পৃষ্ঠা:মিৰি-জীয়ৰী.pdf/৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮৬
মিৰি-জীয়ৰী

পৰ্ব্বতীয়া দস্তুৰ মতে প্ৰণয়ো জনাইছিল আৰু তাইক তাৰ তিৰোতা কৰিবলৈকো বিচাৰিছিল; কিন্তু মোৰ চতুৰী মিৰি-জীয়ৰীয়ে এইবাৰো অনেক বুদ্ধি-কৌশল কৰি তাইৰ সতীত্ব ৰক্ষা কৰিছিল।

 তাই এইদৰে এনিশা শুই আছে; মনতে নিজৰ অৱস্থা গুণিছে, মাক-বাপেকলৈ মনত পৰি মোৰ আজলী মিৰি জীয়ৰীৰ চকুৰ লো ওলাল। কান্দোতে কান্দোতে মূৰ-শিতান তিতি গল। লাহেকৈ আই নিদ্ৰাদেৱীয়ে তাইৰ চকু আকৰ্ষণ কৰিলে। চকু মুদোতেই তাই এটি সামাজিক দেখিলে। তাই দেখিলে—তাই যেন তাইৰ চেনেঙে সৈতে একেলগে হাতত ধৰাধৰি কৰি ফুৰিছে। তাই দেখিলে যেন তাইৰ "চেনেঙে" সৈতে আকৌ আহুতলিত ভূঁই ৰখিছে, একেলগে নাও খেলিছে আৰু একেলগে বিহুত নাচিছো। এনেতে যেন সিহঁতৰ গাঁৱৰে এজন বুঢ়া বয়সিয়াল মিৰিয়ে সিহঁত দুইকো মাতি আনি কোলাত ললে আৰু সঘনে দুইৰো মুখত চুমা খাই কব ধৰিলে—"বাছাহঁত তহঁতে বৰ দুখ পালি। বাছা তঁহত আৰু এইবাৰ আঁতৰা-আঁতৰি হৈ থাকিব নালাগে। তহঁতৰ সকলো দুঃখৰে ওৰ পৰিল।" এই বুলি যেন সেই মৰমিয়াল বুঢ়াজনে আকৌ সিহঁত দুইকো দুটা চুমা খালে। তাইও যেন তাইৰ চেনেঙক লগতে দেখি মহা আনন্দ লভিল। এনেতে যেন সিফালৰ পৰা চিকণ বিহু হল। এইদৰে সপোনটি দেখি থাকোঁতেই তাৰ সাৰ পালে। সাৰ পাই চকু-মুখ মোহাৰি দেখে যে তাইৰ চেনেঙ ওচৰতে। গলত সাবট মাৰি ধৰি ফুচ্ ফুচ্ কৰি কব ধৰিলে—"জঙ্কি! কেনেকৈ আহিলি?" জঙ্কিয়ে কলে—"পানেই মই যাৰ ঘৰত আছো সিহঁতৰ টোপনি যাওঁতে মই হাতত সাৰে ভৰিত সাৰে উঠি আহিছোঁ। পানেই! মোৰ কনেঙ্! আমি এতিয়া পলাব পাৰিলে হয়। আহোঁতে মই মাৰ-বাপেৰক দেখা কৰিছিলোঁ। মাৰ-বাপেৰেও