ; ভাৰত চৰকাৰৰ পৰমাণু শক্তি আয়োগৰ সভাপতি। ‘পদ্মবিভূষণ’ উপাধিৰে সন্মানিত।

⸻⸻

এই লেখা ক্ৰিয়েটিভ কমন্স এট্ৰিবিউচন-শ্বেয়াৰ এলাইক 4.0 আন্তৰ্জাতিক অনুজ্ঞাপত্ৰৰ অধীনত মুকলি কৰা হৈছে, ইয়াৰ মতে আপুনি এই লেখাৰ অনুজ্ঞাপত্ৰ পৰিবৰ্তন নকৰাকৈ আৰু স্পষ্টকৈ উল্লেখ কৰি, আৰু মূল লেখকৰ নাম উল্লেখ কৰি বিনামূলীয়াকৈ ব্যৱহাৰ, বিতৰণ, আৰু বিকাশ কৰিব পাৰিব—আৰু যদি আপুনি বিকল্প, পৰিবৰ্তন, বা এই লেখাৰ পৰা অন্য কোনো লেখা প্ৰস্তুত কৰে, সেই লেখাও একে অনুজ্ঞাপত্ৰৰ অধীনতহে মুকলি কৰিব পাৰিব।

 

এই লেখাটো মুক্ত আৰু ইয়াক সকলোৱে যিকোনো কাৰণত বা যিকোনো উদ্দেশ্যত ব্যৱহাৰ কৰিব পাৰে। আপুনি যদি এই সমল ব্যৱহাৰ কৰিব বিচাৰে, তেন্তে এই পৃষ্ঠাত উল্লিখিত অনুজ্ঞাপত্ৰৰ প্ৰয়োজনীয়তাসমূহ অনুসৰণ কৰিলে আপুনি অনুমতি বিচৰাৰ প্ৰয়োজন নাই ।

ৱিকিমিডিয়াই ই-মেইলযোগে এই লেখাৰ স্বত্বাধীকাৰীৰ পৰা এই লেখাক এইটো পৃষ্ঠাত উল্লিখিত চৰ্তসমূহৰ অধীনত ইয়াৰ ব্যৱহাৰৰ অনুমোদন লাভ কৰিছে। এই বাৰ্তালাপক এজন OTRS সদস্যই পৰিদৰ্শন কৰিছে আৰু ইয়াক আমাৰ অনুমতিৰ সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। এই বাৰ্তালাপ বিশ্বাসযোগ্য স্বেচ্ছাসেৱকসকলৰ বাবে এই লিংকত উপলব্ধ।