পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 


 

শব্দাৰ্থ আৰু
টোকা



আপেক্ষিকতাবাদ (Theory of Relativity) : পদাৰ্থ বিজ্ঞানত 'আপেক্ষিকতাবাদ’ সম্পৰ্কীয় আইনষ্টাইনৰ মতবাদ। এই মতবাদ মূলতঃ দুটা সিদ্ধান্তৰ ওপৰত প্ৰতিষ্ঠিত। প্ৰথম, কোনো বস্তুৰ গতি অন্য-নিৰপেক্ষ হোৱা সম্ভৱ নহয়; দ্বিতীয়, স্থান আৰু কাল পৰস্পৰ সম্বন্ধযুক্ত, অৰ্থাৎ, আপেক্ষিক; ইয়াৰ এটাক বাদ দি আনটোৰ অস্তিত্ব সম্ভৱ নহয়। কোনো বস্তুৰ গতি আন কোনো স্থিৰ বস্তুৰ পৰিপেক্ষিততেই নিৰ্ধাৰিত হ’ব পাৰে। কিন্তু এই বিশ্বত কোনো বস্তুৱেই স্থিৰ নহয়, পৃথিবী, গ্ৰহ-নক্ষত্ৰ আদি সকলোৱেই মহাশূন্যত গতিশীল। সেয়েহে পদাৰ্থৰ অন্য-নিৰপেক্ষ নিজস্ব গতি নিৰ্ধাৰণ কৰা সম্ভৱ নহয়। সকলো ধৰণৰ গতিয়েই আপেক্ষিক। একেদৰে স্থান আৰু কালো পৰস্পৰ আপেক্ষিক; কাৰণ, মহাশূন্যত ভ্ৰাম্যমান বস্তু মাত্ৰেই অৱস্থান অনুযায়ী সময় আৰু সময় অনুযায়ী অৱস্থান হ’বলৈ বাধ্য। আইনষ্টাইনৰ এই মতবাদৰ বিস্তৃত যুক্তিত জ্যোতিৰ্বিজ্ঞানৰ বিভিন্ন অভিনৱ তথ্য উদঘাটন হৈছে; পদাৰ্থৰ পাৰমাণবিক শক্তি সম্পৰ্কীয় বিবিধ তথ্যও প্ৰমাণিত হৈছে। ইয়াৰ ফলত বিশ্বব্ৰহ্মাণ্ডৰ মূল গঠন-বৈচিত্ৰ একেই নিয়মেৰে গ্ৰথিত হৈছে। বহু জটিল যুক্তি আৰু গাণিতিক সমাধানৰ ভিত্তিত প্ৰতিষ্ঠিত আইনষ্টাইনৰ এই মতবাদ বাস্তব পৰীক্ষা আদিতো সকলো ক্ষেত্ৰতে নিৰ্ভুল বুলি প্ৰমাণিত হৈছে।

আয়নমণ্ডল : ভূপৃষ্ঠৰ পৰা প্ৰায় ৫০-৪০০ কিলোমিটাৰ উচ্চতাত অৱস্থিত আয়নায়িত বায়বীয় স্তৰ।

ইলেকট্ৰন : জড় পদাৰ্থৰ মৌলিক কণা, পাৰমাণবিক উপাদান। ১৮৯৭ চনত ইংৰাজ বিজ্ঞানী জে জে টমছনে ইয়াক আৱিষ্কাৰ কৰে। ইলেকট্ৰনবোৰ পৰমাণু কেন্দ্ৰৰ চৌদিশে বিভিন্ন কক্ষপথত দ্ৰুতবেগত ঘূৰি থাকে।

এনৰিকো ফাৰ্মি (Enrico Fermi, ১৯০১-১৯৫৪): ইটালীৰ পদাৰ্থ বিজ্ঞানী। দ্বিতীয় মহাসমৰৰ সময়ত ইটালী ত্যাগ আৰু আমেৰিকাত বসবাস। গধুৰ পানী (Heavy