পৃষ্ঠা:মেঘনাদ সাহা.pdf/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শব্দাৰ্থ আৰু টোকা ৩১
 

বিষয়ক গুৰুত্বপূৰ্ণ তথ্য আৱিষ্কাৰ। উদ্ভিদেও যে প্ৰাণীদেহৰ দৰে আঘাত-উত্তেজনাৰ প্ৰতি সঁহাৰি দিয়ে, সেই তথ্য আৱিষ্কাৰ কৰি বিশ্বব্যাপি খ্যাতি লাভ। ভাৰতত মৌলিক গৱেষণাৰ প্ৰসাৰৰ বাবে কলিকতাত প্ৰতিষ্ঠা কৰা ‘বসু বিজ্ঞান মন্দিৰ' তেওঁৰ আন এক অক্ষয় কীৰ্তি।

জলস্থিতি বিজ্ঞান (Hydrostatics) : বিশেষ অৱস্থানত তৰল পদাৰ্থৰ স্থিৰ অৱস্থিতিৰ ফলত উদ্ভৱ হোৱা শক্তি, চাপ, কাৰ্যকাৰিতা আদি বিষয়ক বিভিন্ন তথ্যাদি সম্পৰ্কিত বিজ্ঞান।

জ্যোতিপদাৰ্থবিজ্ঞান (Astrophysics) : গ্ৰহ-নক্ষত্ৰৰ গঠন, অৱস্থান, উপাদান, ঔজ্জ্বল্য, গতি-প্ৰকৃতি আদি বিষয়ক গৱেষণা বিজ্ঞান।

(ছাৰ) জ্ঞানচন্দ্ৰ ঘোষ : খাতনামা ৰসায়নবিদ। জন্ম : ১৪ ছেপ্টেম্বৰ, ১৮৯৪। মৃত্যুঃ ২১ জানুৱাৰী, ১৯৫৯। কলিকতাৰ প্ৰেচিডেন্সি কলেজত শিক্ষালাভ। লণ্ডন বিশ্ববিদ্যালয়ৰ পদ ডক্টৰেট অব ছায়েন্স (D.Sc.) ডিগ্ৰী লাভ। প্ৰথমতে ঢাকাত আৰু পাছত কলিকতা বিশ্ববিদ্যালয়ৰ ৰসায়নৰ অধ্যাপক। ১৯৩৯ চনত ভাৰতীয় বিজ্ঞান কংগ্ৰেছৰ সভাপতি; সেই একে বছৰতে বাংগালোৰৰ ইনষ্টিটিউট অব ছায়েন্স’ৰ সঞ্চালকৰূপে নিযুক্ত। পাছত কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য। বিভিন্ন বিজ্ঞান- প্ৰতিষ্ঠানৰ সঞ্চালক আৰু ভাৰতৰ ৰাষ্ট্ৰীয় পৰিকল্পনা আয়োগৰ সদস্য। ১৯৪৩ চনত ইংৰাজ চৰকাৰৰ দ্বাৰা নাইট উপাধি প্ৰদান। ১৯৫৪ চনত ভাৰত চৰকাৰৰ ‘পদ্মবিভূষণ’ উপাধিৰে ভূষিত। ৰসায়নৰ বিভিন্ন তাত্ত্বিক আৰু কাৰিকৰী গৱেষণাত বিশেষ কৃতিত্ব অৰ্জন। শিক্ষা, শিল্প আৰু জাতীয় জীৱনৰ ক্ষেত্ৰত অসামান্য অৱদানৰ বাবে স্মৰণীয়।

জ্ঞানেন্দ্ৰনাথ মুখোপাধ্যায় (১৮৯৩-১৯৮৩) : ভাৰতীয় ৰসায়নবিদ। জন্ম: বাংলাদেশৰ মহাদেৱ গাঁৱত। শিক্ষা কলিকতাত। ১৯১৫ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী (M.Sc.) আৰু পিছত লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট অব ছায়েন্স ডিগ্ৰী লাভ। কলিকতালৈ উভতি আহি কলিকতা বিশ্ববিদ্যালয়ৰ ভৌত ৰসায়ন (Physical Chemistry) বিভাগৰ অধ্যাপক নিযুক্ত। ১৯৪৫ চনত ভাৰতীয় কৃষি গৱেষণা কেন্দ্ৰৰ সঞ্চালক নিযুক্ত।

তাপগতি বিজ্ঞান (Thermodynamics): উত্তাপৰ প্ৰভাৱত বিশেষ বিশেষ অৱস্থানত বিভিন্ন পদাৰ্থত গতি শক্তি, তড়িৎ শক্তি আদি যিবোৰ বিভিন্ন শক্তিৰ উদ্ভৱ ঘটে, তাৰ সূত্ৰ, প্ৰকৃতি আৰু তথ্যাদি সম্পৰ্কীয় গাণিতিক বিজ্ঞান।

নিউক্লিয় পদাৰ্থবিদ্যা (Nuclear Physics) : পৰমাণুৰ অভ্যন্তৰস্থ নিউক্লিয়াছৰ গঠন আৰু তাৰ সংগঠক বিভিন্ন কণিকা সম্বন্ধীয় বিশেষ তথ্যাদিৰ পৰীক্ষা আৰু গৱেষণাদি