পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৯০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৭
মিৰি-জীয়ৰী

শপত খাইছে এইবাৰ হোনো তোক মই লৈ গলে আমাৰ দুইকো বিয়া দিব। তোৰ বাপেৰে মোক জোঁৱাই চপাই লব। মোক পো কৰি ৰাখিব লাহৰি ঐ। পলাওঁ বল। পিছতো আৰু অনেক কথা-বতৰা হম পাৰিম।" পানেয়ে জঙ্কিৰ এই কথাত আকৌ কান্দিব ধৰিলে। পেটে পেটে ভাবিলে তাই কেনে অন্যায় কাম কৰিছে, তাই যদি পলাই ঘূণাসুঁতিৰ ফালে গৈ জঙ্কিৰ লগত লগ লাগিলহেঁতেন, তেন্তে এতেদিনে কিজানি মাক-বাপেকে তাইক ক্ষমা কৰি জঙ্কিলৈকে দিলেহেঁতেন। যাহক এতিয়া আৰু কান্দিবৰ সময় নাই। লৰালৰিকৈ পলাবই লাগে। এইবুলি চকু-মুখ মচি বিছনাৰ ওপৰৰ পৰা গাটো দাঙি যাবলৈ মন কৰিছে মাথোন, জঙ্কিয়ে থিয় হৈ ইফালে সিফালে চাইছে মাথোন, এনেতে ক'ৰ পৰা কেনেকৈ তত্ক্ষণাৎ চকুৰ নিমিষতে ৰেবাং, কেদিং, তামেং, লাইপুং ইত্যাদি চাৰিটা পৰ্ব্বতীয়া মিৰিয়ে সিহঁতক বেঢ়ি ধৰিলে আৰু হাতে-ভৰিয়ে বান্ধি পেলালে। পানেই-জঙ্কি দুইও কপালত চপৰিয়াব ধৰিলে। সিহঁতৰ ডেডনিয়ে গগন উধালে। পৰ্ব্বতীয়া মিৰিকেইটাই সিহঁতক হাতে-ভৰিয়ে বান্ধি পেলাই থলে। হে জগদীশ্বৰ! প্ৰভু! মোৰ নো এই আজলা-আজলী মিৰি ডেকা-গাভৰুহাতে তোমাৰ চৰণত কি পাপ কৰিছিল! সিহঁতেনো কেলেই ইমান কষ্ট পালে! জগদীশ্বৰ! তুমি সিহঁতক প্ৰায় সুখৰ বাটলৈ আনিছিলা; কিন্তু হঠাতে নো আকৌ কেলেই এনে বিসঙ্গতি ঘটালা? প্ৰভু! তোমাৰ মহিমা বুজা বৰ টান।

⸺⸺